ETV Bharat / bharat

Year-ender 2023: যুৱ ক্ৰিকেটাৰৰ আগমনত ভাৰতীয় ক্ৰিকেটত নতুন যুগৰ সূচনা

২০২৩ বৰ্ষটোত ভাৰতীয় ক্ৰিকেটত কেইবাখনো নতুন মুখ দেখা গৈছে । তেওঁলোকে নিজৰ প্ৰদৰ্শনৰে অনুৰাগীৰ মন জয় কৰিছে । ধাৰাবাহিকতা বজাই ৰখাটো তেওঁলোক সফল হৈছে । যাৰ বাবে নিৰ্বাচকসকলো যুৱ ক্ৰিকেটাৰৰ ওপৰত অধিক নিৰ্ভৰশীল হ'বলৈ আৰম্ভ কৰিছে ।

Milestone masters of young India shaped cricket this year
যুৱ ক্ৰিকেটাৰৰ আগমনত ভাৰতীয় ক্ৰিকেটত নতুন যুগৰ সূচনা
author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 11:56 AM IST

স্পৰ্টছ ডেস্ক,২৬ ডিচেম্বৰ : ভাৰতীয় ক্ৰিকেটৰ বাবে ২০২৩ আছিল আসন্ন প্ৰস্থান, যুৱ খেলুৱৈৰ আগমন আৰু অবিৰাম পৰিৱৰ্তনৰ বছৰ । এই বছৰত ২০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম যুৱ বেটছমেন হিচাপে শুভমন গিলৰ আগমন হৈছে । একেদৰে যশস্বী জয়ছোৱাল আৰু ৰিংকু সিঙৰ দৰে খেলুৱৈয়ে ভাৰতীয় ক্ৰিকেটত বিশেষ গুৰুত্ব লাভ কৰিছে ।

প্ৰকৃততে, ২০২৩ ভাৰতীয় ক্ৰিকেটৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ আছিল । কেৱল বিশ্বকাপৰ সফল আয়োজনৰ বাবেই নহয়, নতুন প্ৰজন্মৰ প্ৰতিভাশালী যুৱ খেলুৱৈৰ উত্থানৰ বাবেও এই বছৰ গুৰুত্বপূৰ্ণ আছিল । এই উদীয়মান তাৰকাবোৰে কেৱল চাপ সৃষ্টি কৰাই নহয় তেওঁলোক আছিল ক্ৰীড়াৰ বিৱৰ্তনৰ আঁৰৰ চালিকা শক্তি, ৰাষ্ট্ৰীয় দলত সতেজ শক্তি আৰু উদ্ভাৱনীমূলক দৃষ্টিভংগীৰ অন্বেষক ।

এই বছৰটো ভাৰতীয় ক্ৰিকেটৰ বিকাশৰ বাবে কেৱল শুভমন গিলৰ বেটিঙেই নহয় পেচাৰ আৰু স্পিনাৰৰ শিতানটো যুৱ ব্ৰিগেডে বিশেষ ভূমিকা গ্ৰহণ কৰিছে । লেগ স্পিনত যাদু দেখুৱাইছে ৰবি বিষ্ণোইয়ে । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰা আৱেশ খানৰ দৰে বলাৰৰ নামো মনলৈ আহিব ।

ক্ৰিকেটৰ স্তৰত গিলৰ উত্থানে দেখুৱায় যে ৰাহুল দ্ৰাবিড়ৰ দেশৰ ক্ৰিকেট আন্তঃগাঁথনিৰ তৃণমূল পৰ্যায়ৰ ওপৰত থকা বিশ্বাসে অৱশেষত দলটোক পৰিপূৰ্ণ কৰিছে । কিয়নো দলত খেলুৱৈ বাছনিৰ ক্ষেত্ৰত নিৰ্বাচকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয় । ইতিমধ্যে পুৰুষৰ বিশ্বকাপৰ পিচৰ ভ্ৰমণত আই পি এলৰ বহুত যুৱ প্ৰদৰ্শকে অহা বছৰৰ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে তেওঁলোকৰ বেট আৰু বলিঙৰ যাদু দেখুৱাবলৈ চেষ্টা কৰা দেখা গৈছে ।

২০ বছৰীয়া এই যুৱসকলৰ দক্ষতা বহুমুখী আৰু ই কেৱল প্ৰতিভাৰ বিষয়ে নহয় । তেওঁলোকৰ ক্ৰিকেটৰ প্ৰতি বিশ্বাস আছে । তেওঁলোকৰ ভিতৰত এনে খেলুৱৈও আছে যি অতি সাধাৰণ পৰিয়ালৰ পৰা আহিছে আৰু এটা অভাৰত ৫ টা ছিক্সাৰ কোৱাই নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছে । জীৱিকাৰ বাবে 'পানীপুৰি' বা 'গোলগাপ্পা' বিক্ৰী কৰি শেষত ভাৰতীয় দলৰ নীলা পোছাক পিন্ধাৰ সুযোগ পাইছে ।

