কলিয়াবৰ, 23 মে': বৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বাইপাছত পথ অতিক্ৰম কৰিবলৈ লোৱা অৱস্থাত AS 01AH 8547 এখন ৱেগনাড় গাড়ীক বিপৰীত দিশৰ পৰা অহা এখন WB 02T 0381 নম্বৰৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত চিটিকি পৰে গাড়ী খন ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বেগনাৰ গাড়ীখনৰ চালকজন ৷ সংকটজনক অৱস্থাত তেওঁক বৰঘাট আৰক্ষীয়ে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
বৰ্তমানলৈ বেগনাৰ গাড়ীখনৰ আৰোহীজনক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ লগতে দুৰ্ঘটনাটোত আনখন গাড়ীৰ আৰোহীজনো সামান্যভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ৷