ETV Bharat / briefs

কংগ্ৰেছত যোগদান কৰিব নেকি হাফিজ ৰফিকুল ইছলামে ?

আব্দুল খালেক সংসদৰ মজিয়ালৈ নিৰ্বাচিত হোৱাৰ পাছতেই এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত খালকে মন্তব্য কৰে কংগ্ৰেছৰ দুৱাৰ সদায় সকলোৰে বাবে খুলা বুলি

কংগ্ৰেছত যোগদান কৰিব হাফিজ ৰফিকুল ইছলামে
author img

By

Published : May 26, 2019, 8:43 PM IST

বৰপেটা, ২৬মে' : লোকসভা নিৰ্বাচনত বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক সংসদৰ মজিয়ালৈ নিৰ্বাচিত হোৱাৰ পাচতে অৱধাৰিত হৈ পৰিল বৰপেটাৰ জনীয়া বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ লোকসভা নিৰ্বাচনত বৰপেটা সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল জনীয়াৰ বিধায়ক আব্দুল খালেকে ৷ জনীয়াৰ বিধায়ক আব্দুল খালেকে প্ৰায় ১ লাখ ৪০ হাজাৰ ভোটৰ ব্যৱধানত অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসক পৰাজিত কৰি দিল্লীলৈ নিৰ্বাচিত হয় ৷ আব্দুল খালেক সংসদৰ মজিয়ালৈ নিৰ্বাচিত হৈ যোৱাৰ লগে লগে খালী হৈ পৰা জনীয়া সমষ্টিৰ বিধায়কৰ আসনখনত এতিয়া নিৱদ্ধ সকলোৰে দৃষ্টি ৷ কংগ্ৰেছৰ ভিতৰুৱা খবৰ মতে ইতিমধ্যে দলৰ ভিতৰৰে ৩২ গৰাকীকৈ নেতাই প্ৰাৰ্থীত্বৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ৷ আনহাতে কংগ্ৰেছ দলৰ লগতে আন দলৰ একাংশ নেতায়ো প্ৰাৰ্থীত্বৰ দাবীৰে কংগ্ৰেছত যোগদান কৰিব বিচৰা বুলিও খবৰ ওলাইছে ৷ শেহতীয়া খবৰ অনুসৰি জনীয়াৰ প্ৰাক্তন বিধায়ক তথা লোকসভা নিৰ্বাচনত আব্দুল খালেকৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত কৰা এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে কংগ্ৰেছত যোগদান কৰিব ৷ জনীয়াৰ উপ নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থীত্বৰ নিশ্চয়তা প্ৰদান কৰিলেই এআইইউডিএফৰ প্ৰাক্তন বিধায়কগৰাকীয়ে যোগদান কৰিব কংগ্ৰেছত ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চলি থকা এনে ভিতৰুৱা কথা-বতৰাবোৰৰ বিপৰীতে দুয়োটা দলে মুকলিকৈ এনে সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে ।

কংগ্ৰেছত যোগদান কৰিব হাফিজ ৰফিকুল ইছলামে

আনকি, জনীয়াৰ কংগ্ৰেছ বিধায়ক তথা বৰপেটাৰ নব নিৰ্বাচিত সাংসদ আব্দুল খালেকে মুকলিকৈ কোনো কথা প্ৰকাশ নকৰি কৌশলী স্থিতিৰে কংগ্ৰেছৰ দুৱাৰ সকলোৰে বাবে খোলা ৰখা বুলি মন্তব্য কৰিছে ৷ আনহাতে এআইইউডিএফৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কংগ্ৰেছত যোগদানক লৈ বৰপেটা জিলা কংগ্ৰেছৰ সৈতে কোনো যোগাযোগ কৰা নাই বুলি প্ৰকাশ কৰিছে কংগ্ৰেছৰ একাংশ নেতাই ৷

Slug:     as_bar_26may_barpeta_rafikul_join_cong_vis+bite+photo_7203841                            
লক্ষ্য জনীয়াৰ উপ নিৰ্বাচনঃ এআইইউডিএফৰ প্ৰাক্তন বিধায়ক ৰফিকুল ইছলামে যোগদান কৰিব নেকি কংগ্ৰেছত !!! 

