গুৱাহাটী,৩০জুন : আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত হোৱা এবিধ বিশেষ কাছ । যাৰ নাম অসমী দুৰা কাছ । এই কাছবিধক বিশেষ ৰূপত অংকিত কৰি তুলিছে নৱ-প্ৰজন্মৰ এজন যুৱকে । যুৱকজনৰ নাম ৰূপাঙ্কৰ ভট্টাচাৰ্য ৷ মুখত পেঁপা, ডিঙিত গামোচা আৰু পিঠিত জাপিৰে নতুন ৰূপত যুৱকজনে অংকিত কৰিছে অসমী দুৰা কাছৰ আৰ্হি । চাও আহক, এই সন্দৰ্ভত আমাৰ সাংবাদিকে যুগুতোৱা এক বিশেষ প্ৰতিবেদন ...
যুৱকৰ হাতত প্ৰাণ পালে অসমী দুৰা কাছই - পেঁপা
মুখত পেঁপা, ডিঙিত গামোচা আৰু পিঠিত জাপিৰে নতুন ৰূপত ৰূপাঙ্কৰ ভট্টাচাৰ্য নামৰ যুৱকজনে অংকিত কৰিছে অসমী দুৰা কাছৰ আৰ্হি
যুৱকৰ হাতত প্ৰাণ পালে অসমী দুৰা কাছই
গুৱাহাটী,৩০জুন : আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমাদৃত হোৱা এবিধ বিশেষ কাছ । যাৰ নাম অসমী দুৰা কাছ । এই কাছবিধক বিশেষ ৰূপত অংকিত কৰি তুলিছে নৱ-প্ৰজন্মৰ এজন যুৱকে । যুৱকজনৰ নাম ৰূপাঙ্কৰ ভট্টাচাৰ্য ৷ মুখত পেঁপা, ডিঙিত গামোচা আৰু পিঠিত জাপিৰে নতুন ৰূপত যুৱকজনে অংকিত কৰিছে অসমী দুৰা কাছৰ আৰ্হি । চাও আহক, এই সন্দৰ্ভত আমাৰ সাংবাদিকে যুগুতোৱা এক বিশেষ প্ৰতিবেদন ...
Intro:মুখত পেঁপা, ডিঙিত গামোচা আৰু পিঠিত জাপি লৈ নতুন ৰূপত অসমী দুৰা কাছৰ আৰ্হি। এগৰাকী যুৱ শিল্পীৰ স্পৰ্শত নতুন ৰূপ পাইছে অসমী দুৰা কাছৰ আৰ্হি। গঁড়ৰ লগতে অসমী দুৰা কাছক অসমৰ প্ৰতীক হিচাপে বিশ্ববাসীৰ ওচৰত চিনাকি কৰাই দিয়াৰ প্ৰয়াস যুৱ শিল্পী গৰাকীৰ।
Body:ৰূপঙ্কৰ ভট্টাচাৰ্য নামৰ এইগৰাকী যুৱ শিল্পীয়ে অসমী দুৰা কাছৰ আৰ্হি নিৰ্মান কৰিছে নতুন ৰূপত। ৰূপঙ্কৰে নিৰ্মান কৰা অসমী দুৰা কাছৰ আৰ্হিত কাছৰ মুখত পেঁপা, ডিঙিত গামোচা আৰু পিঠিত অংকন কৰিছে জাপি। কিন্তু ৰূপঙ্কৰে কিয় নিৰ্মান কৰা অসমী দুৰা কাছৰ আৰ্হিক প্ৰদান কৰিছে কৰিছে এই ৰূপ?
অসম সমগ্ৰ বিশ্বতে এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত যদিও গঁড়ৰ উপৰিও অসম অন্যান্য বহু বন্যপ্ৰাণীৰ বিচৰণস্থলী। গঁড়ক অসমত যিদৰে প্ৰাধান্য প্ৰদান কৰা হয় অন্যান্য প্ৰাণীৰ ক্ষেত্ৰত তেনে দেখিবলৈ পোৱা নাযায়। অসমৰ নৈ-পুখুৰী আৰু আদ্ৰভূমি সমূহত এটা সময়ত বিভিন্ন প্ৰজাতিৰ কাছৰ উভৈনদী আছিল। উপযুক্ত সংৰক্ষণৰ অভাৱত অসমৰ নৈ-পুখুৰী আৰু আদ্ৰভূমি সমূহৰ পৰা বহু প্ৰজাতিৰ কাছ ইতিমধ্যে বিলুপ্তি ঘটিছে। অসমী দুৰা কাছ অসমৰ নৈ-পুখুৰী আৰু আদ্ৰভূমি সমূহত উপলব্ধ এনে এক কাছৰ প্ৰজাতি যায় নামৰ লগত সংলগ্ন হৈ আছে অসমৰ নাম। অসমৰ নাম সংলগ্ন হৈ থকাৰ পিছতো অসমী দুৰা কাছ যিদৰে গুৰুত্ব লাভ কৰিব লাগিছিল তেনে গুৰুত্ব পোৱা নাই। অসমী দুৰা কাছৰ সংৰক্ষণৰ লগতে ইয়াৰ গুৰুত্ব আৰু প্রচাৰৰ বাবে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰূপঙ্কৰ ভট্টাচাৰ্য নামৰ এইগৰাকী যুৱ শিল্পীয়ে। শিল্পী গৰাকীয়ে অসমী দুৰা কাছৰ আৰ্হি নিৰ্মান কৰি কাছৰ পিঠিত অংকন কৰিছে জাপি, ডিঙিত পিন্ধাইছে গামোচা আৰু মুখত পেঁপা সংস্থাপন কৰি বজাৰত মেলি দিছে ৰাইজৰ বাবে।
বাইট ১: ৰূপঙ্কৰ ভট্টাচাৰ্য
গঁড়ৰ লগতে অসমী দুৰা কাছৰ এই আৰ্হিয়ে এফালে অসমৰ প্ৰতিনিধিত্ব কৰাৰ লগতে আনফালে এই প্ৰজাতিৰ কাছৰ সংৰক্ষণৰ প্ৰতিও চৰকাৰ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত সন্থা সমূৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি ৰূপঙ্কৰ আশাবাদী। ৰূপঙ্কৰে নিৰ্মান কৰা অসমী দুৰা কাছৰ আৰ্হিয়ে ইতিমধ্যে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ। বহু প্ৰতিষ্ঠানে ৰূপঙ্কৰৰ নিৰ্মিত অসমী দুৰা কাছৰ আৰ্হি ক্ৰয় কৰিছে।
বাইট ২: ৰূপঙ্কৰ ভট্টাচাৰ্য
Conclusion:ৰূপঙ্কৰ শিল্পী হোৱাৰ লগতে হেল্প আৰ্থ নামৰ বন্যপ্ৰাণী সংৰক্ষণৰ এটি বেচৰকাৰী সন্থাৰ লগতো জড়িত। অসমী দুৰা কাছৰ আৰ্হি বিক্ৰী কৰি পোৱা ধন ৰূপঙ্কৰ হেল্প আৰ্থ বেচৰকাৰী সন্থাৰ মাধ্যমেৰে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে ব্যয় কৰে।