এণ্টাৰটেইমেণ্ট ডেস্ক, ২৩ জুনঃ অভিনেতা অনুপম খেৰে মংগলবাৰে মাতৃ দুলাৰী আৰু ভাতৃ ৰাজুৰ সৈতে নৃত্য কৰি থকা এটা ভিভিঅ' ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰে। এটা সুন্দৰ ট্ৰেকৰ সৈতে তিনিওগৰাকীয়ে নৃত্য কৰি থকা ভিভিঅ'টো শ্বেয়াৰ কৰে অভিনেতাগৰাকীয়ে।
![Anupam Kher presents 'mother of all dances'](https://etvbharatimages.akamaized.net/etvbharat/prod-images/02:41:42:1592903502_7734900_823_7734900_1592902638443.png)
বলিউড জগতৰ জ্যেষ্ঠ অভিনেতাগৰাকীয়ে "THE 'MOTHER' OF ALL DANCES" বুলি কেপশ্বন লিখি ভিভিঅ'টো শ্বেয়াৰ কৰে। উক্ত ভিডিঅ'টোত অনুপম খেৰৰ মাতৃক হালধীয়া ৰঙৰ ছেলৱাৰ কামিজ পিন্ধি থকা দেখা গৈছে। আনহাতে, অভিনেতা অনুপম খেৰ আৰু ৰাজুক টি-চাৰ্ট আৰু চৰ্টচ পিন্ধি থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে।
- " class="align-text-top noRightClick twitterSection" data="
">
অনুপম খেৰে ভিভিঅ'টো শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত লিখে যে, "I am 100% sure you are not even looking at #BittuAndRaju! Enjoy my friends!! ऐसी चीज़ें रोज़ रोज़ देखने को नहीं मिलती। "
অভিনেতাগৰাকীয়ে এই ভিভিঅ'টো ইনষ্টাগ্ৰামত আপলোড কৰাৰ ডেৰ ঘণ্টা পাছতে প্ৰায় ৭০ হাজাৰৰ অধিক লোকে প্ৰত্যক্ষ কৰে।
লগতে পঢ়ক : আহি আছে প্ৰকাশ ঝাৰ 'পৰীক্ষা'