ইণ্টাৰনেশ্বনেল ডেস্ক, ৯ জুনঃ বিশ্বজুৰি কালৰূপ ধাৰণ কৰা কোভিড ১৯ আক্ৰান্ত লোকৰ সংখ্যা ৭১,৮৯,৭৯২ গৰাকীলৈ বৃদ্ধি পাইছে । লগতে, এই মহামাৰীত মৃত্যুমুখত পৰিছে ৪,০৮,২৩৯ গৰাকী লোক । আনহাতে, এই ভাইৰাচৰ পৰা আৰোগ্য লাভ কৰিছে ৩৫,৩০,৭৫১ গৰাকী লোকে।
কিছুদিন পূৰ্বে পাকিস্তানত কোভিড ১৯ আক্ৰান্ত হৈ এদিনতে মৃত্যুমুখত পৰিছে ১০০ গৰাকীৰ অধিক লোক। যেতিয়া দেশখনত প্ৰথমবাৰৰ বাবে লকডাউন ঘোষণা কৰা হৈছিল তেতিয়া মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি হোৱা নাছিল। কিন্তু ক্ৰমাত্ লকডাউনৰ নীতি নিয়ম শিথিল কৰি দিয়াত দেশখনত কোভিড ১৯ আক্ৰান্ত তথা মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে ।
স্বাস্থ্যকৰ্মী আৰু বিৰোধী ৰাজনৈতিক নেতাসকলৰ সমালোচনাৰ পাছতো, দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে লকডাউনৰ নীতি নিয়ম শিথিল কৰি ৰাখে। ২২০ মিলিয়ন দৰিদ্ৰ লোক থকা দেশখনত যদি দীৰ্ঘসময়ৰ বাবে লকডাউন অব্যাহত ৰখা হয় তেন্তে দেশত অৰ্থনৈতিক মন্দাৱস্থাই দেখা দিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লগতে, লকডাউনৰ ফলত দেশৰ দৰিদ্ৰ লোকসকলৰ ওপৰত আটাইটকৈ বেছি প্ৰভাৱ পৰিব বুলি ইমৰাণ খানে মন্তব্য কৰে।
উল্লেখ্য যে, পাকিস্তানত ৩০ শতাংশ লোক দৰিদ্ৰ সীমাৰেখাৰ তলৰ, যিসকলে প্ৰতিদিনে ১.৯৯ আমেৰিকান ডলাৰ অথবা তাতকৈ কম টকা উপাৰ্জন কৰে। তদুপৰি পাকিস্তানৰ অধিক সংখ্যক লোকে মাস্ক পিন্ধা অথবা সামাজিক দুৰত্ব বৰ্তাই ৰখা আদি কোভিড-১৯ সংক্ৰমন ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া সাৱধানতা অৱলম্বন নকৰে। সেয়ে সোমবাৰে নিশা টেলিভিচনৰ জড়িয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ।