ETV Bharat / briefs

এদিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চাহ বাগিচা সমূহ ! - Tea estate

অসমৰ চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধি নকৰাৰ ক্ষোভত অখিল ভাৰতীয় চাহ মজদূৰ সংঘ (অসম)ই অহা ৩০ ছেপ্টেম্বৰত ৰাজ্যৰ বাগিচা সমূহৰ শ্ৰমিক সকলক ধৰ্মঘটত বঢ়িবৰ বাবে জনাইছে আহ্বান ।

Assam tea estates Strick
এদিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চাহ বাগিচা সমূহ !
author img

By

Published : Sep 26, 2020, 3:59 PM IST

তেজপুৰ,২৬ ছেপ্টেম্বৰ : অসমৰ চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধি নকৰাৰ বাবে অখিল ভাৰতীয় চাহ মজদূৰ সংঘ (অসম)ই অহা ৩০ ছেপ্টেম্বৰত ৰাজ্যৰ বাগিচা সমূহৰ শ্ৰমিক সকলক ধৰ্মঘটত বঢ়িবৰ বাবে জনাইছে আহ্বান । ২০২১ ৰ বিধান সভা নিৰ্বাচনত অসমৰ চাহ শ্ৰমিকে উত্তৰ দিব শাসকীয় বিজেপিক ৷
শনিবাৰে তেজপুৰত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভা কক্ষত অনুষ্ঠিত এক সংবাদ মেলত অখিল ভাৰতীয় চাহ মজদূৰ সংঘৰ সাধাৰণ সম্পাদক দীনেশ নায়ক আৰু ৰয়েল চৰেঙে এই কথা ঘোষণা কৰে । সংঘই উল্লেখ কৰে, অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে চাহ শ্ৰমিক সকলক ৩৫০.০০ টকাৰ দৈনিক মাজুৰি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব । কিন্তু চৰকাৰ গঠন হৈ যোৱাৰ পিছতো এই চৰকাৰখনে মজুৰি বৃদ্ধিৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ চৰকাৰৰ এই মিছা প্ৰতিশ্ৰুতিৰ প্ৰতিবাদত শ্ৰমিক সকলৰ যৌথ সংগ্ৰাম সমিতিয়ে ২০১৮ চনৰ ২০ আগষ্টত পালন কৰিছিল বাগিচা ধৰ্মঘট ৷ এয়াৰ পিছতেই একেটা বছৰতে দৈনিক মজুৰী মাত্ৰ ৩০.০০ টকা বৃদ্ধি কৰিলে যদিও দুমাহৰ মজুৰিৰ পৰা চাহ শ্ৰমিক সকলক বঞ্চিত কৰিছিল বুলি অভিযোগ উত্থাপিত কৰিছে । পৰৱৰ্তী সময়ত ২০১৯ চনতো ৩৫১.৩৩ টকা মজুৰি সন্দৰ্ভত বিজেপি চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।

সংবাদ মেলখনত তেওঁলোকে উল্লেখ কৰে যে, চৰকাৰখনে শ্ৰমিক সকলক দুই ধৰণে প্ৰৱঞ্চনা কৰিলে ; এটা হ'ল ৩৫১.৩৩ টকা মজুৰি দিয়াৰ প্ৰতিশ্ৰুতি আৰু আনটো হল আগতে পাই থকা মজুৰিৰ পৰাও ৩০ টকাকৈ কমাই দিয়া । উল্লেখযোগ্য যে, ১৯৪৮ চনৰ মজুৰি আইন মতে প্রতি ৬ মাহৰ মূৰে মূৰে বস্তুৰ মূল্য বৃদ্ধিৰ লগত সংগতি ৰাখি শ্ৰমিকৰ মজুৰিৰ লগত মৰগীয়া ভাট্ট যোগ দিব লাগে । চাহ বাগিচাত প্ৰতি ৩ বছৰৰ মূৰে মূৰে এক চুক্তিৰ জৰিয়তে মজুৰি বৃদ্ধি কৰাৰ এক নিয়ম চলি আহিছিল ; যত প্ৰত্যেক বছৰৰ ১ জানুৱাৰীৰ পৰা ডিচেম্বৰ লৈ এটা নিৰ্দিষ্ট পৰিমাণ আৰু দুটা বছৰৰ বাবেও বৃদ্ধিৰ পৰিমাণ আগতেই নিৰ্ধাৰণ কৰা হয় বুলি চৰেঙে উল্লেখ কৰে ।
আনহাতে প্রসূতিৰ বাবে ঘোষণা কৰা ১২,০০০ টকাৰ আঁচনিখনো বিফল হোৱা বুলি উল্লেখ কৰিলে সংবাদ মেলখনত। উল্লেখযোগ্য যে, দেশৰ ভিতৰতে অসমৰ চাহ বাগিচা সমূহতেই প্রসূতিৰ মৃত্যুৰ হাৰ সৰ্বাধিক ।

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালক সৰ্বকালৰ ব‍্যৰ্থ মুখ‍্যমন্ত্ৰী আখ্যা অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.