ETV Bharat / bharat

Delhi Flood: পুনৰ বিপদসীমাৰ ওপৰত বৈছে যমুনা নদীৰ জলস্তৰ

শুকুৰবাৰে সন্ধিয়া দিল্লীত পুনৰ বিপদসীমা অতিক্ৰম কৰে যমুনা নদীৰ জলস্তৰে ৷ শুকুৰবাৰে নিশা 10 বজাত অ’ল্ড ৰে’লৱে ব্ৰীজত যমুনা নদীৰ জলপৃষ্ঠ 205.48 মিটাৰত উপনীত হৈ বিপদ সীমাৰ ওপৰত আছে ৷

author img

By

Published : Jul 22, 2023, 9:37 AM IST

Delhi Flood
বিপদসীমা অতিক্ৰম যমুনা নদীৰ জলস্তৰ

নিউজ ডেস্ক, 22 জুলাই : বিগত কেইবাদিনো হ্ৰাস হোৱাৰ পিছত, শুকুৰবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় ৰাজধানীত যমুনা নদীৰ জলস্তৰে পুনৰ বিপদসীমা অতিক্ৰম কৰে ৷ শুকুৰবাৰে নিশা 10 বজাত অ’ল্ড ৰে’লৱে ব্ৰীজত যমুনা নদীৰ জলপৃষ্ঠই 205.48 মিটাৰত উপনীত হয় ৷ যমুনা নদীৰ বিপদসীমা 205.33 মিটাৰ নিৰ্ধাৰিত কৰা হৈছে ৷

যমুনাৰ জলপৃষ্ঠই পুনৰ বিপদসীমা অতিক্ৰম কৰা ৰাজধানীবাসী শংকিত হৈ পৰিছে ৷ দিল্লী চৰকাৰে বিভাগীয় বিষয়াসকলক সজাগ হৈ থকাৰ লগতে সতৰ্কতামূলক সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে । চৰকাৰে বিশেষকৈ বানপীড়িত অঞ্চলৰ ওপৰত চকু ৰাখিবলৈ আৰু ইয়াৰ লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে, দিল্লীত যমুনা নৈৰ জলস্তৰে 10 জুলাইৰ সন্ধিয়া 5 বজাত বিপদসীমা অতিক্ৰম কৰিছিল, যাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানীত ব্যাপক বানপানী হয় ৷ দিল্লীত যমুনাৰ জলস্তৰে 13 জুলাইৰ সৰ্বকালৰ সৰ্বোচ্চ 208.66 মিটাৰত উপনীত হৈছিল ৷ নদীখনে আঠদিন বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পিছত 18 জুলাইৰ নিশা 8 বজাত পানীৰ স্তৰ বিপদসীমাৰ তললৈ নামিছিল ৷

লগতে পঢ়ক : Lightning storm kills farmer: বজ্ৰপাতত হাল বোৱা গৰুসহ কৃষকৰ কৰুণ মৃত্যু

এই সময়চোৱাত ৰাজধানী চহৰখনত গধুৰ বাহনৰ প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰী কৰা হৈছিল ৷ বান পৰিস্থিতি লক্ষণীয় উন্নত হোৱাৰ পাচত, দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীত গধুৰ বাহনৰ প্ৰৱেশৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে ৷ ইয়াৰ পাচত যমুনা নদীৰ জলস্তৰ ক্ৰমে হ্ৰাস পাইছিল যদিও যোৱা দুই-তিনি দিনত জলস্তৰত সামান্য তাৰতম্য দেখা গৈছে ৷ যমুনাৰ জলস্তৰ কোনোবাদিনা বৃদ্ধি পাইছে যদি কোনোবা দিনা হ্ৰাস পাইছে ৷

লগতে পঢ়ক : Manipur Horror : নাৰী নিৰ্যাতনৰ ৪ অভিযুক্তক ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.