ETV Bharat / bharat

বিশ্ব দৃষ্টি দিৱস 2021 : Love Your Eyes - চকুৰ পৰীক্ষা

চকু হৈছে আমাৰ বাবে এক আশীৰ্বাদ স্বৰূপ । কিন্তু বহুতে চকুৰ যতন নলয় । যাৰ বাবে সমগ্ৰ বিশ্বৰ বহু লোক দৃষ্টিশক্তিৰ বিভিন্ন সমস্যাত ভুগি আছে । কিন্তু সাৱধানতা আৰু সঠিক যতনে দৃষ্টিশক্তিৰ সমস্যা প্ৰতিৰোধত সহায় কৰিব পাৰে । সেয়েহে, জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ১৪ অক্টোবৰৰ দিনটো বিশ্ব দৃষ্টি দিৱস হিচাপে পালন কৰা হয় ।

Love Your Eyes
Love Your Eyes
author img

By

Published : Oct 14, 2021, 12:38 PM IST

নেশ্যনেল ডেস্ক, ১৪ অক্টোবৰ : বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মতে, সমগ্ৰ বিশ্বত কমেও ১ বিলিয়ন লোকৰে দৃষ্টিশক্তিৰ মূল সমস্যা হিচাপে ওচৰ বা দূৰৱৰ্তী সমস্যা আছে । যাক হয়তো প্ৰতিৰোধ কৰিব পাৰিলেহেতেন বা এতিয়াও প্ৰতিৰোধ কৰা হোৱা নাই । যদিও দৃষ্টিশক্তিৰ সমস্যা সকলো বয়সৰ লোকৰ ক্ষেত্ৰতে হ'ব পাৰে কিন্তু ৫০ বছৰ উৰ্ধৰ লোকৰ ক্ষেত্ৰত ইয়াৰ সংখ্যা বেছি ।

ইয়াৰ ফলত কেতিয়াবা ব্যক্তিগৰাকী অন্ধ হৈ পৰিবও পাৰে । ইয়াৰ বাহিৰেও এক অনুসন্ধান অনুসৰি, বিশ্বৰ প্ৰায় ২৮৫ নিযুত লোক অন্ধ । ইয়াৰ ভিতৰত ৩৯ লাখ লোক দৃষ্টিহীন আৰু ২৪৬ নিযুত লোকৰ সাধাৰণ বা গুৰুতৰ দৃষ্টিশক্তিৰ দুৰ্বলতা আছে ।

মুখ্যতঃ সংশোধন নকৰা বিভিন্ন ৰশ্মি (৪৩ শতাংশ) আৰু চকুত ছানি পৰা (৩৩ শতাংশ) দৃষ্টিশক্তিৰ সমস্যাৰ বাবে দায়বদ্ধ বুলি গণ্য কৰা হয় । ইয়াৰ উপৰিও চকুৰ ৰোগ, দুৰ্ঘটনাৰ লগতে গৰ্ভধাৰণকে ধৰি কেইবাটাও কাৰণত চকুৰ সমস্যা হ'ব পাৰে । যদি মানুহে তেওঁলোকৰ চকুৰ সন্দৰ্ভত অধিক সাৱধান হয়, তেন্তে ৮০ শতাংশ লোকক উপযুক্ত চিকিৎসাৰ দ্বাৰা ভাল কৰিব পাৰি ।

সেয়েহে, প্ৰতি বছৰে অক্টোবৰৰ দ্বিতীয়টো বৃহস্পতিবাৰে বিশ্ব দৃষ্টি দিৱস হিচাপে পালন কৰা হয় । যাৰ উদ্দেশ্য হৈছে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা । এই বছৰ, ১৪ অক্টোবৰত "আপোনাৰ চকুক ভাল পাওঁক" শীৰ্ষক বিষয়বস্তুৰ সৈতে এই দিৱস পালন কৰা হৈছে ।

আপোনাৰ চকুক ভালে ৰখাৰ ৪ টা উপায় :

ইণ্টাৰনেশ্যনেল এজেঞ্চি ফ'ৰ প্ৰিভেনচন অফ ব্লাইণ্ডনেছৰ (IAPB) মতে, আপুনি অনুসৰণ কৰিব লগীয়া ৪ টা গুৰুত্বপূৰ্ণ বিষয় তলত উল্লেখ কৰা ধৰণৰ :

