নলবাৰী,14 অক্টোবৰ: নলবাৰীৰ স্বাভিমান তথা অসম গৌৰৱ গণ শিল্পী আদ্য শৰ্মাৰ নামত উৎসৰ্গা কৰা গুৰুজী আদ্য শৰ্মা উদ্যানখন দীৰ্ঘদিনে পৰিত্যক্ত অৱস্থাত আছিল ৷ ক্ৰমাৎ এলাগী হৈ পৰা উদ্যানখন বুধবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ একাংশ সদস্য আৰু কেইগৰাকীমান সাংবাদিকে হাতে-কামে লাগি চাফ-চিকুণ কৰে ৷ নলবাৰী পৌৰসভা অথবা জিলা প্ৰশাসনৰ দ্বাৰা অৱহেলিত গণশিল্পী গৰাকীৰ স্মৃতিত নিৰ্মাণ কৰা উদ্যানখনৰ চাফাই কাৰ্যত উপস্থিত থাকে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মনসহ কেইবাজনো ছাত্ৰ নেতাৰ উপৰিও সাংবাদিক নকুল তালুকদাৰ, ফটো সাংবাদিক টিংকুমণি বৰ্মন, ৰাজু দাসকে ধৰি কেইবাজনো সাংবাদিক ৷
নলবাৰী চহৰৰ মাজমজিয়াত থকা মহীৰূহ আদ্য শৰ্মাৰ স্মৃতিত ২০১৫ চনত নিৰ্মাণ কৰা হৈছিল গুৰুজী আদ্য শৰ্মা উদ্যান । জিলা প্ৰশাসনৰ তত্বাৱধানত থকা এই উদ্যান সম্পৰ্কে জিলা প্ৰশাসন তথা পৌৰ প্ৰশাসন নিৰ্লিপ্ত হৈ থকাত বুধবাৰে সকলোৱে হাতে-হাতে দা-কোৰ-বাঢ়নী আদি লৈ চাফাই অভিযান চলায় ৷
লগতে পঢ়ক:প্ৰাপ্তি অপ্ৰাপ্তিৰ আশাত 36 বছৰীয়া হ'ল আঞ্চলিক দল অসম গণ পৰিষদ