ETV Bharat / bharat

Bharat Jodo Yatra in Kota : ৰাহুল গান্ধীৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা যুৱকৰ

ৰাজস্থানত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাৰ সময়ত অঘটন । তেওঁৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা এজন যুৱকৰ (Young man tried to commit suicide)। যুৱকজনক ততালিকে এখন এম্বুলেন্সত ঝালাৱাৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।

author img

By

Published : Dec 8, 2022, 10:15 AM IST

Bharat Jodo Yatra in Kota
ৰাহুল গান্ধীৰ সন্মুখতে আত্মহত্যাৰ চেষ্টা যুৱকৰ

নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে (Congress Bharat Jodo Yatra)। ইতিমধ্যে নেতাগৰাকীৰ নেতৃত্বত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দল উপস্থিত হৈছে ৰাজস্থানত (Congress Bharat Jodo Yatra in Rajasthan)। ৰাজস্থানত ৰাহুল গান্ধীয়ে যাত্ৰা কৰি থকাৰ সময়তে অঘটন ।

যাত্ৰাৰ সময়ত তেওঁ কোটাত থকা ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ কথা আছিল । কিন্তু প্ৰতিমূৰ্তিৰ সমীপতে এজন যুৱকে আত্মহত্যাৰ চেষ্টা কৰে । নিজৰ গাৰ কাপোৰত অগ্নি সংযোগ কৰি আত্মহত্যাৰ চেষ্টা কৰে যুৱকজনে (Young man tried to commit suicide in Kota)। যাৰ বাবে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ।

যুৱকজনে আনকি ৰাহুল গান্ধীৰ বিৰোধী বুলিও দাবী কৰে । এই ঘটনা সংঘটিত হোৱাৰ বাবে ৰাহুল গান্ধীয়ে প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে যাব নোৱাৰিলে । যুৱকজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে । যুৱকজনক ততালিকে এখন এম্বুলেন্সত ঝালাৱাৰ ৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছে । আৰক্ষী আৰু চিআইডিৰ দল চিকিৎসালয়ত উপস্থিত হৈছে বুলি জানিব পৰা গৈছে ।

আনহাতে, ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই ৰাজস্থানত পঞ্চম দিনত ভৰি দিলে । এই যাত্ৰা পুৱা ঝালাৱাৰ ৰোডৰ অনন্তপুৰা স্বগত গেটৰ পৰা আৰম্ভ হৈছে । য'ৰ পৰা ৰাহুল গান্ধীয়ে ১ দিনৰ ভিতৰত পুৱাৰ ভাগত ৰংপুৰ স্কোৱেৰৰ পৰা ২৩ কিলোমিটাৰ খোজ কাঢ়িব আৰু সন্ধিয়া তেওঁ কোনো ভ্ৰমণ নকৰে । যাত্ৰা সমাপ্ত কৰাৰ পাছতে, ৰাহুল গান্ধী চৱাই মাধোপুৰলৈ ৰাওনা হ'ব ।

যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে ৰাহুল গান্ধীয়ে অনন্তপুৰাত নিৰ্মিত ছুটি উৰণীয়া সেঁতু পৰিদৰ্শন কৰে । নগৰ উন্নয়ন ন্যাসে শেহতীয়াকৈ ইয়াক ভাৰত জোড়ো সেতু নাম দিছে (Bharat Jodo bridge in Rajasthan)। য'ত ৰাহুল গান্ধীয়ে ছবি অংকন কৰিছে ।

ইফালে ৰাজস্থানত ৰাহুল গান্ধীৰ সৈতে মুখ্যমন্ত্ৰী অশোক গেহলট, ৰাষ্ট্ৰীয় সংগঠনৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল, পিচিচি প্ৰধান গোবিন্দ সিং দোতাচাৰা, প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলট, ৰণদীপ সুৰজেৱালা, মন্ত্ৰী শান্তি ধাৰিৱাল, খনি মন্ত্ৰী প্ৰমোদ জৈন ভায়া আদি বহু নেতাই যাত্ৰা অব্যাহত ৰাখিছে । ইয়াৰ লগতে কংগ্ৰেছ কৰ্মীসকলেও বিভিন্ন স্থানত ৰাহুল গান্ধীক আদৰণি জনাইছে ।

চিটী মল উৰণীয়া সেঁতুৰ সমীপত বহু সংখ্যক শিক্ষাৰ্থীয়েও এই যাত্ৰাত অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও ৰাহুল গান্ধীয়ে উৰণীয়া সেঁতু সমীপত ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্মাণ কৰা এখন মঞ্চত উপস্থিত হয় । য'ত তেওঁ প্ৰায় ১ মিনিটৰ বাবে ভাষণ প্ৰদান কৰে । এই সময়ছোৱাত, দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ নাম লিখা প্লেকাৰ্ড হাতত লৈ উপস্থিত থাকে ।

লগতে পঢ়ক :Gujarat poll results: গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰতি মুহূৰ্তৰ ফলাফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.