ETV Bharat / breaking-news

ৰাজ্যত প্ৰলয়ংকাৰী বানৰ কবলত 13 খন জিলাৰ 3.18 লাখ লোক

author img

By

Published : Sep 29, 2020, 7:25 PM IST

দুৰ্যোগ প্ৰশমণ বিভাগে সদৰি কৰা মতে, ৰাজ্যৰ মুঠ 389 খন গাঁও জলমগ্ন হোৱাৰ উপৰিও 13,463 হেক্টৰ কৃষিভূমি নষ্ট হৈছে এই বানত ।

assam-flood-situation-deteriorates-3-dot-18-lakh-people-affected-in-13-districts
ৰাজ্যত প্ৰলয়ংকাৰী বানৰ কবলত ১৩ খন জিলাৰ ৩.১৮ লাখ লোক !

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ: ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অসমৰ বান পৰিস্থিতিয়ে । সোমবাৰে ৰাজ্যৰ 13 খন জিলাৰ প্ৰায় 3.14 লাখ লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে । ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বিভাগে সদৰি কৰা মতে, এই প্ৰলয়ংকাৰী বানত নগাঁও জিলাৰ ৰহা অঞ্চলৰ এজন লোকৰ মৃত্যু ঘটিছে ।

উল্লেখ্য যে, চলিত বৰ্ষত ৰাজ্যত বৰ্তমানলৈকে বানৰ কবলত 119 গৰাকী লোক মৃত্যুমুখত পৰিছে । বানৰ কৱলত পৰা জিলাসমূহৰ ভিতৰত ধেমাজি, লখিমপুৰ, বিশ্বনাথ, কামৰূপ, মৰিগাঁও, হোজাই, নগাঁও, মাজুলী, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলা বানত অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে । দুৰ্যোগ বিভাগে সদৰি কৰা মতে, ৰাজ্যৰ মুঠ 389 খন গাঁও জলমগ্ন হোৱাৰ উপৰিও 13,463 হেক্টৰ কৃষিভূমি বানত নষ্ট হৈছে ।

সম্প্ৰতি 13 টা বান শিবিৰত বানাক্ৰান্তসকলে আশ্ৰয় গ্ৰহণ কৰি আছে । আনহাতে যোৰহাটৰ নিমাতীঘাট আৰু তেজপুৰত ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: অক্টোবৰৰ পৰা আৰম্ভ হ'ব মালিগাঁও উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.