ETV Bharat / bharat

বিশ্ব জুন'ছিছ দিৱস পালন

আজি বিশ্ব জুন'ছিছ দিৱস(World Zoonoses Day) । প্ৰতি বছৰে ৬ জুলাইত বিশ্বজুৰি জুন'ছিছ দিৱস পালন কৰা হয় । ইনফেকছন কন্ট্ৰল টুডে'ৰ মতে, ১৮৮৫ চনৰ ৬ জুলাইত ফৰাচী জীৱ বিজ্ঞানী লুইজ পেষ্টুৰে(Louis Pasteur) জুন'টিক ৰোগৰ বিৰুদ্ধে সফলতাৰে প্ৰথম টীকাকৰণ আৰম্ভ কৰিছিল । এই দিনটোৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ প্ৰতি বছৰে বিশ্ব জুন'ছিছ দিৱস পালন কৰা হয় ।

World Zoonoses day
বিশ্ব জুন'ছিছ দিৱস পালন
author img

By

Published : Jul 6, 2021, 5:53 PM IST

নেশ্যনেল ডেস্ক, ৬ জুলাই: জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ৰোগে সৃষ্টি কৰিব পৰা ভয়াৱহ বিপদ সম্পৰ্কে মানুহক সজাগ কৰাৰ বাবে মঙলবাৰে পালন কৰা হৈছে বিশ্ব জুন'ছিছ দিৱস(World Zoonoses Day) । চলিত বৰ্ষৰ বিশ্ব জুন'ছিছ দিৱস(World Zoonoses Day)ৰ বিষয়বস্তু হৈছে "জুন'টিক ৰোগৰ সংক্ৰমণ ৰোধ কৰো আহক" । ইব'লা, এভিয়ান ইনফ্লুৱেঞ্জা আৰু ৱেষ্ট নাইল ভাইৰাছৰ দৰে জুন'টিক ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ বাবে এই দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জুন'টিক যক্ষ্মা হৈছে এক প্ৰকাৰৰ যক্ষ্মা, যি প্ৰায়েই সংক্ৰমিত জন্তুৰ পৰা আনলৈ সংক্ৰমিত হয় ।

সচৰাচৰ গৰুৰ পৰা মানুহলৈ এই ৰোগ সংক্ৰমিত হয় । সংক্ৰমিত জন্তুৰ মাংস খালেও এনে ধৰণৰ ৰোগ বিয়পিব পাৰে । এনে ৰোগ সংক্ৰমণৰ মূল কাৰণ হৈছে-ভাইৰাছ, বেক্টেৰিয়া, পৰজীৱী আৰু ভেঁকুৰৰ দৰে বীজাণু । এই ৰোগ জন্তু আৰু মানুহ উভয়ৰে ক্ষেত্ৰত দেখা দিব পাৰে ।

বিজ্ঞানীসকলৰ মতে, ক্ষতিকাৰক বীজাণু কঢ়িয়াই অনা, কিন্তু দেখাত স্বাস্থ্যৱান জন্তুবোৰেও মানুহক সংক্ৰমিত কৰিব পাৰে ।

ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ তথ্য মতে, প্ৰায় ৭৫ শতাংশ নতুন ৰোগ জন্তুৰ পৰা সংক্ৰমিত হয় । জন্তুৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ পৰা বা পৰোক্ষভাৱে মানুহলৈ সংক্ৰমণ হ'ব পাৰে । উৰহ, মহ আদিয়েও এই ৰোগ বিয়পাব পাৰে । সাধাৰণতে মহে কামোৰাৰ ফলত এনে ধৰণৰ ৰোগ বৈছিকৈ হয় ।

সচৰাচৰ হৈ থকা জুন'টিক ৰোগবোৰ হৈছেঃ

১) প্লেগ

২) যক্ষ্মা

৩) মেকুৰীয়ে আঁচুৰিলে হোৱা জ্বৰ

৪) টিক পক্ষাঘাত

৫) হান্টা ভাইৰাছ

৫) খৰ-খজুৱটি

৬) ছেলম'নেল'চিছ

৭) লেপ্ট'স্পাইৰ'চিছ

৮) লাইম ৰোগ

৯) কেম্পিল'বেক্টৰ সংক্ৰমণ

১০) গিয়াৰ্ডিয়া সংক্ৰমণ

১১) ক্ৰিপ্ট'স্প'ৰিডিয়াম সংক্ৰমণ

১১) ঘূৰণীয়া খৰ

১২) হুকৱৰ্ম

১৩) খজুৱটি

১৩) হাৰ্ভেষ্ট মাইটছ

১৪) ৰেবীজ

জুন'টিক ৰোগৰ পৰা ৰক্ষা পাবলৈ কেইবাটাও সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি । চাবোনেৰে ভালদৰে হাত ধোৱা, সুৰক্ষামূলক পোছাক পিন্ধা আৰু উৰহ, মহ আদিৰ পৰা ৰক্ষা পাবলৈ চৌপাশে পোক-পতংগ মাৰিব পৰা ঔষধ ছটিয়াই ৰখা আদি সাৱধনতামূলক ব্যৱস্থাবোৰ লোৱা প্ৰয়োজন । খাদ্য সুৰক্ষিতভাৱে সংৰক্ষণ কৰি ৰখা উচিত ।

লগতে জন্তুৰ কামোৰ আৰু আঁচোৰ আদিৰ পৰাও নিজকে বচাই ৰখাতো অতি গুৰুত্বপূৰ্ণ । জুন'টিক ৰোগত আক্ৰান্ত হ'লে পৰিণতি ভয়াৱহ হোৱাৰ আশংকা থাকে । সেয়ে, সুৰক্ষামূলক ব্যৱস্থা লোৱা প্ৰয়োজন । বিশেষকৈ পাঁচ বছৰতকৈ কম বয়সৰ শিশু আৰু ৬৫ বছৰৰ উৰ্ধৰ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে ।

লগতে পঢ়ক:ইংলেণ্ডৰ প্ৰতিৰক্ষা ষ্টাফৰ মুৰব্বীক সাক্ষাৎ ভাৰতৰ সেনাপ্ৰধান নাৰাভানেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.