গুৱাহাটী, ৯ জুনঃ ৰাজ্যত ২,৯৩৭ জনলৈ বৃদ্ধি পালে কোভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা। মঙলবাৰে বিয়লি ৭ বজালৈ এদিনত ১০২ জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। পুনৰ ৬৯ গৰাকী লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি।
ৰাজ্যত পুনৰ ৬৯ জনৰ দেহত কোভিড-১৯ উপস্থিতি নতুনকৈ কোভিড-১৯ পজিটিভ পোৱা লোকসকলৰ ভিতৰত ১৩ গৰাকী কামৰূপ মেট্ৰ'ৰ, ১১ গৰাকী যোৰহাটৰ, ৯ গৰাকী নগাঁৱৰ, ৮ গৰাকী হোজাইৰ, কৰিমগঞ্জ আৰু ধেমাজীৰ ৫ গৰাকীকৈ, লক্ষিমপুৰ আৰু গোলাঘাটৰ ৪ গৰাকীকৈ, ৩ গৰাকীকৈ হাইলাকান্দি আৰু কামৰূপ গ্ৰাম্যৰ লগতে, কাচাৰ, দৰং, শোণিতপুৰ আৰু দক্ষিণ শালমাৰাৰ ১ জনকৈ লোকৰ দেহত পোৱা গৈছে কোভিড-১৯ ৰ বিজাণু। বৰ্তমান ৰাজ্যত কৰ'ণা ভাইৰাছত আক্ৰান্ত মুঠ ২৯৩৭ গৰাকী লোকৰ ভিতৰত বৰ্তমান চিকিত্সাধীন অৱস্থাত আছে ২১৪৫ গৰাকী লোক। আনহাতে, এই মহামাৰীত ৫ গৰাকী লোক মৃত্যুমুখত পৰাৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৭৮৪ গৰাকী লোক।
লগতে পঢ়কঃ বাঘজানলৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন প্ৰেৰণ ভাৰতীয় বায়ু সেনাৰ