ETV Bharat / briefs

কমলা হেৰিছৰ জয়ত আনন্দ প্ৰকাশ মাহীয়েক ডা০ সৰলা গোপালনৰ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ বিজয়ত আনন্দিত হৈ পৰিছে চেন্নাইৰ তেখেতৰ মাহীয়েক ডা০ সৰলা গোপালন। আৰু তেখেতে কমলা হেৰিছৰ শপতগ্ৰহণত অংশগ্ৰহণ কৰিব বুলি মন্তব্য কৰে ।

feel-very-happy-over-kamala-harris-victory-says-aunt
কমলা হেৰিছৰ জয়ত আনন্দিত মাহীয়েক ডা০ সৰলা গোপালন
author img

By

Published : Nov 8, 2020, 10:50 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ বিজয়ত আনন্দিত হৈ পৰিছে চেন্নাইৰ তেখেতৰ মাহীয়েক ডা০ সৰলা গোপালন আৰু তেখেতে কমলা হেৰিছৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ।

feel-very-happy-over-kamala-harris-victory-says-aunt
কমলা হেৰিছৰ জয়ত আনন্দিত মাহীয়েক ডা০ সৰলা গোপালন

তেখেতে সাংবাদিকৰ আগত জনায়, শনিবাৰে তেখেতে কমলা হেৰিছৰ সৈতে কথা পাতিবলৈ অসমৰ্থ হয়, কাৰণ তেখেতে গোটেই দিনটো নিৰ্বাচনৰ চূড়ান্ত ঘোষণাৰ বাবে অপেক্ষা কৰি আছিল । ইয়াৰ উপৰিও তেখেতে ভাৰাসিদ্ধি বিনায়কৰ মন্দিৰত হেৰিছৰ জয়ৰ বাবে প্ৰাৰ্থনা আগবঢ়াইছে নে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেখেতে কয়, মই যেতিয়াই ভাৰাসিদ্ধি বিনায়কৰ মন্দিৰ দৰ্শন কৰিবলৈ যাও তেতিয়াই মন্দিৰত নাৰিকল ভাঙো । কিন্তু এইবেলা মই ক'ভিড ১৯ৰ বাবে মন্দিৰ দৰ্শন কৰিব নোৱাৰিলো। কিন্তু মোৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদ সদায় কমলাৰ সৈতে আছে ।

কিছুবছৰ পূৰ্বে হেৰিছৰ অনুৰোধত তেখেতে ভাৰাসিদ্ধি বিনায়কৰ মন্দিৰত ১০৮ টা নাৰিকল উচৰ্গা কৰে । উল্লেখ্য যে, কমলা হেৰিছ হ'ল আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি পদত নিযুক্ত প্ৰথম গৰাকী কৃষ্ণবৰ্ণীয় ভাৰতীয় মূলৰ মাৰ্কিন মহিলা ।

লগতে পঢ়কঃ বাক্সাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.