নলবাৰী, ৪ মাৰ্চ : অবৈধ ড্ৰাগছৰ ঘাটিত পৰিণত নলবাৰী চহৰ। নলবাৰী আৰক্ষীৰ তৎপৰতাত এজন এজনকৈ ধৰা পৰিছে ড্ৰাগছ সৰবৰাহকাৰী।
নলবাৰীৰ জাগাৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ পাচতেই এইবাৰ আৰক্ষীৰ হাতত ধৰা পৰিছে মাৰাত্মক আফিং। শিৱৰাত্ৰিৰ দিনা গ্ৰাহকৰ মাজত বিতৰণৰ বাবে অনা হৈছিল আফিংখিনি। সোমবাৰে পুৱাই গোপন সূত্ৰৰ পম খেদি নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে আফিংখিনি। আফিংসহ আৰক্ষীৰ হাতত ধৰা পৰে আব্দুল ৰেজ্জাক নামৰ এজন সৰবৰাহকাৰী। জব্দকৃত আফিংখিনিৰ মূল্য ডেৰ কিলগ্ৰাম বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
উল্লেখ্য যে, ফেব্ৰুৱাৰী মাহৰ পৰা বৰ্তমানলৈ নলবাৰী চহৰত চাৰিটাকৈ ড্ৰাগছৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।