বৰপেটা,21 এপ্ৰিলঃ শনিবাৰে বৰপেটাত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমৰ বাবে এই নিৰ্বাচন অতিকৈ গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে৷ মুখ্যমন্ত্ৰীয়ে সত্ৰনগৰী বৰপেটাক ৰেলপথেৰে সংযোগ কৰাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে৷ আনহাতে এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে সৰ্বোচ্চ সংখ্যক আসন লাভ কৰি নৰেন্দ্ৰ মোডী পুনৰ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব বুলি ঘোষনা কৰে৷ সাংবাদিকক উদ্দেশ্যি সোনোৱালে পুনৰ কয় যে, আপোনালোকে লিখি লওক মোডীয়েই হ'ব পুনৰ প্ৰধানমন্ত্ৰী ৷ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত বৰপেটাৰ ৰাইজৰ অৱদান থাকিলে মোডী কৃতজ্ঞ হৈ ৰ'ব বুলিও ব্যক্ত কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷
আনহাতে প্ৰধানমন্ত্ৰী হিচাপে মোডীয়ে গামোছাক বিশ্ব মঞ্চত মৰ্যাদা দি অসমীয়া স্বাভিমানক সন্মান জনোৱাৰ কথাও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷ লগতে এছিয়ান দেশৰ সন্মিলনত মোডীয়ে দহখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানসকলক গামোছাৰে সন্মানিত কৰি গামোছাক বিশ্বমানসত স্থান দিয়া বুলিও মন্তব্য কৰে৷
সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎতত ধৰ্ম আৰু ভাষাৰ নামত কংগ্ৰেছ আৰু ইউ ডি এফে বিভাজনৰ ৰাজনীতি কৰা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে৷ কংগ্ৰেছ শাসনৰ সময়তে দেশত বহু সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছিল আৰু কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিৰ বাবেই বহু নীৰিহ সংখ্যালঘু আৰু খিলঞ্জীয়া লোকে প্ৰান হেৰুৱাব লগা হোৱাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ অসমত এই ঘৃননীয় ইতিহাস কংগ্ৰেছৰ দিনতে ৰচিত হোৱাৰ কথাও উল্লেখ কৰে ৷ বিজেপি সমন্বয়-সম্প্ৰীতিত বিশ্বাসী আৰু কংগ্ৰেছ বিভাজনৰ ৰাজনীতিত জড়িত বাবেই কংগ্ৰেছ আৰু এআইইউডিএফ হতাশগ্ৰস্থ হৈছে৷ আনহাতে, দুটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত কংগ্ৰেছে এখনো আসন নাপাই হতাশ হৈ অবৈধ বিদেশীক নিৰাপত্তা দিয়া ইউ ডি এফৰ শৰনাপন্ন হোৱা বুলিও কংগ্ৰেছৰ বিপক্ষে তীব্ৰ বাক্যবান এৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ কংগ্ৰেছৰ বাবে ইয়াতকৈ লজ্জাজনক কথা আৰু আন একো হ'ব নোৱাৰে বুলিও মন্তব্য কৰে৷