ETV Bharat / briefs

যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ ২১ তম দীক্ষান্ত সমাবৰ্তন

যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় ২১ তম দীক্ষান্ত সমাবৰ্তন, অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে সভাপতিত্ব কৰে আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰা

কৃষি বিশ্ববিদ্যালয়ত পালন ২১ তম দীক্ষান্ত সমাবৰ্তন
author img

By

Published : May 4, 2019, 4:14 PM IST

যোৰহাট,৪মে' : শনিবাৰে যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় ২১ তম দীক্ষান্ত সমাবৰ্তন । ৰাজ্যপাল জগদীশ মূখীয়ে সভাপতিত্ব কৰা এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰা । এই অনুষ্ঠানত নেছনেল অকাডেমি অৱ এগৰিকাৰ্ছাৰেল চাইন্সৰ সভাপতি আৰু জান্সি আৰ.এল.বি.কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য্য ডঃ প্ৰণৱ সিং, আৰু অসমৰ কৃষি খণ্ডৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা ধ্ৰুৱজ্যোতি শৰ্মাক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সন্মানীয় ডক্টৰ অৱ চাইন্স ডিগ্ৰী প্ৰদান কৰা হয় । অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কয় যে "এটা সময় আছিল খেতিয়কৰ সন্তান বুলিলে মানুহে মোক ভাল দৃষ্টিৰে চোৱা নাছিল । মই খেতিয়কৰ সন্তান । দেশ আৰু ৰাজ্যক প্ৰগতিশীল কৰিবলৈ হ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে কৃষি । কৃষি অবিহনে এটা জাতি আগবাঢ়ি যাব নোৱাৰে । অসমৰ দৰে সাৰুৱা মাটিত আমি কেনেদৰে একেডৰা মাটিতে বেছি খেতি কৰিব পাৰো তাত গুৰুত্ব দিয়া উচিত" ।

কৃষি বিশ্ববিদ্যালয়ত পালন ২১ তম দীক্ষান্ত সমাবৰ্তন

আনহাতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীয়ে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ বাবে বিভিন্ন আঁচনি লোৱাৰ কথাও উল্লেখ কৰে । এই পদক্ষেপৰ অংশস্বৰূপে কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে বিশ্ববিদ্যালয়ৰ ৬২ জন ছাত্ৰ-ছাত্ৰীক ২০ দিনৰ বাবে বিদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে ১৮ গৰাকী শিক্ষকক ৩ মাহৰ বাবে বিদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে । লগতে উপাচাৰ্যগৰাকীয়ে ৭৩ হাজাৰ কৃষকক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰি বিশ্ববিদ্যালয়খনে উন্নয়নৰ বাবে ৪কোটি টকা লাভ কৰা বুলিও উল্লেখ কৰে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক দীক্ষান্মা সমাবৰ্তন/ উপস্থিত  ৰাজ্যপাল, মুখ্যমন্ত্ৰী।।

এটা সময় আছিল খেতিয়কৰ সন্তান বুলিলে মানুহে ভাল দৃষ্টিৰে চোৱা নাছিল।মই য়ো খেতিয়কৰ সন্তান।দেশ আৰু ৰাজ্যৰ প্ৰগতিশীল কৰিবলৈ হলে আটাইতকৈ গূৰুত্বপুৰ্ণ কৃষি।কৃষি অবিহনে এটা জাতি আগবাঢ়ি যাব নোৱাৰে।অসমৰ দৰে খাৰুৱা মাটিত আমি কেনেদৰে একে ডৰা মাটিতে বেছি খেতি কৰিব পাৰো তাত গূৰূত্ব দিব লাগিব।এই ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে অধিক গুৰুত্ব আৰোপ কৰিব লাগিব।আজি যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ ২১ তম দীক্ষান্ত সমাবৰ্তনত অংশগ্ৰহণ কৰি এইদৰে কয়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

