ETV Bharat / bharat

ZyCoV-D প্ৰতিষেধকে লাভ কৰিলে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন - বায়টেকনলজি বিভাগৰ কভিড সুৰক্ষা মিছন

জাইডাছ কেডিলাই নিৰ্মাণ কৰা জাইকোভি-ডি প্ৰতিষেধকক জৰুৰীকালীন ব্যৱহাৰৰ বাবে অনুমোদন দিছে ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে । এই জাইকোভি-ডি প্ৰতিষেধক ১২ বছৰ বা তাৰ ঊৰ্ধৰ বয়সৰ লোকক প্ৰদান কৰিব পৰা যাব । এই প্ৰতিষেধক হৈছে বিশ্বৰ প্ৰথম ডিএনএ-আধাৰিত প্ৰতিষেধক ।

ZyCoV D
১২ বছৰ উৰ্ধৰ বয়সৰ লোকেও ল'ব পাৰিব প্ৰতিষেধক
author img

By

Published : Aug 21, 2021, 10:30 AM IST

নেশ্যনেল ডেস্ক, ২১ আগষ্ট : দেশবাসীৰ বাবে ভাল খবৰ । আন এক কৰ'ণাৰ প্ৰতিষেধকে লাভ কৰিছে অনুমোদন । ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে (Drug Controller General of India) দিছে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন ।

এই নতুন প্ৰতিষেধকটো হৈছে জাইডাছ কেডিলাই (Zydus Cadila) নিৰ্মাণ কৰা জাইকোভি-ডি (ZyCoV-D) । ভাৰতত নিৰ্মাণ হোৱা এই জাইকোভি-ডি প্ৰতিষেধক ১২ বছৰ বা তাৰ উৰ্ধৰ বয়সৰ লোকক প্ৰদান কৰিব পৰা যাব । বায়'টেকন'ল'জি বিভাগে (Department of Biotechnology) শুকুৰবাৰে এই কথা সদৰি কৰি কয় যে এই প্ৰতিষেধক হৈছে বিশ্বৰ প্ৰথম ডিএনএ-আধাৰিত প্ৰতিষেধক (DNA-based vaccine) ।

জাইকোভি-ডিৰ তিনি পালি লোৱাৰ সময়ত ই শৰীৰত ভাইৰাছৰ স্পাইক প্ৰ'টিন প্ৰস্তুত কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব । ক'ভিডৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাৰ লগতে ভাইৰেল ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । চৰকাৰৰ বায়'টেকন'ল'জি বিভাগে লগতে কয় যে প্ৰতিষেধকটোৰ 'প্লাগ-এণ্ড-প্লে' প্ৰযুক্তিয়ে সঘনাই পৰিৱৰ্তন হোৱা ভাইৰাছৰ ধৰণৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ'ব ।

উল্লেখ্য যে বায়'টেকন'ল'জি বিভাগৰ ক'ভিড সুৰক্ষা মিছনৰ সহযোগত নিৰ্মাণ কৰা হৈছে এই প্ৰতিষেধক । জৈৱ প্ৰযুক্তি বিভাগে জনোৱা মতে ৰাষ্ট্ৰীয় বায়'ফাৰ্মা মিছনৰ জৰিয়তে প্ৰথম আৰু দ্বিতীয় ক্লিনিকেল পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ তদুপৰি ক'ভিড সুৰক্ষা মিছনৰ সহযোগত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষা সম্পন্ন কৰা হৈছে ।

ইতিমধ্যে ভাৰতত নিৰ্মিত দুটাকৈ প্ৰতিষেধক ক'ভিশ্বিল্ড (Covishield) আৰু কোভাক্সিনৰ (Covaxin) জৰিয়তে দেশত বিশেষ টীকাকৰণ অভিযান চলাই থকা হৈছে । কিন্তু এই দুটা প্ৰতিষেধক ১৮ বছৰ ঊৰ্ধৰ বয়সৰ ব্যক্তিকহে প্ৰদান কৰা হৈ আছে । যাৰ বাবে শিশুসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আশংকাত ভূগি আছিল অভিভাৱকসকল ৷

এতিয়াও কেইবাটাও প্ৰতিষেধকৰ পৰীক্ষণ চলি আছে । জাইকোভি-ডিয়ে অনুমোদন লাভ কৰাৰ লগে লগে এতিয়া ১২ বছৰীয়া কিশোৰ-কিশোৰীসকলেও গ্ৰহণ কৰিব পাৰিব ক’ভিড প্ৰতিষেধক । নিশ্চিতভাৱে এই খবৰে এতিয়া সকলো অভিভাৱককে আনন্দিত কৰি তুলিছে ।

লগতে পঢ়ক : সন্ত্ৰাসবাদীৰ অস্তিত্ব স্থায়ী নহয়ঃ প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.