ETV Bharat / bharat

প্ৰেমিকাক হত্যা কৰি হোৱাটছএপত ষ্টেটাছ লগালে যুৱকে - Girlfriend body recover in hotel

চেন্নাইৰ ক্ৰমপেটত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । প্ৰেমিকাক হত্যা কৰি হোৱাটছএপ ষ্টেটাছত প্ৰেমিকাৰ মৃতদেহৰ ফটো লগালে যুৱকে । ৫ বছৰ ধৰি সম্পৰ্কত আছিল দুয়োগৰাকী । দুয়ো গোপনে বিবাহ পাশত আৱদ্ধও হৈছিল ।

Chennai murder case
প্ৰেমিকাক হত্যা কৰি হোৱাটছএপত ষ্টেটাছ লগালে যুৱকে
author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 2:36 PM IST

নেশ্যনেল ডেস্ক,২ ডিচেম্বৰ : তামিলনাডুৰ চেন্নাইত ভয়ংকৰ ঘটনা । প্ৰেমিকাক হত্যা কৰি মৃতদেহৰ ফটো হোৱাটছএপ ষ্টেটাছত লগালে অভিযুক্ত যুৱকে । এখন হোটেলৰ কোঠাত উদ্ধাৰ প্ৰেমিকাৰ মৃতদেহ ।

জানিব পৰা মতে ক্ৰমপেটৰ চিএলচি ৱৰ্কচ ৰোডৰ এখন হোটেলত এই কৰুণ ঘটনাটো সংঘটিত হৈছে । ভুক্তভোগী যুৱতীগৰাকী নাৰ্চিং প্ৰতিষ্ঠানৰ ছাত্ৰী আছিল । প্ৰেমিকৰ হোৱাটছএপ ষ্টেটাছত যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগে বন্ধুবৰ্গৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । লগে লগে তেওঁলোকে আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰে ।

ভুক্তভোগী যুৱতীগৰাকীৰ বয়স ২০ বছৰ বুলি জানিব পৰা গৈছে । আনহাতে হত্যাকাৰী যুৱকজন ২০ বছৰীয়া আশিক বুলি চিনাক্ত হৈছে । দুয়ো কেৰালাৰ কোল্লামৰ বাসিন্দা । তথ্য লাভ কৰাৰ পাছতে শুকুৰবাৰে পুৱা প্ৰায় ১০ মান বজাত আৰক্ষী হোটেলখনত উপস্থিত হয় আৰু অনুসন্ধান আৰম্ভ কৰে । য'ত হোটেলৰ কোঠাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হয় । ইফালে আৰক্ষীৰ তদন্তৰ মাজতে দম্পতীটোৰ পূৰ্বৰ সমস্যাপূৰ্ণ ইতিহাসৰ তথ্য পোহৰলৈ আহিছে ।

জানিব পৰা মতে ৫ বছৰ ধৰি সম্পৰ্কত থকা আশিকে যুৱতীগৰাকীৰ সৈতে গোপনে বিবাহপাশত আৱদ্ধ হৈছিল । ইফালে নিউ কলনিৰ হোষ্টেলত বাস কৰা দ্বিতীয় বৰ্ষৰ নাৰ্চিং শিক্ষাৰ্থীগৰাকী যোৱা ৩ দিন ধৰি মহাবিদ্যালয়ত উপস্থিত নাছিল ।

জানিব পৰা মতে তেওঁলোকৰ মাজত কাজিয়া হৈছিল । ফোনত আন মহিলাৰ সৈতে আশিকৰ ফটো পোৱাৰ পাছতে তেওঁলোকৰ প্ৰচণ্ড কাজিয়া হৈছিল । খঙত আশিকে যুৱতীগৰাকীৰ মুখত টি-চাৰ্টেৰে হেঁচি ধৰিছিল আৰু শ্বাসৰুদ্ধ কৰি যুৱতীগৰাকীক আশিকে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । আনকি যুৱতীগৰাকীৰ মৃতদেহৰ এখন ফটোও আশিকে হোৱাটছএপ ষ্টেটাছত লগাইছিল ।

ভুক্তভোগী যুৱতীগৰাকীৰ একাংশ বন্ধুৱে সন্ধিয়া আৰক্ষীক বিষয়টো অৱগত কৰে । ইফালে আৰক্ষীৰ অনুসন্ধানত দম্পতীটোৰ আন এক ৰহস্যও পোহৰলৈ আহিছে । দুবছৰ পূৰ্বে আশিকৰ বিৰুদ্ধে ভুক্তভোগী যুৱতীগৰাকীয়ে কেৰালা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল । পকচো আইনৰ অধীনত আশিকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ প্ৰেৰণো কৰা হৈছিল ।

আশিক কাৰাগাৰৰ পৰা মুকলি হোৱাৰ পাছত তেওঁলোকৰ মাজত বুজাবুজি হৈছিল আৰু যুৱতীগৰাকীৰ সৈতে আশিকে সম্পৰ্ক ৰাখিছিল । কিন্তু কি কাৰণত তেওঁলোকৰ মাজত পুনৰ মনোমালিন্য হ'ল সেয়া সকলোৰে বাবে ডাঙৰ প্ৰশ্ন । অৱশ্যে জঘন্য হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য সম্পৰ্কে আৰক্ষীয়ে তদন্ত কৰি আছে । এই অপৰাধত আন কোনো জড়িত আছিল নেকি সেয়াও আৰক্ষীয়ে অনুসন্ধান কৰি আছে । ইতিমধ্যে মৃতদেহটো ক্ৰমপেট চৰকাৰী চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । এই ঘটনাটোৰ পাছত এতিয়া সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :হোজাইত 31 শ টকাৰ বাবে যুৱকক ছুৰীৰে হানি খুচি হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.