নিউজ ডেস্ক, 21 আগষ্ট : ফেশ্বন হৈছে নিৰ্দিষ্ট সময় আৰু স্থানভিত্তিত প্ৰচলিত জীৱনশৈলীৰ এক অংশ ৷ সময়ৰ লগত সামঞ্জস্য ৰক্ষা কৰি মেকআপ, কেশবিন্যাস আৰু শাৰীৰিক ভংগীৰ বহিৰ্প্ৰকাশ ঘটোৱাকে সাধাৰণতে ফেশ্বন বুলি কোৱা হয় । ফেশ্বন বুলি গণ্য কৰা সকলোবোৰ ফেশ্বন প্ৰণালীৰ (উদ্যোগ আৰু মাধ্যম) দ্বাৰা উপলব্ধ আৰু জনপ্ৰিয় ।
সাধাৰণতে দৈনন্দিন ব্যৱহাৰত ফেশ্বন শব্দটোৱে উদ্যোগৰ দ্বাৰা নিৰ্ধাৰিত এক ৰূপ বুজায়, যিটো ট্ৰেণ্ডিং হৈ আছে । বৰ্তমান কম মূল্যত কাপোৰ তথা মেকআপৰ সামগ্ৰীৰ বৰ্ধিত ব্যাপক উৎপাদন আৰু বিশ্বব্যাপী ইয়াৰ প্ৰসাৰৰ প্ৰতিক্ৰিয়াস্বৰূপে ব্ৰেণ্ড আৰু গ্ৰাহকসকলৰ মাজত স্থিৰতা এক জৰুৰী বিষয় হৈ পৰিছে ।
সাধাৰণতে ফেশ্বন হৈছে এক প্ৰকাৰৰ অভিব্যক্তি । স্থান, সময় আৰু বাসভূমিৰ লগত ফেশ্বন ওতঃপ্ৰোতভাৱে জড়িত ৷ কোনো এজন লোকৰ পোছাক আৰু সাজসজ্জা লক্ষ্য কৰি সেই লোকজনৰ পৰিচয়, জন্মস্থান তথা তেওঁৰ বিষয়ে জানিব পৰা যায় ৷ যদি লোকজনৰ পোছাক তথা সাজসজ্জা আচহুৱা অৰ্থাৎ সেই ঠাইৰ লোকৰ লগত সামঞ্জস্য নাথাকে, তেন্তে সেয়া out of fashion বুলি কটাক্ষ কৰা হয় ৷
পূৰ্বতে ভাৰত, পাৰ্চিয়া, তুৰস্ক বা চীনদেশ ভ্ৰমণ কৰা পশ্চিমীয়া ভ্ৰমণকাৰীসকলে সেই দেশবোৰত সঘনে ফেশ্বন পৰিৱৰ্তন হোৱা বুলি মন্তব্য কৰিছিল ৷ 1609 চনত এজন জাপানী সেনা বিষয়াই স্পেনিছ ভ্ৰমণকাৰীৰ আগত জাপানত এহেজাৰ বছৰত পোছাকৰ কোনো পৰিবৰ্তন হোৱা নাছিল বুলি গৌৰৱ কৰিছিল ৷
আনহাতে মিং চীনত চীনা ফেশ্বনৰ দ্ৰুতগতিত পৰিৱৰ্তন হোৱাৰ যথেষ্ট প্ৰমাণ পোৱা যায় । পশ্চিম আফ্ৰিকাত ফেশ্বনৰ এক দীঘলীয়া ইতিহাস আছে । ইয়াত ষোড়শ শতিকাৰ আৰম্ভণিতে পৰ্তুগীজ বা ডাচ্চসকলৰ সৈতে বাণিজ্যত কাপোৰক মুদ্ৰাৰ এক প্ৰকাৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল । ওয়ো আৰু ইগবো সম্প্ৰদায়ৰ লোকসকলৰ মাজত কাপোৰ বোৱাৰ এক অসাধাৰণ শক্তিশালী পৰম্পৰা আছিল ।
সময়ৰ লগত সংগতি ৰাখি ফেশ্বনৰ অৰ্থ সলনি হৈছে ৷ এটা সময়ত আমি আমাৰ কলা-কৃষ্টি-সংস্কৃতি পৰিচয়ৰ বাবে সাজসজ্জাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলো ৷ কিন্তু সম্প্ৰতি ফেশ্বন এক বৃহৎ উদ্যোগলৈ পৰিণত হৈছে ৷
লগতে পঢ়ক : আজি ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস