নেশ্যনেল ডেস্ক, 14 এপ্ৰিল : কৰ্ণাটকত চাঞ্চল্যকৰ ঘটনা ৷ জন্মদিনৰ দিনাই প্ৰেমিকৰ হাতত প্ৰাণ গ’ল প্ৰেমিকাৰ ৷ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটোৱে এতিয়া সম্প্ৰতি লাভ কৰিছে বিশেষ চৰ্চা (Young woman killed by her boyfriend) ৷ ঘটনাৰ স্থান কৰ্ণাটকৰ বেংগালুৰু বুলি জানিব পৰা গৈছে ৷ কৰ্ণাটক আৰক্ষীয়ে ইতিমধ্যে বেংগালুৰুত প্ৰেমিকাৰ জন্মদিন উদযাপন কৰি হত্যা কৰাৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে বুলি শনিবাৰে আৰক্ষীৰ লোকে প্ৰকাশ কৰে (Mysterious murder in Bengaluru) ।
প্ৰেমিকৰ হাতত মৃত্যু হোৱা যুৱতীগৰাকীৰ নাম নব্যা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ২৪ বছৰীয়া নব্যা ৰাজ্যৰ আৰক্ষী বিভাগৰ আভ্যন্তৰীণ নিৰাপত্তা বিভাগত কেৰাণী হিচাপে কাম কৰিছিল । ইয়াৰ বিপৰীতে ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা অভিযুক্ত তথা প্ৰেমিকৰ নাম প্ৰশান্ত বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত তথা প্ৰেমিক প্ৰশান্ত কনকাপুৰাৰ বাসিন্দা ।
ঘটনা সন্দৰ্ভত অধিক জানিবলৈ দি আৰক্ষীয়ে নব্যা আৰু প্ৰশান্তৰ মাজত ছবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল বুলি উল্লেখ কৰে । তদুপৰি, নব্যা আৰু প্ৰশান্ত দুয়ো দূৰৈৰ আত্মীয় আছিল বুলি জানিবলৈ দিয়ে । যোৱা মঙলবাৰৰ দিনা নব্যাই জন্মদিন পালন কৰিছিল যদিও প্ৰশান্তই ব্যস্ত বুলি কৈ নব্যাৰ জন্মদিনৰ অনুষ্ঠানত উপস্থিত নাছিল ।
পৰৱৰ্তী সময়ত শুকুৰবাৰে নিশা অভিযুক্তই নব্যাৰ জন্মদিন পালন কৰে । তেওঁ কেক এটা কিনি নব্যাক উপহাৰ দিছিল আৰু নব্যাই কেকটো কাটিছিল । কেক কটা পৰ্ব শেষ হোৱাৰ পিচতে নব্যাৰ ডিঙি ৰেপি প্ৰশান্তই তেওঁক হত্যা কৰে ।
বৰ্তমান আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত । মৃতদেহটো স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল । ঘটনা সন্দৰ্ভত অভিযুক্তই আৰক্ষীক জানিবলৈ দিয়া মতে, নব্যাই অন্য ব্যক্তিৰ সৈতে কথা পাতি থকাৰ বাবে তেওঁৰ সন্দেহ বাঢ়ি ধৈৰ্যচ্যুত হৈ পৰিছিল আৰু সন্দেহৰ বশৱৰ্তী হৈ অভিযুক্তই এনে সিদ্ধান্ত গ্ৰহণ কৰে বুলি স্বীকাৰোক্তি কৰে ৷ তদুপৰি, দুয়োজনে বিষয়টোক লৈ বহুবাৰ বাক-বিতণ্ডাত লিপ্ত হৈছিল বুলিও উল্লেখ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।
লগতে পঢ়ক : Rangali Bihu of Assam : আজি পহিলা ব'হাগ: পৰম্পৰা ৰক্ষা কৰি তেজপুৰত মানুহ বিহু পালন