  • প্ৰতিৰোধ
    উন্নত জীৱনশৈলীৰ দ্বাৰা বহুতো চকুৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি । এক স্বাস্থ্যকৰ জীৱনশৈলীৰ অৰ্থ হৈছে স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰা আৰু ভাল অভ্যাস গঢ়ি তোলা । সকলোৱে নিজৰ খাদ্য তালিকাত ভিটামিন A, C আৰু E, অ'মেগা ৬ আৰু অ'মেগা ৩ (ফেটি এচিড), লুটিন আৰু জেক্সান্থিন (zeaxanthin) লগতে জিংক(zinc) সমৃদ্ধ আহাৰ অন্তৰ্ভুক্ত কৰিব লাগে ।
  • সুৰক্ষা
    স্বাস্থ্যকৰ জীৱনশৈলীৰ উপৰিও আপোনাৰ চকুৰ সুৰক্ষা আৰু যতন লোৱাটো সমানে গুৰুত্বপূৰ্ণ । সূৰ্যৰ পোহৰ, কৰ্মস্থানৰ দুৰ্ঘটনাৰ পৰা আৰম্ভ কৰি ঘৰত ব্যৱহাৰ কৰা বিভিন্ন ক্ৰীণ আদিও চকুৰ প্ৰতি বিপদ আনিব পাৰে । তেনেহ'লে আপুনি আপোনাৰ চকু সুৰক্ষিত কৰিবলৈ কি কৰিব লাগিব ? আপুনি সুৰক্ষামূলক চছমা পিন্ধিব পাৰে, প্ৰসাধন সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকক আৰু শৰীৰৰ প্ৰতি অনুকূল পৰিৱেশত কাম কৰক ৷
  • সংৰক্ষণ
    নিয়মীয়াকৈ চকুৰ পৰীক্ষা কৰাৰ পৰিকল্পনা কৰক বা পৰীক্ষা কৰিবলৈ আৰম্ভ কৰক । এক বিস্তৃত চকুৰ পৰীক্ষাৰ পাছত আপোনাৰ চকুৰ সমস্যা বা বংশানুক্ৰমিক সমস্যাবোৰ চিকিৎসকে জানিব পাৰিব আৰু তাৰ পাছত চকুৰ সমস্যা সমাধান কৰিবলৈ বা তেনে সম্ভৱনা থকা সমস্যাৰ ক্ষেত্ৰত চিকিৎসা আৰম্ভ কৰিব পাৰিব ৷
  • প্ৰাথমিকতা
    চকুৰ পৰীক্ষাকো আপোনাৰ নিয়মীয়া চিকিৎসা পৰীক্ষাৰ অংশ হিচাপে লওক । আপুনি চকুৰ প্ৰতি গুৰুত্ব দিয়ক আৰু আপোনাৰ চকুক ভাল পোৱাটো জীৱনৰ লক্ষ্য হিচাপে বিবেচনা কৰক আৰু লগতে আপোনাৰ পৰিয়াল, প্ৰিয়জন আৰু বন্ধুবৰ্গক চকু আৰু দৃষ্টিৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰক ।

দৃষ্টিশক্তি উন্নত কৰি ৰখাৰ উপায় :

আমাৰ দৈনন্দিন কাৰ্যকলাপ আৰু জীৱনশৈলীৰ সাধাৰণ পৰিৱৰ্তনৰ জৰিয়তে বহুতো চকুৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি । ইয়াৰে কিছুমান তলত উল্লেখ কৰা হ'ল :

  • স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক ।
  • ধূমপান আৰু ড্ৰাগছৰ পৰা আঁতৰি থাকক ।
  • ম'বাইল ফোন বা স্ক্ৰীণ ব্যৱহাৰ কৰোঁতে সেইবোৰ আপোনাৰ চকুৰ পৰা সঠিক দূৰত্বত ৰাখিব । চকুৰ পৰিচ্ছন্নতা বজাই ৰাখিব ।
  • আপোনাৰ চকু নিয়মীয়াকৈ পৰীক্ষা কৰাওক আৰু চকুৰ সমস্যাৰ বিষয়ে সজাগ হৈ থাকক ।
  • যদি আপোনাৰ চকুৰ সংক্ৰমণ বা কোনো ৰোগ আছে তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ঔষধ গ্ৰহণ নকৰিব ।
  • শৰীৰৰ লগতে চকুৰ বাবেও নিয়মীয়া ব্যায়াম কৰক ।
  • আপুনি ৰ'দত বাহিৰলৈ যাওঁতে আপোনাৰ চকুক ক্ষতিকাৰক ইউভি ৰশ্মিৰ পৰা সুৰক্ষিত কৰি ৰাখক ।

লগতে পঢ়ক : ড৹ মনমোহন সিঙক AIIMS ত ভৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.