ইণ্টাৰনেশ্বনেল ডেস্ক, ১৯ জুনঃ শুকুৰবাৰে পাকিস্তানৰ ঘোটকিৰ সিন্ধ অঞ্চলত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা। এখন বাহনক উদ্দেশ্যি সংস্থাপিত কৰা বোমা বিস্ফোৰণত নিহত হয় তিনিগৰাকী লোক।
এ আৰ ৱাই নিউজত প্ৰকাশ পোৱা বাতৰি অনুসৰি বিস্ফোৰণত নিহত তিনিগৰাকী লোকৰ ভিতৰত আছে সিন্ধ অঞ্চলৰ এজন আৰক্ষী বিষয়া। ঘোট্টা বজাৰ অঞ্চলত ৰেঞ্জাৰজনৰ বাহনক উদ্দেশ্যি দুস্কৃতিকাৰীয়ে বোমাটো সংস্থাপিত কৰিছিল বুলি স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰে।

এই বিস্ফোৰণৰ ঘটনাৰ পাছতে আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়। ইফালে,কোনো সন্ত্ৰাসবাদী সংগঠন অথবা অন্য সংস্থাই এই বিস্ফোৰণ সংঘটিত কৰাৰ কথা স্বীকাৰ কৰা নাই। সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।