দেশ তথা ৰাজ্যৰ কৃষি খণ্ডৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহা যোৰহাট স্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাবৰ্তন অ
৪ মে তাৰিখে অনুষ্ঠিত হয়।  এই অনুষ্ঠানত সভাপতিত্ব কৰে ৰাজ্যৰ ৰাজ্যপাল জগদীশ মূখীয়ে।
অনুষ্ঠান ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰা।
এই অনুষ্ঠানতে নেছনেল অকাডেমি অফ এগৰিকছাৰেল চাইন্সৰ সভাপতি আৰু জান্সি আৰ এল বি কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ চেঞ্চলৰ ডঃ প্ৰণৱ সিং, আৰু অসমৰ কৃষি খণ্ডৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙনি আগবঢ়োৱা ধ্ৰুৱ জ্যোতি শৰ্মাক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সন্মানীয় ডক্টৰ অফ চাইন্স ডিগ্ৰী প্ৰদান কৰা হয়। আনহাতে এই সমাবৰ্তনত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ৯৫১ জন ছাত্ৰ ছাত্রীক ডিগ্ৰী প্ৰদান কৰা হয়।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কমল মল্ল বুজৰবৰুৱাই  ভাষন প্ৰসংগত  কয় যে, যোৱা ২ টা বছৰত বিশ্ববিদ্যালয়ৰ পৰা সফলতাৰে উত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক এই ডিগ্ৰী প্ৰদান কৰা হয়। বিগত দিন সমূহত বিশ্ববিদ্যালয়ৰ সমাবৰ্তন বহু বছৰ ধৰি বিভিন্ন কাৰণত অনুষ্ঠিত হোৱা নাছিল যদিও এতিয়া ইয়াক প্ৰত্যেক বছৰে অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰা হৈছে। বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ বহু উন্মতি হৈছে। পূৰ্বতে ধনৰ অভাৱৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় বহু পাছ পৰি গৈছিল যদিও পূৰ্বৰ সেই পৰিবেশ এতিয়া নাই। এতিয়া বিশ্ববিদ্যালয়ৰ সকলো কৰ্মচাৰী তথা শিক্ষক সকলে নিজৰ দৰমহা লাভ কৰি আহিছে। যাৰ ফলত কৰ্মউদ্বোম বৃদ্ধি পাইছে সকলোৰে।
তদুপৰি বিশ্ববিদ্যালয়ৰ এতিয়া যথেষ্ট উন্নতি ও সম্ভৱ হৈছে। বিশ্ববিদ্যালয়ৰ অধীনত এতিয়া ৪ খন নতুন কলেজ হৈছে। তদুপৰি ৩ খন পুৰণা কলেজ নতুনকৈ বনোৱা হৈছে। ৰহা ফিছাৰী কলেজ, লখিমপুৰ ভেটেনেৰী কলেজ, বিশ্বনাথ ৰ এগৰিকছাৰেল কলেজৰ কাম চলি আছে। আৰু অতি সোনকালে তিতাবৰত চেৰী কাল্চাৰেল কলেজ আৰম্ভ কৰা হব। আনহাতে ধুবুৰী শৰৎ চন্দ্ৰ সিংহ এগৰিকছাৰেল কলেজৰ কামো আৰম্ভ হৈছে।
তদুপৰি বড়োলেণ্ডত কলেজ অফ ফৰেষ্ট্ৰী আৰু সৰভোগ ত ডায়েৰী বিজ্ঞান কলেজ আৰম্ভ কৰা হব। তদুপৰি বৰাক উপত্যকাৰ বাবে পৃথক কৈ এখন কৃষি বিশ্ববিদ্যালয়ৰ স্থাপনৰ চিন্তা চৰ্চা চলি আছে। আৰু ইয়াৰ বাবে ইতিমধ্যে মাটি চোৱা কাম আৰম্ভ হৈছে। বিগত দুটা বছৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ২০ টাকৈ ভেৰাইটি উদ্ভাৱন কৰা হৈছে।আনহাতে উপচাৰ্য গৰাকীয়ে কয় যে, বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক সকলৰ বাবে বিভিন্ন আঁচনি লৈছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই।
এই পদক্ষেপ ৰ অংশ স্বৰূপে বিশ্ববিদ্যালয়ৰ ৬২ জন ছাত্ৰ ছাত্রীক ২০ দিনৰ বাবে বিদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে ১৮ গৰাকী শিক্ষকক ৩ মাহৰ বাবে বিদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। যাতে কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে জ্ঞান আদান প্ৰদান কৰা হয়। উপাচাৰ্য গৰাকীয়ে লগতে কয় যে, ইতিমধ্যেই ৭৩ হাজাৰ কৃষকক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ট্ৰাইবেল অঞ্চলত কৃষি খণ্ডৰ উন্নয়নৰ বাবে পদক্ষেপ লৈছে বিশ্ববিদ্যালয় খনে। যাৰ বাবে বিশ্ববিদ্যালয় খনে লাভ কৰিছে ৪ কোটি টকা। উল্লেখযোগ্য যে যোৱা ২ বছৰত অসম কৃষি বিশ্ববিদ্যালয় খনে অনুষ্ঠিত কৰিছে ১০ খনকৈ আন্তঃৰাষ্ট্ৰীয় মিটিং। আনহাতে চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা বিশ্ববিদ্যালয়ত আৰম্ভ হব ফুড নিউট্ৰিচন ৰ শ্ৰেণী।
৪ বছৰৰ এই কৰ্ছত প্ৰথম অৱস্থাত ৩০ জন ছাত্ৰ ছাত্রীক স্থান দিয়া হব।
আনহাতে বিশ্ববিদ্যালয়ত এটা এগৰী মিউজিয়াম স্থাপনৰ কাম চলাই থকা হৈছে। যত কৃষিৰ সকলো সামগ্ৰী সংৰক্ষণ কৰা হব।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.