ETV Bharat / briefs

আপোনালোক বাংলাদেশলৈ যাব নে ভাৰতত থাকিবঃ বদৰুদ্দিন আজমল

ভোটাৰ সকলৰ উদ্দেশ্যে আজমলৰ আহ্বান, "আপোনালোকে বাংলাদেশলৈ যাব নে ভাৰতত থাকিব ৷ " এই কথাষাৰৰ দ্বাৰা একপ্ৰকাৰ সংখ্যালঘু ভোটাৰক লৈ বাংলাদেশীৰ নামত ভয় ভীতি দেখুৱাই এ আই ইউ ডি এফক ভোট দি আজমলক সাংসদ নিৰ্বাচিত কৰিবলৈ আহ্বান জনালে আজমলে!!

আজমল ভয় ভীতিৰ ৰাজনীতি
author img

By

Published : Apr 12, 2019, 7:23 PM IST

ধুবুৰী, 12 এপ্ৰিলঃ "এই যুদ্ধ অস্তিত্বৰ যুদ্ধ । আপোনালোকে বাংলাদেশলৈ যাব নে ভাৰতত থাকিব !" এই মন্তব্য এ আই ইউ ডি এফ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ । শুকুৰবাৰে ধুবুৰীৰ গোলকগঞ্জৰ বেলগুৰিত এক দলীয় নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি ভয় ভীতিৰে ৰাজনীতিত নামিল আজমল। ভাৰতত থাকিবলৈ হ'লে এ আই ইউ ডি এফক সমৰ্থন কৰিবলৈ পৰোক্ষভাবে ভোটাৰক আহ্বান জনাই আজমলে । সভাত উপস্থিত সংখ্যালঘু ভোটাৰ সকলৰ উদ্দেশ্যে আজমলৰ আহ্বান, "আপোনালোকে বাংলাদেশলৈ যাব নে ভাৰতত থাকিব ৷ " এই কথাষাৰৰ দ্বাৰা একপ্ৰকাৰ সংখ্যালঘু ভোটাৰক লৈ বাংলাদেশীৰ নামত ভয় ভীতি দেখুৱাই এ আই ইউ ডি এফক ভোট দি আজমলক সাংসদ নিৰ্বাচিত কৰিবলৈ আহ্বান জনোৱাৰ অভিযোগ সাধাৰণ ৰাইজৰ ৷

Intro: আজমলৰ ভয় ভীতিৰ ৰাজনীতি। পূৰ্বে কংগ্ৰেছে সংখ্যালঘু ভোটাৰক লৈ ভয় ভীতিৰ এক কুটিল ৰাজনীতি কৰি অহাৰ পিছত এইবাৰ ভয় ভীতিৰ কুটিল ৰাজনীতি আৰম্ভ কৰিছে আজমলে। ভাৰতত থাকিবলৈ এ আই ইউ ডি এফক সমৰ্থন কৰিবলৈ পৰোক্ষ ভাবে ভোটাৰক আহ্বান আজমলৰ।

Body: নিৰ্বাচন আহিলেই একাংশ ৰাজনৈতিক দলে সংখ্যালঘু ভোটাৰক লৈ আৰম্ভ কৰে বিভিন্ন ধৰণৰ প্ৰলোভনৰ ৰাজনীতি। আৰম্ভ কৰে ভয় ভীতিৰ ৰাজনীতি। স্বাধীনতাৰ বিগত সত্তৰ বছৰে কংগ্ৰেছে সংখ্যালঘু ভোটাৰক লৈ বিভিন্ন প্ৰকাৰৰ প্ৰলোভনৰ ৰাজনীতি আৰু ভয় ভীতি দেখুৱাই ভোট সংগ্ৰহ কৰি আহিছে। কংগ্ৰেছৰ একেই পথে যাত্ৰা কৰিছে ২০০৫ চনত গঠন হোৱা আজমল নেতৃত্বাধীন ৰাজনৈতিক দল এ আই ইউ ডি এফ। বিগত প্ৰায় বাৰ বছৰে সংখ্যালঘু ভোটাৰক লৈ ৰাজনীতি কৰি অহাৰ দৰে এইবেলি লোকসভা নিৰ্বাচনৰ পূৰ্বে আজমলে আৰম্ভ কৰিছে ভয় ভীতিৰ ৰাজনীতি।
বদৰুদ্দিন আজমলে আজি ধুবুৰীৰ গোলকগঞ্জৰ বেলগুৰি অঞ্চলত অনুষ্ঠিত হোৱা এক দলীয় নিৰ্বাচনী সভাত নিজৰ প্ৰচাৰৰ বাবে অংশ গ্ৰহণ কৰে বদৰুদ্দিন আজমলে। হেলিকপ্টাৰ যোগে নিৰ্বাচনী সভাত অংশ লৈ এই যুদ্ধ অস্তিত্বৰ যুদ্ধ বুলি উল্লেখ কৰে নিজৰ ভাষণত।
এইখিনি লৈকে ঠিকেই আছিল। কিন্তু এইবাৰ শুনক আজমলে সংখ্যালঘু ভোটাৰ সকলক কি কৈ জনালে আহ্বান।

হয়, আপুনি ঠিকেই শুনিছে। সংখ্যালঘু ভোটাৰক উদ্দেশ্যি আজমলৰ আহ্বানঃ আপোনালোকে বাংলাদেশত যাব নে ভাৰতত থাকিব। এই কথাষাৰৰ দ্বাৰা একপ্ৰকাৰ সংখ্যালঘু ভোটাৰক লৈ বাংলাদেশীৰ নামত ভয় ভীতি দেখুৱাই এ আই ইউ ডি এফক ভোট দি আজমলক সাংসদ নিৰ্বাচিত কৰিবলৈ আহ্বান জনালে আজমলে।

Conclusion: মুঠৰ ওপৰত যুগ যুগ ধৰি বিভিন্ন ৰাজনৈতিক দলে সংখ্যালঘু ভোটাৰক লৈ বিভিন্ন প্ৰকাৰৰ প্ৰলোভনৰ ৰাজনীতি কৰাৰ বিপৰীতে এতিয়া আৰম্ভ কৰিছে ভয় ভীতিৰ ৰাজনীতি। যদিওঁ সচেতন ভোটাৰ ৰাইজেহে গ্ৰহণ কৰিব গুৰুত্বপূৰ্ণ ভূমিকা।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.