মৰাণ,১৬ ডিচেম্বৰ : জনজাতিকৰণৰ দাবীত মৰাণত আটাছুৰ মটৰচাইকেল ৰেলী ৷ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক । বিভিন্ন সময়ত জনগোষ্ঠী কেইটাই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে যদিও এই প্ৰতিবাদক যেন গুৰুত্ব নিদিয়া হৈছে চৰকাৰখনে ।
![জনজাতিকৰণৰ দাবীত প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07:01:34:1608125494_a-moran-8046to8049-moranbikerallybyatasuatmoran-as10031_16122020183008_1612f_1608123608_84.jpg)
বুধবাৰে টাই আহোম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে টাই আহোমক জনজাতিকৰণৰ দাবীত মৰাণত এক বাইক ৰেলী বাহিৰ কৰে । আটাছুৰ ডিব্ৰুগড় আৰু চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত মৰাণ নগৰৰ বিভিন্ন অঞ্চলত সংগঠনটোৰ শতাধিক কৰ্মকৰ্তাই জনজাতিকৰণ কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ।
![জনজাতিকৰণৰ দাবীত আটাছুৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/07:01:33:1608125493_a-moran-8046to8049-moranbikerallybyatasuatmoran-as10031_16122020183008_1612f_1608123608_549.jpg)
মৰাণ নগৰৰ মাজমজিয়াৰ পৰা উলিওৱা এই ৰেলীৰ শুভাৰম্ভ কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিটুল বুঢ়াগোঁহায়ে । কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক দেৱজিৎ গগৈ আৰু সাংগঠনিক সম্পাদক ভাস্কৰ বৰগোঁহাই উপস্থিত থকা এই প্ৰতিবাদী কাৰ্যসূচীত কেইবাখনো আঞ্চলিক আৰু শাখা সমিতিয়ে অংশগ্ৰহণ কৰে ।
লগতে চাওক : খোৱাঙৰ ব্যৱসায়ীয়ে নিজ মুখেৰে ব্যক্ত কৰিলে আক্ৰমণৰ কাহিনী