ETV Bharat / briefs

নেটফ্লিক্সত মুক্তি লাভ কৰিব 'গুঞ্জন চাক্সেনাঃ দ্যা কাৰ্গিল গাৰ্ল '

author img

By

Published : Jun 9, 2020, 5:12 PM IST

Updated : Jun 10, 2020, 12:28 PM IST

গুঞ্জন চাক্সেনা প্ৰথমগৰাকী মহিলা পাইলট যিয়ে ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত আহত হোৱা জোৱানসকলক উদ্ধাৰৰ বাবে কাম কৰিছিল। যুদ্ধৰ সময়ত সাহসিকতাৰে নিজৰ কাম কৰাৰ বাবে তেখেতক 'সূৰ্য্য বীৰ বঁটা'ৰে সন্মানিত কৰা হৈছিল।

Gunjan saxena: the kargil girl
Gunjan saxena: the kargil girl to premiere on netflix

এণ্টাৰটেইনমেণ্ট ডেস্ক, ৯ জুনঃ 'ওটিটি প্লেটফৰ্ম'ত মুক্তি লাভ কৰিব কৰণ জোহাৰৰ প্ৰযোজনাত নিৰ্মিত ছবি 'গুঞ্জন চাক্সেনাঃ দ্যা কাৰ্গিল গাৰ্ল '। ছবিখনত গুঞ্জন চাক্সেনাৰ চৰিত্ৰত অভিনয় কৰিছে জাহ্নৱী কাপুৰে। মঙলবাৰে ছবি নিৰ্মাতা কৰণ জোহাৰে টুইটাৰযোগে ছবিখন শীঘ্ৰে 'নেটফ্লিক্স'ত মুক্তি লাভ কৰিব বুলি প্ৰকাশ কৰে।

প্ৰযোজক গৰাকীয়ে "Her inspirational journey made history. This is her story. Gunjan Saxena -#TheKargilGirl" বুলি কেপচন দি টুইটাৰযোগে ছবিখন 'ওটিটি প্লেটফৰ্ম'ত মুক্তি লাভ কৰিব বুলি ঘোষণা কৰে।

"বুকুত অযুুত সপোন লৈ ডাঙৰ হোৱা লক্ষ্ণৌৰ যুৱতী গুঞ্জন চাক্সেনা। যিগৰাকী যুৱতীয়ে ডাঙৰ হৈ এগৰাকী পাইলট হোৱাৰ সপোন দেখিছিল। কিন্তু তাই এনে এখন পূথিৱীত বাস কৰিছিল য'ত ছোৱালীয়ে গাড়ী চলোৱাটোও অসম্ভৱ বুলি বিশ্বাস কৰিছিল।"-এনে এক কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন।

গুঞ্জন চাক্সেনা প্ৰথমগৰাকী মহিলা পাইলট যিয়ে ১৯৯৯ চনত কাৰ্গিল যুদ্ধৰ সময়ত আহত হোৱা জোৱানসকলক উদ্ধাৰৰ বাবে কাম কৰিছিল। যুদ্ধৰ সময়ত সাহসীকতাৰে নিজৰ কাম কৰাৰ বাবে তেখেতক 'সূৰ্য্য বীৰ বঁটা'ৰে সন্মানিত কৰা হৈছিল।

'গুঞ্জন চাক্সেনাঃ দ্যা কাৰ্গিল গাৰ্ল ' ছবিখনৰ পৰিচালনা কৰিছে শৰণ শৰ্মাই। ছবিখনত জাহ্নৱী কাপুৰৰ লগতে অভিনয় কৰিছে পংকজ ত্ৰিপাথী, অংগদ বেদী, বিনীত কুমাৰ আৰু মানৱ ৱিজে।

লগতে পঢ়কঃ ক্ৰমাৎ বৃদ্ধি পাইছে বাঘজান তৈলক্ষেত্ৰৰ জুই

Last Updated : Jun 10, 2020, 12:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.