ETV Bharat / bharat

World Vape Day: চিগাৰেটৰ দৰেই বিপজ্জনক ভেপৰ ব্যৱহাৰ, ইয়াৰ ৫টা ক্ষতিকাৰক দিশ জানি লওক

author img

By

Published : May 30, 2023, 8:57 AM IST

আপুনি নিশ্চয় বহুবাৰ শুনিছে যে চিগাৰেটৰ আসক্তি এৰিবলৈ মানুহে ভেপিঙৰ আশ্ৰয় লয় । কিন্তু ভেপিং ধূমপানৰ দৰে সমানেই বিপদজনক । আহক, ভেপিং কৰিলে শৰীৰৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে জানো আহক ।

World Vape Day Vaping E-Cigarettes What It Is, Side Effects and Dangers
চিগাৰেটৰ দৰেই বিপজ্জনক ভেপৰ ব্যৱহাৰ, ইয়াৰ ৫টা ক্ষতিকাৰক দিশ জানি লওক

প্ৰথমাৱস্থাত বিশ্বাস কৰা হৈছিল যে ই-চিগাৰেট বা ভেপ সাধাৰণ চিগাৰেটৰ উন্নত বিকল্প হ’ব । আজিও আমাৰ মাজত এনে বহু লোক আছে যিয়ে চিগাৰেটৰ ফলত হোৱা ক্ষতি দূৰ কৰিবলৈ ভেপ ব্যৱহাৰ কৰে । কিন্তু বহু গৱেষণাৰ পৰা দেখা গৈছে যে ভেপিং কোনো নিৰাপদ বিকল্প নহয় যদিও ই চিগাৰেটৰ সমানেই স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক ।

এনে পৰিস্থিতিত ভেপ যিদৰে জনপ্ৰিয় হৈ পৰিছে, ইয়াৰ সৈতে জড়িত ক্ষতিকাৰক দিশ সমূহৰ বিষয়ে জনাটোও আমাৰ বাবে জনাটো সিমানেই গুৰুত্বপূৰ্ণ (side effects of vaping too much)। গতিকে ভেপিঙৰ ৫টা ক্ষতিকাৰক দিশৰ বিষয়ে জানো আহক-

হাওঁফাওঁৰ ক্ষতি (damage to the lungs)

ভেপ ব্যৱহাৰ কৰি ৰাসায়নিক পদাৰ্থবোৰ ধোঁৱাৰ মাজেৰে হাওঁফাওঁলৈ যায় । যাৰ বাবে হাওঁফাওঁত ফুলি উঠে আৰু তাৰ পিছত ভৱিষ্যতে ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে । ইয়াৰ বাবে ব্ৰংকাইটিছ, হাঁপানী আৰু উশাহ-নিশাহৰ সৈতে জড়িত অন্যান্য ধৰণৰ জীৱন সংকটজনক সমস্যাই দেখা দিব পাৰে ।

কেন্সাৰৰ আশংকা (cancer risk)

ভেপিং কৰিলে আপোনাৰ খাদ্য, জীৱনশৈলী, আৰু আপোনাৰ আশে-পাশে হোৱা প্ৰদূষণৰ মাত্ৰাই আপোনাৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে । দীৰ্ঘদিন ধৰি ভেপিং কৰিলে কৰিলে শৰীৰত বিষাক্ত পদাৰ্থৰ লগতে বহুতো ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ জমা হয় । ভেপিং কৰাৰ অভ্যাসে মুখৰ কেন্সাৰ, জিভাৰ কেন্সাৰ বা ডিঙিৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে (vaping side effects long term)।

নিকোটিনৰ আসক্তি (nicotine addiction)

প্ৰায় সকলো ধৰণৰ ভেপত নিকোটিন নিশ্চিতভাৱে থাকে, যিয়ে নিচাযুক্ত আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষতি কৰে । যদি আপুনি দৈনিক ভেপিং কৰে তেন্তে ই আপোনাক ইয়াৰ নিচাৰ প্ৰতি আশক্তি কৰি তুলিব পাৰে (what are 5 negative effects of vaping)। নিকোটিনৰ আসক্তি স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে ।

