কৰিমগঞ্জ, ১৫ ডিচেম্বৰ : কৰিমগঞ্জত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰাক লৈ প্রস্তুতি তুঙ্গত উঠিছে । ইয়াকে লৈ অনুষ্ঠান স্থলীত মঙলবাৰে ভূমি পূজা অনুষ্ঠিত হৈ যায় ।
অহা ২৩ আৰু ২৪ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে কৰিমগঞ্জত অনুষ্ঠিত হ'ব অসম বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা । এই সভাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইজন মন্ত্ৰী আৰু সাংগঠনিক পদাধিকাৰী । কৰিমগঞ্জ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনত এই সভা অনুষ্ঠিত হ'ব । ইতিমধ্যে ইয়াক লৈ কৰিমগঞ্জ জিলা বিজেপিয়ে সকলো প্রস্তুতি আৰম্ভ কৰিছে ।
লগতে পঢ়কঃ অসহায় যুৱতীক ৰক্ষা কৰিবলৈ গৈ আক্ৰমণৰ বলি সাংবাদিক