বৰপেটা, ২৬ মে'ঃ লোকসভা নিৰ্বাচনত বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক সংসদৰ মজিয়ালৈ নিৰ্বাচিত হৈ যোৱাৰ  ফলত অবধাৰিত হৈ পৰিল বৰপেটাৰ জনীয়া বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন ৷ লোকসভাৰ নিৰ্বাচনত বৰপেটা সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল জনীয়াৰ বিধায়ক আব্দুল খালেকে ৷  জনীয়াৰ বিধায়ক  আব্দুল খালেকে প্ৰায় ১ লাখ ৪০ হাজাৰ ভোটৰ ব্যৱধানত অগপ প্ৰাৰ্থী  কুমাৰ দীপক দাসক পৰাজিত কৰি দিল্লীলৈ নিৰ্বাচিত হয় ৷ আব্দুল খালেক  সমসগৰ মজিয়ালৈ নিৰ্বাচিত হৈ যোৱাৰ লগে লগে খালী হৈ পৰা জনীয়া সমষ্টিৰ বিধায়কৰ আসনখনক লৈ এতিয়া চকু সকলোৰে ৷ কংগ্ৰেছৰ ভিতৰুৱা খবৰ মতে ইতিমধ্যে দলৰ ভিতৰৰে ৩২ গৰাকীকৈ নেতাই প্ৰাৰ্থীত্বৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে ৷ আনহাতে কংগ্ৰেছ দলৰ লগতে আন দলৰ একাংশ নেতায়ো প্ৰাৰ্থীত্বৰ দাবীৰে কংগ্ৰেছত যোগদান কৰিব বিচৰা বুলিও খবৰ  ওলাইছে ৷ শেহতীয়া খবৰ অনুসৰি জনীয়াৰ প্ৰাক্তন বিধায়ক তথা লোকসভা নিৰ্বাচনত আব্দুল খালেকৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত নমা এআইইউডিএফৰ প্ৰাৰ্থী হাফিজ ৰফিকুল ইছলামে হেনো যোগদান কৰিব কংগ্ৰেছত ৷ খবৰ অনুসৰি জনীয়াৰ উপ নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থীত্বৰ নিশ্চিতি প্ৰদান কৰিলেই হেনো এআইইউডিএফৰ প্ৰাক্তন বিধায়কগৰাকীয়ে যোগদান কৰিব কংগ্ৰেছত ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত চলি থকা এনে ভিতৰুৱা কথাবতৰাবোৰৰ বিপৰীতে পিছে দুয়োটা দলে মুকলিকৈ এনে সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিছে ৷ 
আনকি জনীয়াৰ কংগ্ৰেছ বিধায়ক তথা বৰপেটাৰ নব নিৰ্বাচিত সাংসদ আব্দুল খালেকে মুকলিকৈ কোনো কথা প্ৰকাশ নকৰি কৌশলী স্থিতিৰে কংগ্ৰেছৰ দুৱাৰ সকলোৰে বাবে খোলা ৰখা বুলি মন্তব্য কৰিছে ৷ আনহাতে এআইইউডিএফৰ প্ৰাক্তন বিধায়কগৰাকীয়ে কংগ্ৰেছত যোগদানক লৈ  বৰপেটা জিলা কংগ্ৰেছৰ সৈতে কোনো যোগাযোগ কৰা নাই বুলি প্ৰকাশ কৰিছে কংগ্ৰেছৰ একাংশ নেতাই ৷ অবশ্যে ৰফিকুলৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা থকা বুলি প্ৰকাশ কৰিছে কং নেতাসকলে ৷ কংগ্ৰেছ নেতাসকলৰ দাবী বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ অথবা বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানৰ দৰে নেতাই এআইইউডিএফ ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰাৰ পিচত কংগ্ৰেছত যোগদানৰ বাহিৰে তেওলোকৰ অন্য পথ খোলা নাই বুলিও মন্তব্য কৰে ৷ এনে পৰিপ্ৰেক্ষিতত জনীয়াৰ এআইইউডিএফৰ প্ৰাক্তন বিধায়কগৰাকীৰ কংগ্ৰেছ গমনক লৈ একো অস্বাভাৱিক তা নাই ৷ অবশ্যে  ৰফিকুল ইছলামে সঁচাকে কংগ্ৰেছত যোগদান কৰিব নে এয়া এআইইউডিএফক বদনামী কৰাৰ কংগ্ৰেছী ৰণকৌশল সেয়া জানিবলৈ আমি বাট চাব লাগিব পৰৱৰ্তী সময়লৈ ৷    

বাইটঃ আব্দুল খালেক
বাইটঃ বৰপেটা জিলা কং নেতা ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, ফটো আৰু বাইট ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.