ETV Bharat / briefs

ব্ৰিকছৰ বৈঠকত সন্ত্ৰাসবাদ ৰোধৰ আহ্বান বিদেশ মন্ত্ৰী এ্ছ জয়শংকৰৰ - ব্ৰিকছৰ বৈঠকত সন্ত্ৰাসবাদ ৰোধৰ আহ্বান বিদেশ মন্ত্ৰী এ্ছ জয়শংকৰৰ

ঐতিহাসিক পটভূমিত আৰু প্ৰকৃতি নিৰ্বশেষে, বিৰোধী আৰু কূটনৈতিক মাধ্যমেৰে আন্তৰ্জাতিক আইনৰ আওতাত থাকি ৰাষ্ট্ৰসংঘৰ নীতিৰ মাজত থাকি সকলো বিষয় আলোচনাৰ মাজেৰে সমাধান কৰাটো উচিত ।

ব্ৰিকছৰ বৈঠকত সন্ত্ৰাসবাদ ৰোধৰ আহ্বান বিদেশ মন্ত্ৰী এ্ছ জয়শংকৰৰ
author img

By

Published : Sep 5, 2020, 4:15 PM IST

নতুন দিল্লী. ৫ চেপ্তেম্বৰঃ শুকুৰবাৰে বিদেশ মন্ত্ৰী এছ জয়শংকৰে এখন ভাৰ্চুৱেল বৈঠকত অংশগ্ৰহণ কৰি সন্ত্ৰাসবাদৰ ভাবুকিৰ বিৰুদ্ধে মোকাবিলা কৰাৰ উদ্দেশ্যে ব্ৰিকছৰ পাঁচ সহয়োগী দেশক সহযোগিতা জনাবলৈ আহ্বান জনায়, যত উপস্থিতি আছিল চীনৰ বিদেশ মন্ত্ৰী ৱাং ইও ।

বৈদেশিক মন্ত্ৰীৰ সভাখনত (এম ই এ)ৰ মতে জয়শংকৰে সমসাময়িক বৈশ্বিক বাস্তৱতাৰ আৰু কেই বিলিয়ন মানুহৰ অনুভূতিক সলনি কৰবলৈ হলে ৰাষ্ট্ৰসংঘক সংস্কাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিয়ে ।

তেওঁ বিশ্ব বাণিজ্য সংস্থা, আন্তৰ্জাতিক মুদ্ৰানীধি আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তৰ্জাতিক সংস্থাসমূহৰ সংস্কাৰৰ সমান্তৰালভাৱে স্থায়ী আৰু অস্থায়ী উভয় বিভাগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ বাবে আহ্বান জনায় । পাঁচখন উদীয়মান দেশ ক্ৰমে- ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকাক লৈ গঠন হৈছে ব্ৰিকছ । ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছেৰ্গেই লাভ্ৰভৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ব্ৰাজিলৰ বিদেশ মন্ত্ৰী আৰ্নেষ্টো আৰাজাতো, চীনৰ বিদেশ মন্ত্ৰী ওয়াং, দক্ষিণ আফ্রিকাৰ বিদেশ মন্ত্ৰী গ্রেছ নালেদী পাণ্ডু আৰু ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ উপস্থিত আছিল ।

বৈঠকৰ পিচত জাৰি কৰা এখন যৌথ বিবৃতিত কোৱা হয় যে, মন্ত্ৰী সকলে বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা হিংসাত্মক ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে এই ধৰণৰ ঘটনাই আঞ্চলিক আৰু আন্তৰ্জাতিক স্তৰতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱাৰ কথা প্ৰকাশ কৰিছে ।

তেওঁলোকে ঐক্য়মতত উপনীত হৈছে যে, ঐতিহাসিক পটভূমিত আৰু প্ৰকৃতি নিৰ্বশেষে, বিৰোধী আৰু কূটনৈতিক মাধ্যমেৰে আন্তৰ্জাতিক আইৰ আওতাত থাকি ৰাষ্ট্ৰসংঘৰ নীতিৰ মাজত থাকি সকলো বিষয় আলোচনাৰ মাজেৰে সমাধান কৰাটো উচিত ।

ব্ৰিকছৰ বিদেশমন্ত্ৰীৰ বৈঠকত ভাৰত আৰু চীনৰ দুই সদস্যৰ মাজত চলি থকা উত্তেজনাপূৰ্ণ সীমান্ত বিবাদৰ প্ৰসংগও উত্থাপন হয় । এক বিবৃতিত কোৱা হয় যে, মন্ত্ৰীসকলে সন্ত্ৰাবাদীৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাৰ পৰিকল্পনা কৰাৰ লগতে শত্ৰু সকলক তাত্ক্ষণিকভাবে বশ কৰাৰ ক্ষেত্ৰত ইউ এন এছ চি ৰিজলিউশ্যন (২৫২২) ব্যৱহাৰ কৰাৰ সপক্ষে মত প্ৰকাশ কৰে । বিবৃতিত কোৱা হৈছে যে, মন্ত্ৰী সকলে সন্ত্ৰাসবাদক তীব্ৰ নিন্দা কৰাৰ লগতে সন্ত্ৰাসবাদক কোনো জাতি ধৰ্ম, বৰ্ণ বা দেশ লৈ বেলেগ চকুৰে চাব নালাগে ।

ব্ৰিকছৰ ঘোষণা পত্ৰত তেওঁলোকে আন্তৰ্জাতিক আইন আৰু ৰাষ্ট্ৰ সংঘৰ চনদৰ প্ৰতি থকা শ্ৰদ্ধাৰ ভিত্তিত সন্ত্ৰাসবাদক প্ৰতিহত কৰা উদ্দেশ্যে বিশ্বব্যাপী প্ৰচেষ্টা চলোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হয় আৰু ই প্ৰতিখন ৰাষ্ট্ৰৰ বাবে প্ৰাথমিক দায়িত্ব বুলি স্বীকাৰ কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.