মাত্ৰ ২৪ বছৰ বয়সতে গিলে নিজকে ভাৰতৰ আটাইতকৈ নিৰ্ভৰযোগ্য অপেনাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে । যাৰ বাবে আইপিএলত হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছলৈ যোৱাৰ পিচত তেওঁক ইতিমধ্যে গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে বাছনি কৰা হৈছে ।

তেওঁৰ বেটিং ষ্টাইল আকৰ্ষণীয় । তেওঁ শচীন তেণ্ডুলকাৰৰ দৰে তাৰকা খেলুৱৈৰ অনুগামী হৈ আজি ভাৰতীয় ক্ৰিকেটত আক্ৰমণাত্মক বেটাৰ হিচাপে পৰিগণিত হৈছে । তেওঁ যথেষ্ট চাপৰ মাজতো মনোবল স্থিৰ ৰাখি খেলবোৰ সমাপ্ত কৰাত পাৰ্গত । বিশ্বকাপৰ সময়ত তেওঁ যথেষ্ট সফল নহ'লেও গোটেই বছৰটোত আকৰ্ষণীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) তেওঁ গুজৰাট টাইটানছৰ হৈ ৮৯৬ ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতীয় দলৰ হৈ খেলাৰ ক্ষমতা প্ৰদৰ্শন কৰে ।

কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ কৰা যুৱ ব্ৰিগেডৰ ভিতৰত গিল কেৱল দেখিবলৈ সুন্দৰ নহয় তেওঁ যিধৰণে সূক্ষ্মতা আৰু শান্তভাৱে ৰাণ সংগ্ৰহ কৰে সেয়া প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ বাবে দৰ্শনীয় । তেওঁৰ নিৰ্ভীক বেটিং আৰু কৌশলগত খেল-পৰিকল্পনাই তেওঁক বিশ্বকাপ দলত এক আকাংক্ষিত স্থান অৰ্জন কৰাত সহায় কৰিছিল । শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁৰ গুৰুত্বপূৰ্ণ ৮৪ ৰাণৰ ইনিংছে সৰ্বোচ্চ পৰ্যায়ত নিজৰ দক্ষতা প্ৰমাণ কৰে ।

কেৱল শুভমন গিলেই নহয় আশ্চৰ্যজনকভাৱে ৰিংকু সিঙেও ভাৰতীয় ক্ৰিকেটত বিশেষ গুৰুত্ব লাভ কৰিছে । চাফাই কৰ্মীৰ কাম প্ৰত্যাখ্যান কৰি আই পি এল খেলিবলৈ অহা ৰিংকু সিঙে এটা অভাৰত ৫ টা ছিক্সাৰ কোবাই সকলোকে আচৰিত কৰি তুলিছিল। তাৰ পিচতে আছে যশস্বী জয়ছোৱাল। যিয়ে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মাত্ৰ ৬২ টা বলত তেওঁৰ ১২৪ ৰাণৰ বৃহৎ ইনিংছ খেলি ভাৰতীয় দলৰ বাবে তেওঁৰ যোগ্যতা প্ৰদৰ্শন কৰিছিল ।

এই যুৱ প্ৰতিভাবোৰ কেৱল পৰিসংখ্যা আৰু হাইলাইটৰ বাবে নহয় । তেওঁলোকে ভাৰতীয় ক্ৰিকেটৰ মানসিকতাৰ পৰিৱৰ্তন আনিছে । তেওঁলোক নিৰ্ভীক, আক্ৰমণাত্মক, আৰু প্ৰত্যাহ্বান ল'বলৈ ভয় নকৰে । তেওঁলোকে পৰম্পৰাগত ক্ৰিকেটতকৈ নিজৰ যোগ্যতাক অগ্ৰাধিকাৰ দিয়ে ।

খেলৰ আৰম্ভণিতে সতৰ্ক হৈ খেলাৰ দিনবোৰ এতিয়া নাই । বলাৰে সাধাৰণ ভুল কৰাৰ বাবে অপেক্ষা কৰি থাকে এই যুৱ বেটছমেনসকলে। পাৱাৰপ্লেক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম এই যুৱ বেটছমেনসকল । ৰিংকু সিঙৰ দুঃসাহসিক ষ্ট্ৰোক প্লে আৰু গিলৰ আক্ৰমণৰ ষ্টাইল এই নতুন বেটিং দৰ্শনৰ মুখ্য উদাহৰণ ।

একেদৰে বলিঙৰ ক্ষেত্ৰতো বহু পৰিৱৰ্তন আনিছে যুৱ বলাৰসকলে। অনুমানযোগ্য স্পিন আৰু একঘেয়ামী চিম বলিঙৰ দিনবোৰ এতিয়া নাই । ৰবি বিষ্ণোইৰ ৰহস্যময় স্পিন আৰু উমৰান মালিকৰ গতি বলিঙৰ এক নতুন যুগৰ প্ৰমাণ দিয়ে । এই যুৱ বলাৰসকলে পৰম্পৰাগত জ্ঞানৰ পৰীক্ষা আৰু প্ৰত্যাহ্বান জনাবলৈ ভয় নকৰে ।

