ETV Bharat / briefs

ব্ৰাজিলৰ স্বাস্থ্য বিভাগে চৰকাৰী ৱেবচাইটৰ পৰা আতৰালে কোভিড ১৯ৰ তথ্য - corona virus Brazil update

ব্ৰাজিলত বিগত ২৪ ঘণ্টাত ২৭,০৭৫ গৰাকী ব্যক্তিৰ কোভিড ১৯ পজিটিভ পোৱাৰ লগতে মৃত্যু হৈছে মুঠ ৯০৪ গৰাকী ব্যক্তিৰ। লগতে, এদিনত আৰোগ্য লাভ কৰিছে ১০,২০৯ গৰাকী লোকে।

Brazil
Brazil removes COVID-19 data from govt website
author img

By

Published : Jun 7, 2020, 6:19 PM IST

ইণ্টাৰনেশ্বনেল ডেস্ক, ৭ জুনঃ ব্ৰাজিলৰ স্বাস্থ্য বিভাগে চৰকাৰী ৱেবচাইটৰ পৰা আতৰাই দিলে কোভিড ১৯ মহামাৰীৰ কেইবামাহৰ তথ্য। বিবিচিত প্ৰকাশিত বাতৰি অনুসৰি শনিবাৰে ৰাষ্ট্ৰখনত স্বাস্থ্য বিভাগে তেওঁলোকৰ অফিচিয়েল ৱেবচাইতৰ পৰা প্ৰতিখন ৰাজ্যৰ তথ্যসহ থকা কোভিড ১৯ৰ সকলো তথ্য আতৰাই দিয়ে।

এই সন্দৰ্ভত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়েও মন্তব্য প্ৰকাশ কৰে। "সাচি থোৱা তথ্যই দেশখনে বৰ্তমান যি অৱস্থাত আছে, তাৰ প্ৰতিফলন নকৰে যদিও স্বাস্থ্য বিভাগে কিয় কোভিড ১৯ সম্পৰ্কীয় তথ্য আতৰাই দিলে অথবা নতুনকৈ প্ৰকাশ কৰা নাই সেই সন্দৰ্ভত একো উল্লেখ কৰা নাই" বুলি ৰাষ্ট্ৰপতি জাইৰ বোলচ'নাৰোই টুইটাৰযোগে প্ৰকাশ কৰে। লগতে, তেঁও এই সন্দৰ্ভত অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে।

দেশখনৰ স্বাস্থ্য বিভাগৰ এই সিদ্ধান্তক সাংবাদিকৰ লগতে কংগ্ৰেছৰ সদস্যসকলেও তীব্ৰ সমালোচনা কৰিছে। বিবিচিত উল্লেখ কৰা অনুসৰি ৰাষ্ট্ৰখনত দৈনিক ১০০০ ৰ অধিক লোক মৃত্যুমুখত পৰাৰ খৱৰ প্ৰকাশৰ পাছতেই স্বাস্থ্য বিভাগে কোভিভ ১৯ সম্পৰ্কীয় সকলো তথ্য আতৰাই দিয়ে।

স্বাস্থ্য মন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি ব্ৰাজিলত বিগত ২৪ ঘণ্টাত ২৭,০৭৫ গৰাকী ব্যক্তিৰ কোভিড ১৯ পজিটিভ পোৱাৰ লগতে মৃত্যু হৈছে মুঠ ৯০৪ গৰাকী ব্যক্তিৰ। লগতে, এদিনত আৰোগ্য লাভ কৰিছে ১০,২০৯ গৰাকী লোকে।

উল্লেখ্য যে, কোভিভ ১৯ আক্ৰান্ত বিশ্বৰ ২১৩ খন ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত দ্বিতীয় স্থানত আছে ব্ৰাজিল। বৰ্তমানলৈকে দেশখনত 6,76,494 গৰাকী লোক কোভিড ১৯ আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে 36,044 গৰাকী ৰোগী। বৰ্তমান ৩,৩৮,৩৬৬ গৰাকী ৰোগী চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে 302,084 গৰাকী লোকে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.