নিউজ ডেস্ক, 22 এপ্ৰিলঃ সোমবাৰে জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা শুল্ক বিভাগে এজন অষ্ট্ৰেলিয়ান নাগৰিকক গ্ৰেপ্তাৰ কৰে ৷ অষ্ট্ৰেলিয়ান নাগৰিকজনে ছেটেলাইট ফোন লগত ৰখাৰ বাবে শুল্ক বিভাগে তেখেতক গ্ৰেপ্তাৰ কৰে ৷
আটকাধীন অষ্ট্ৰেলিয়ান নাগৰিকজন স্কট প'ল বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষী উপায়ুক্ত ৰাহুল জেইনে জনোৱা অনুসৰি বিমান বন্দৰত নিয়মীয়া তালাচীৰ সময়ত অষ্ট্ৰেলিয়ান নাগৰিকজনক শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে চাঙ্গানেৰ আৰক্ষী চকীত ঘটনা সন্দৰ্ভত তদন্ত অব্যহত আছে বুলি জনাই আৰক্ষী উপায়ুক্ত জনে ৷