পপকৰ্ণ হাওঁফাওঁৰ ৰোগ (popcorn lung disease)

কিছুমান ভেপত থকা ডাইএচিটাইল পদাৰ্থটো পপকৰ্ণ হাওঁফাওঁৰ ৰোগ বুলি জনাজাত হাওঁফাওঁৰ বিৰল অৱস্থাৰ সৈতে জড়িত বুলি ধৰা হৈছে । উশাহ-নিশাহ লোৱাত অসুবিধা, হুমুনিয়াহ কাঢ়ি থকা আৰু বুকুত টান হোৱাৰ দৰে অনুভৱ হয় । যদি সময়মতে চিকিৎসা কৰা নহয়, তেন্তে এই লক্ষণবোৰ বেয়া হৈ গৈ থাকে ।

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ক্ষতি (damage to cardiovascular health)

কেইবাটাও গৱেষণাৰ ফলাফলে উদ্বেগ প্ৰকাশ কৰিছে যে ভেপিঙে হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে । দৈনিক ভেপিং কৰিলে হাৰ্ট এটেক, ষ্ট্ৰোক আৰু হাইপাৰটেনচনৰ দৰে সমস্যা বৃদ্ধি পায় । ভেপৰ ব্যৱহাৰে শৰীৰত ৰক্তচাপৰ মাত্ৰাও বৃদ্ধি কৰে ।

কেৱল এয়াই নহয়

  • জেৰষ্টোমিয়া Xerostomia
  • কাহ Cough
  • মূৰৰ বিষ Headaches
  • ওকট পাকট লগা Nausea
  • উশাহ লোৱাত কষ্ট পোৱা Shortness of breath
  • মূৰ ঘূৰোৱা Dizziness
  • ভাগৰ Fatigue
  • বুকুৰ বিষ Chest pain
  • মুৰ্ছা Seizures

উল্লেখ্য যে, ক্ষতিকাৰক ধঁপাতজাতীয় সামগ্ৰীৰ বিকল্পৰ বিষয়ে সজাগতা সৃষ্টি আৰু ই-চিগাৰেটৰ আপেক্ষিক সুৰক্ষা আৰু ক্ষতি হ্ৰাস আৰু ধূমপান বন্ধ কৰাৰ উপায় হিচাপে ইয়াৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিবলৈ ৩০ মে’ত বিশ্ব ভেপ দিৱস উদযাপন কৰা হয় । বিশ্ব স্বাস্থ্য সংস্থাই (WHO) পালন কৰা বিশ্ব ধঁপাত নিষিদ্ধ দিৱস (৩১ মে’)ৰ এদিন পূৰ্বে বিশ্ব ভেপ দিৱস (৩০ মে’) পালন কৰা হয় । ৱৰ্ল্ড ভেপাৰ্ছ এলায়েন্স (WVA)ৰ উদ্যোগত এই বিশ্ব ভেপ দিৱস পালন কৰা হয় । ধূমপানৰ বিৰুদ্ধে যুঁজত জয়লাভ কৰাৰ উপলক্ষে বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা বিশ্বৰ ভিন্ন প্ৰান্তৰ ভেপাৰসকল একত্ৰিত হৈ এই বিশ্ব ভেপ দিৱস উদযাপন কৰে ।

সেয়া যিয়েই নহওক কিয় বিশ্বৰ ভিন্ন প্ৰান্তত এতিয়াও ভেপিঙক ধূমপানতকৈ সুৰক্ষিত বুলি গণ্য কৰা যদিও ইয়াৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে আমি প্ৰথমে স্মৰণ কৰিহে ইয়াক গ্ৰহণ কৰা উচিত ৷

লগতে পঢ়ক: Coconut Water: নাৰিকলৰ পানীয়ে বাৰুকৈয়ে কিডনীৰ পাথৰৰ পৰা মুক্তি দিব পাৰেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.