ETV Bharat / briefs

অমৰনাথলৈ ৰাওনা হ'ব নলবাৰীৰ ৩৭ গৰাকী ভক্ত - অমৰনাথ যাত্ৰা

নলবাৰীৰ অমৰনাথ ভোলে সেৱা দলে আজি নলবাৰীত বিশ্বশান্তিৰ বাবে এক ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়৷ উক্ত শোভাযাত্ৰাত অমৰনাথলৈ ৰাওনা হ'বলগীয়া যাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাসে৷

অমৰনাথলৈ ৰাওনা হ'ব নলবাৰীৰ ৩৭ গৰাকী ভক্ত
author img

By

Published : Jun 25, 2019, 8:08 AM IST

নলবাৰী, 25 জুন: নলবাৰীৰ অমৰনাথ ভোলে সেৱা দলে আজি নলবাৰীত বিশ্বশান্তিৰ বাবে এক ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়৷ উক্ত শোভাযাত্ৰাত অমৰনাথলৈ ৰাওনা হ'বলগীয়া যাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাসে৷ এই শোভাযাত্ৰা উদ্বোধন কৰি নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাসে কয় যে, মহাদেৱেই হ'ল পৰম ব্ৰহ্ম । অৰ্থাৎ য'ত জীৱ ত'ত শিৱ । মহাদেৱ নিৰাকাৰ । সকলোতে তেওঁ বিদ্যমান৷ ইয়াৰ লগতে দাসে অমৰনাথ যাত্ৰী সকলৰ যাত্ৰা সফল হোৱাৰ বাবে পৰম ব্ৰহ্মৰ ওচৰত প্ৰাৰ্থনা জনায়৷

অমৰনাথলৈ ৰাওনা হ'ব নলবাৰীৰ ৩৭ গৰাকী ভক্ত

নলবাৰী অমৰনাথ ভোলে সেৱা দলৰ বিষ্ণু সূত্ৰধৰ আৰু ধৰ্মেশ্বৰ হালৈয়ে তেওঁলোকৰ ভোলে সেৱা দলৰ ৩৭ গৰাকী যাত্ৰী ২৬ জুনত অমৰনাথৰ বৰফানি বাবাৰ লিংগ দৰ্শনৰ বাবে যাত্ৰা কৰিব বুলি জানিবলৈ দিয়ে৷ সুদীৰ্ঘ ২৬ বছৰ ধৰি এই ভোলে সেৱা দলে অমৰনাথ যাত্ৰা কৰি আহিছে৷ তেওঁলোকে এইবাৰ পেহেলগামেৰে ৩৬ কিলোমিটাৰ দুৰ্গম পথ খোজ কাঢ়ি যাত্ৰা কৰি অমৰনাথ গুহা দৰ্শন কৰিব ৷ এই উপলক্ষে নলবাৰী নাট্য মন্দিৰৰ পৰা এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়৷ এই শোভাযাত্ৰা অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Slug Amarnath Rally
24june
Story ftp

##অমৰনাথলৈ ৰাওনা হব নলবাৰীৰ ৩৭ গৰাকী ভক্ত।
## বিশ্ব শান্তিৰ বাবে উলিওৱা হয় ধৰ্মীয় শোভাযাত্ৰা ।

VO= নলবাৰীৰ অমৰনাথ ভোলে সেৱা দলে আজি নলবাৰীত বিশ্বশান্তিৰ বাবে এক ধৰ্মীয় শোভাযাত্ৰা উলিয়ায়।এই শোভাযাত্ৰা উদ্বোধন কৰি নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাসে কয় যে-মহাদেৱেই হল পৰম ব্ৰহ্ম।অৰ্থাৎ যত জীৱ তত শিৱ।মহাদেৱ নিৰাকাৰ ।সকলোতে পোৱা যায়।ধৰ্মই মানুহক আধ্যাত্মিক ধাৰণা আৰু চেতনাৰে উদ্বুদ্ধ কৰে।দাসে অমৰনাথ যাত্ৰী সকলক শুভেচ্ছা প্ৰদান কৰি তেওঁলোকৰ যাত্ৰা সফল হোৱাৰ বাবে পৰম ব্ৰহ্মৰ ওচৰত প্ৰাৰ্থনা কৰে।নলবাৰী অমৰনাথ ভোলে সেৱা দলৰ বিষ্ণু সূত্ৰধৰ আৰু ধৰ্মেশ্বৰ হালৈয়ে জানিব দিয়ে যে তেওঁলোকৰ ভোলে সেৱা দলৰ ৩৭ গৰাকী ভোলে(যাত্ৰী) এইবেলি ২৬ জুনত অমৰনাথৰ বৰফানি বাবাৰ লিংগ দৰ্শনৰ বাবে যাত্ৰা কৰিব।এইবেলি তেঁওলোকৰ  ২৬ তম যাত্ৰা।সুদীৰ্ঘ ২৬ বছৰ ধৰি এই ভোলে সেৱা দলে অমৰনাথ যাত্ৰা কৰি আহিছে।তেওঁলোকে এইবাৰ পেহেলগামেৰে ৩৬ কিলোমিটাৰ দুৰ্গম পথ খোজ কাঢ়ি যাত্ৰা কৰি অমৰনাথ গুহা দৰ্শন কৰিব।এই উপলক্ষে নল নাট্য মন্দিৰৰ পৰা এক ধৰ্মীয় শোভাযাত্ৰা কৰে। ইফালে সন্ধিয়া বন্তি প্ৰজ্জ্বলন আৰু আশীষ গ্ৰহণ অনুষ্ঠান।  আশীষ প্ৰদান অনুষ্ঠানত কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিছে।নিশা   ধৰ্মীয় গীতৰ আধাৰত  সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব ।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.