ETV Bharat / bharat

সমুখত নিৰ্বাচন; সম্প্ৰসাৰণ কৰা হ’ল যোগী আদিত্য নাথৰ মন্ত্ৰীসভা - উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন

নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনীতিৰ নতুন চাল খেলিলে যোগী আদিত্য নাথে ৷ নিৰ্বাচনলৈ মাত্ৰ ছমাহ থকাৰ সময়তে সম্প্ৰসাৰণ কৰিলে মন্ত্ৰীসভা ৷ মন্ত্ৰীত্ব প্ৰদান কৰা হ’ল কেইবাগৰাকীও পিচপৰা শ্ৰেণীৰ বিধায়কক ৷

latest news in lucknow
সম্প্ৰসাৰণ কৰা হ’ল যোগী আদিত্য নাথৰ মন্ত্ৰীসভা
author img

By

Published : Sep 26, 2021, 9:50 PM IST

নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ : 2022 ত অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচন ৷ ইতিমধ্যে শাসকীয় বিজেপি দলৰ ব্যৰ্থতা উদঙাবলৈ উঠি পৰি লাগিছে বিৰোধী শক্তি ৷ তাৰ মাজতে, নিৰ্বাচনলৈ মাত্ৰ ছমাহ বাকী থকা অৱস্থাত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে মন্ত্ৰীসভাৰ সম্প্ৰসাৰ কৰি উত্তৰ প্ৰদেশৰ ৰাজনীতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে ৷ যোগী চৰকাৰে যিসমূহ নতুন মুখ চামিল কৰিছে তাৰ ভিতৰত এজনক বাদ দি বাকী আটাইবোৰ পিচপৰা শ্ৰেণীৰ ৷

ৰাজনৈতিক সূত্ৰ অনুসৰি বিধানসভা নিৰ্বাচনৰ দ্বাৰা জাতীয় সমীকৰণ সাধনৰ উদ্দেশ্যে বিজেপিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ যোগী চৰকাৰৰ মন্ত্ৰীমণ্ডলত 2 গৰাকী দলিত, 2 গৰাকী অতি পিচপৰা শ্ৰেণীৰ, 1 গৰাকী পিচপৰা শ্ৰেণীৰ, 1 গৰাকী অনুসূচীত জাতিৰ আৰু এগৰাকী ব্ৰাহ্মণ সম্প্ৰদায়ৰ সদস্য অন্তৰ্ভুক্ত কৰিছে ৷

জানিব পৰা মতে, যোগী চৰকাৰৰ প্ৰতি অসন্তোষ্ট হৈ থকা ব্ৰাহ্মণ সমাজৰ সমৰ্থন আদায় কৰাৰ বাবে কংগ্ৰেছৰ শক্তিশালী নেতা জিতিন প্ৰসাদক মন্ত্ৰী পদ প্ৰদান কৰা হৈছে ৷ কিয়নো ৰাজ্যখনত প্ৰায় 15 শতাংশ ব্ৰাহ্মণ ভোটদাতা আছে, যিয়ে নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ব্ৰাহ্মণ সমাজৰ ভোট যাতে আন দলৰ পক্ষে নাযায়, তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

গোৰখপুৰ, গোণ্ডা, বলৰামপুৰ, অযোধ্যা, সন্ত কবীৰ নগৰ, দেৱৰিয়া, জৌনপুৰ, আমেঠী, ৰায়বৰেলী, বাৰাণসী, কাণপুৰ, প্ৰয়াগৰাজ, উন্নাও, কন্নৌজ, ভাদোহী, ঝাঞ্চী, মথুৰা আৰু চন্দৌলী জিলাত ব্ৰাহ্মণ লোকৰ সংখ্যা অধিক ৷ এই জিলা সমূহত ব্ৰাহ্মণ ভোটাৰে প্ৰভাৱ পেলাব ৷ 2022 চনত পুনৰ মচনদ দখলৰ বাবেই জিতিন প্ৰসাদক মন্ত্ৰীত্ব প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷

উত্তৰ প্ৰদেশত দলিত ভোটাৰক যিকোনো নিৰ্বাচনত নিৰ্ণায়ক হিচাপে গণ্য কৰা হয় ৷ কিয়নো ৰাজ্যখনত প্ৰায় 20.7 শতাংশ দলিত শ্ৰেণীৰ ভোটাৰ আছে ৷ সেয়ে বিজেপিয়ে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বলৰামপুৰ সদৰৰ বিধায়ক পলটু ৰাম আৰু মীৰাটৰ হস্তিনাপুৰ সমষ্টিৰ বিধায়ক দিনেশ কুমাৰ খটীকক মন্ত্ৰীত্ব প্ৰদান কৰিছে ৷ আঞ্চলিক ভিত্তিত যদি চোৱা যায়, তেন্তে বুন্দেলখণ্ডত মুঠ জনসংখ্যাৰ 25 শতাংশই দলিত ভোটাৰ ৷ দৌআব-অবধত দলিতৰ সংখ্যা 26 শতাংশ আৰু পূৱ উত্তৰ প্ৰদেশত এই সংখ্যা 22 শতাংশ ৷

ভাৰতীয় জনতা পাৰ্টীৰ মূল লক্ষ্য 53 শতাংশ আবাসী সমাজক দলৰ সৈতে জড়িত কৰি ৰখা ৷ যাতে, নিৰ্বাচনত এইসকলৰ ভোটৰ দ্বাৰা সহজেই চৰকাৰ গঠন কৰিব পৰা যায় ৷ সেই বাবেই মন্ত্ৰীমণ্ডল সম্প্ৰসাৰণ কৰি পিচপৰা শ্ৰেণীৰ বিধায়কক মন্ত্ৰীত্ব প্ৰদান কৰিছে যোগী চৰকাৰে ৷

লগতে পঢ়ক : অখিল গগৈৰ গাত বদৰুদ্দিন আজমলৰ তেজ আছে : পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.