টি-২০ আৰু এদিনীয়া দুয়োটা ফৰ্মেটত গিলৰ সফলতা আৰু টুৰ্ণামেণ্টবোৰত বিষ্ণোইৰ প্ৰভাৱশালী বলিঙে বিভিন্ন ফৰ্মেটৰ চাহিদাৰ সৈতে খাপ খোৱাত তেওঁলোকৰ সামৰ্থ্য প্ৰদৰ্শন কৰে ।

এই যুৱ খেলুৱৈসকলৰ উল্লেখযোগ্য মানসিক শক্তি আছে, চাপতো তেওঁলোক শান্ত হৈ থাকে আৰু যেতিয়াই প্ৰয়োজন হয় তেতিয়াই গুৰুত্বপূৰ্ণ প্ৰদৰ্শন কৰে । বিশ্বকাপত গিলৰ গুৰুত্বপূৰ্ণ ইনিংছ আৰু আইপিএল প্লে অফত ঈশান কিষাণৰ ইনিংছ সামৰ্থ্যৰ উৎকৃষ্ট প্ৰমাণ । যিটোৱে আমাক ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ সম্ভাৱনাৰ ছবিখন দেখুৱায় । এই যুৱ খেলুৱৈসকল কেৱল ভাৰতীয় ক্ৰিকেটৰ উপহাৰ নহয়, তেওঁলোক ভৱিষ্যতও । তেওঁলোকৰ সফলতাই এটা প্ৰজন্মৰ নিৰ্ভীক ক্ৰিকেটাৰৰ বাবে পথ প্ৰশস্ত কৰিছে । মানসিকতাৰ এই পৰিৱৰ্তনে কেৱল ভাৰতীয় দলটোক লাভান্বিত কৰাই নহয় সমগ্ৰ দেশৰ যুৱ খেলুৱৈসকলক খেলখনৰ প্ৰতি অধিক আক্ৰমণাত্মক আৰু অভিনৱ দৃষ্টিভংগী গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব ।

এনে নহয় যে প্ৰত্যাহ্বান নাই । যদিও এই নতুন প্ৰজন্ম প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ কিন্তু তেওঁলোক প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে । ধাৰাবাহিকতাৰ সৈতে আক্ৰমণৰ ভাৰসাম্য ৰখা, ভাৰতৰ হৈ খেলাৰ অপৰিসীম চাপ নিয়ন্ত্ৰণ কৰা আৰু ক্ৰিকেট কেলেণ্ডাৰৰ চাহিদাবোৰ পূৰণ কৰাটো তেওঁলোকৰ দীঘলীয়া সফলতাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব । অৱশ্যে, সঠিক নিৰ্দেশনা আৰু সমৰ্থনৰ সৈতে এই যুৱ প্ৰতিভাবোৰে ভাৰতীয় ক্ৰিকেটত বৈপ্লৱিক পৰিৱৰ্তন আনিব আৰু অনাগত বছৰবোৰৰ বাবে ভাৰতীয় ক্ৰিকেটক বিশেষ পৰ্যায়লৈ লৈ যোৱাত সহায় কৰিব ।

মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে বিশ্বকাপৰ হতাশা পাহৰি বিচিচিআইৰ টি-২০ বিশ্বকাপৰ বাবে প্ৰশিক্ষক হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগে লগে অনুৰাগীসকলেও ভাৰতীয় ক্ৰিকেটক লৈ নতুন সপোন দেখিছে ।

সকলোৱে কৈছিল যে ২০২৩ বৰ্ষত ভাৰতীয় ক্ৰিকেটাৰসকলৰ এক নতুন প্ৰজন্মৰ উত্থান দেখা গৈছিল । যিসকলে ক্ৰিকেটক নতুন ৰূপ দিবলৈ সক্ষম হৈছে । তেওঁলোকৰ নিৰ্ভীক মনোভাৱ, অভিনৱ দৃষ্টিভংগী আৰু মানসিক দৃঢ়তাই ভাৰতীয় দলটোক পুনৰ সংজ্ঞায়িত কৰিছে আৰু প্ৰতিযোগিতাবোৰত বিশেষ স্থান লাভ কৰিছে ।

তিলক বৰ্মা আৰু সুয়াশ শৰ্মাৰ দৰে যুৱ তাৰকাসকল জিলিকি থকাৰ সময়তে শ্ৰেয়স আয়াৰ আৰু ঈশান কিষেণেও তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিছে । মুঠতে যুৱ ক্ৰিকেটাৰসকলে ভাৰতীয় ক্ৰিকেটক বিশেষ উচ্চতালৈ লৈ যোৱাত সহায় কৰাৰ লগতে ক্ৰিকেটৰ প্ৰতি থকা অনুৰাগীৰ বিশ্বাসকো সন্মান জনাই যাব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :৩১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই ইতিহাস ৰচনাৰ লক্ষ্যৰে খেলপথাৰত নামিব ৰোহিত বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.