কামৰূপ,৩০ এপ্ৰিলঃ কামৰূপ জিলাৰ প্ৰায় ৩ হাজাৰ জোৱানলৈ নামি আহিছে অমানিশা। ১২ ঘন্টা কাম কৰি জোৱানসকলে লাভ কৰিবলগীয়া হৈছে মাত্ৰ ৩০০ টকা। যাৰ বাবে চৰকাৰৰ ওপৰত ক্ষোভ উজাৰিলে সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সমিতিৰ গৃহৰক্ষী জোৱানে। মৃনাল দাস নামৰ গৃহৰক্ষী জোৱানজনে সাংবাদিকৰ আগত জনাই যে ৩০০ টকাতে ১২ ঘন্টাকৈ কাম কৰিবলগীয়া হয়। ইফালে ভয়-ভাবুকিৰে কৰ্মত নিয়োজিত কৰে বুলিও মন্তব্য কৰে গৃহৰক্ষী জোৱানজনে। বহু প্ৰতিবাদ কৰিও স্থায়ী সমাধান নোপোৱা গৃহৰক্ষী জোৱানসকলে চৰকাৰক অতি শীঘ্ৰে ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় গৃহৰক্ষী জোৱানজনে ।
আনহাতে, জোৱানসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰতো গুৰুত্ব বহন কৰিবলৈ জোৱানজনে দাবী জনায় চৰকাৰক ।
আৰু চাবলৈ : বটা চৰাইয়ে দেখুৱাইছে স্বাৱলম্বিতাৰ পথ