ETV Bharat / bharat

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰে বোমা বিস্ফোৰণ ঘটি দুই ভাতৃৰ মৃত্যু

মণিপুৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ(World War-II era) বোমা বিস্ফোৰণ ৷ বিস্ফোৰণত দুই ভাতৃৰ মৃত্যু ৷ দুই ভাতৃয়ে ঘৰৰ পিছফালে আৱৰ্জনা পেলোৱাৰ উদ্দেশ্যে এটা গাঁত খনন কৰি থকা অৱস্থাত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা ৷

world war ii era bomb exploded in manipur
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ বোমা বিস্ফোৰণ
author img

By

Published : Sep 30, 2021, 2:17 PM IST

নিউজ ডেস্ক , 30 ছেপ্টেম্বৰ : মণিপুৰত সংঘটিত এক বিস্ফোৰণৰ ঘটনাত দুই ভাতৃয়ে মৃত্যুক সাৱটি লৈছে ৷ মণিপুৰৰ সীমান্তৱৰ্তী চহৰ(Manipur’s border town) মোৰে (Moreh) অঞ্চলত 29 ছেপ্টেম্বৰত এই বোমা বিস্ফোৰণৰ ঘটনাটো সংঘটিত হৈছিল ৷ আশ্বৰ্যকৰ কথাটো হ'ল এয়ে যে, উক্ত বোমাটো দ্বিতীয় বিশ্বযুদ্ধৰ(World War-II era) সময়ৰ বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

বহুতে সন্দেহ প্ৰকাশ কৰিছে যে, 29 ছেপ্টেম্বৰত বিস্ফোৰণ হোৱা বোমাটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে পুতি থোৱা হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি, ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী মোৰেৰ 9 নং ৱাৰ্ডৰ অন্তৰ্গত Gangte Veng নামৰ অঞ্চলত এই ঘটনা সংঘটিত হৈছে ৷ দুই ভাতৃয়ে ঘৰৰ পিছফালে আৱৰ্জনা পেলোৱাৰ উদ্দেশ্যে এটা গাঁত খনন কৰি থকা অৱস্থাত এই বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় ৷

গাঁতটো খনন কৰি থকা অৱস্থাতে হোৱা বিস্ফোৰণৰ ফলতে দুই ভাতৃয়ে মৃত্যুক সাৱটি লয় ৷ নিহত ভাতৃদ্বয়ক Lalsangmuon Gangte আৰু Lienkhogin Gangte বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক : Ringdi নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ : চাৰিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.