ETV Bharat / briefs

গোলাঘাট জিলাৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ

গোলাঘাট জিলাৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিব লগীয়া দৰিদ্ৰ পৰিয়ালৰ ৪০গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ শিক্ষা, দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰাৰ উদ্দেশ্যৰে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই হাতত লৈছে এই অভিনৱ পদক্ষেপ

author img

By

Published : May 26, 2019, 5:02 PM IST

গোলাঘাট জিলাৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ

গোলাঘাট,২৭মে' : গোলাঘাট জিলাৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী সিদ্ধান্ত । দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাখণ্ডত আগবঢ়ায় লৈ যাবৰ বাবে মহাবিদ্যালয় খনে হাতত লৈছে অভিনৱ পদক্ষেপ । চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিব লগীয়া দৰিদ্ৰ পৰিয়ালৰ প্ৰায় ৪০গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই । ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া ইউনিফৰ্ম, পাঠ্যপুথি, অভিজ্ঞ আৰু উচ্চ প্ৰশিক্ষিত শিক্ষকৰ দ্বাৰা গুণগত শিক্ষা প্ৰদান কৰা হ'ব । ইয়াৰোপৰিও অনুসূচীত জাতিৰ লগতে চাহ জনজাতিৰ ছাত্ৰ-ছাত্ৰীসকলক জলপানীৰো ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য কৰে মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই ।

গোলাঘাট জিলাৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ৰ অভিনৱ পদক্ষেপ

উল্লেখ্য যে, আৰ্থিক দুৰ্বলতাৰ বাবে বহু ছাত্ৰীয়ে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হয় । যাৰ বাব মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই হাতত লৈছে এই পন্থা । যাৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষিত হ'ব পাৰে । ইফালে, উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত মুঠ এশখন আসন থকা মহাবিদ্যালয়খনত শতকৰা ৪০ শতাংশই বিনামূলীয়া শিক্ষা প্ৰদান শিক্ষাৰ্থীসকলৰ বাবে সুবিধা কৰি ৰখা হৈছে বুলি মন্তব্য কৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ অভিজিত তামুলীয়ে ।

Intro: গোলাঘাটৰ এখন ব্যতিক্ৰমী জুনিয়ৰ কলেজ । গোলাঘাট কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ৰ ব্যতিক্ৰমী সিদ্ধান্ত । দৰিদ্ৰ মেধাবী ছাত্র ছাত্ৰীলৈ মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষৰ বাম্পাৰ অফাৰ । দৰিদ্ৰ সীমাৰেখা তলৰ মুঠ ৪০ গৰাকী ছাত্র ছাত্ৰীক বিনামূলীয়াকৈ পঢ়ুৱাব মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষই ।
Body:যি সময়ত গাঁৱে নগৰে গঢ়ি উঠা ব্যক্তিগত খণ্ডৰ জুনিয়ৰ কলেজ সমূহত অত্যাধিক মাচুলৰ বাবে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী সকলে নাম ভৰ্তিৰ পৰা বঞ্চিত হৈ আহিছে । তেনে সময়তে গোলাঘাটৰ কছাৰীহাট কনিষ্ঠ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই দৰিদ্ৰ ছাত্র ছাত্ৰীলৈ আগবঢ়াইছে বাম্পাৰ অফাৰ । চলিত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিব লগীয়া দৰিদ্ৰ ছাত্র ছাত্ৰী সকলক বিনামূলীয়া নামভৰ্তিৰ লগতে মাহেকীয়া মাচুল ৰেহাই দিব । যোগান ধৰিব বিনামূলীয়া ইউনিফৰ্ম ,বিনামূলীয়া পাঠ্যপুথি, অভিজ্ঞ আৰু উচ্চ প্ৰশিক্ষিত শিক্ষকৰ দ্বাৰা গুণগত শিক্ষা প্ৰদান, SC/ST/OBC/MOBC আৰু চাহ জনজাতি ছাত্ৰ ছাত্ৰী বাবে নিশ্চিত ভাৱে জলপানিৰ (Scholarship) ব্যৱস্থাও থাকিব । লগতে আগতীয়া পাঠদান,বাধ্যতামূলক গোট পৰীক্ষা, Carree Guidance & Counseling ৰ ব্যৱস্থা , Spoken English ৰ বাধ্যতামূলক ক্লাছৰ ব্যৱস্থা, বিনামূলীয়া কম্পিউটাৰ ক্লাছ আৰু দক্ষতা বৃদ্ধিৰ বিভিন্ন ব্যৱস্থা আগবঢ়াব মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষই । উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত মুঠ এশ আসন থকা মহাবিদ্যালয় খনত শতকৰা ৪০% ছাত্র ছাত্ৰীক এই সুযোগ প্ৰদান কৰা হব বুলি মহাবিদ্যালয় খনৰ অধ্যক্ষ অভিজিত তামূলীয়ে জানিবলৈ দিয়ে । কছাৰীহাটৰ এই কনিষ্ঠ মহাবিদ্যালয় খনৰ এনে কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে ।
Byte_1_অধ্যক্ষ
Byte_2_শিক্ষয়িত্ৰী
Conclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলি , Etv Bharat , অসম
8638762280
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.