ETV Bharat / bharat

World Childrens Day 2022: জানক ২০ নৱেম্বৰত কিয় পালন কৰা হয় বিশ্ব শিশু দিৱস

author img

By

Published : Nov 20, 2022, 7:12 PM IST

সমগ্ৰ বিশ্বতে শিশুসকলৰ অধিকাৰৰ প্ৰচাৰ আৰু সুৰক্ষাৰ বাবে প্ৰতি বছৰে ২০ নৱেম্বৰৰ দিনটোত বিশ্ব শিশু দিৱস হিচাপে পালন কৰা হয় । এই দিৱস ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে সাৰ্বজনীন শিশু দিৱস হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু এই তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৫৯ চনত শিশুৰ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে ।

World Childrens Day 2022 significance and theme
জানক ২০ নৱেম্বৰত কিয় পালন কৰা হয় বিশ্ব শিশু দিৱস

সমগ্ৰ বিশ্বতে শিশুসকলৰ অধিকাৰৰ প্ৰচাৰ আৰু সুৰক্ষাৰ বাবে প্ৰতি বছৰে ২০ নৱেম্বৰৰ দিনটোত বিশ্ব শিশু দিৱস হিচাপে পালন কৰা হয়(World Childrens Day 2022) । এই দিৱস ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে সাৰ্বজনীন শিশু দিৱস হিচাপে প্ৰতিষ্ঠা কৰা হয় আৰু এই তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ১৯৫৯ চনত শিশুৰ অধিকাৰ ঘোষণাপত্ৰ গ্ৰহণ কৰে(World Childrens Day 2022 significance and theme) ।

এইবাৰ বিশ্ব শিশু দিৱস ২০২২ৰ বিষয়বস্তু হৈছে ‘প্ৰতিটো শিশুৰ বাবে অন্তৰ্ভুক্তি’(Inclusion for every child)। ৰাষ্ট্ৰসংঘৰ চৰকাৰী ৱেবছাইটত উল্লেখ আছে যে, জলবায়ু পৰিৱৰ্তন, শিক্ষা আৰু মানসিক স্বাস্থ্যৰ পৰা আৰম্ভ কৰি বৰ্ণবাদ আৰু বৈষম্যৰ অন্ত পেলোৱালৈকে শিশু আৰু যুৱক-যুৱতীসকলে তেওঁলোকৰ প্ৰজন্মৰ বাবে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত মাত মাতিছে আৰু তেওঁলোকেও প্ৰাপ্তবয়স্কসকলক এক উন্নত ভৱিষ্যত সৃষ্টি কৰিবলৈ আহ্বান জনাইছে । বিশ্ব শিশু দিৱসৰ উদ্দেশ্য হৈছে শিশুৰ অধিকাৰৰ পোষকতা, প্ৰচাৰ আৰু উদযাপন ।

যদিও ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস পালন কৰা হয়, কিন্তু বিভিন্ন দেশতো নিজাকৈ শিশু দিৱস উদযাপন কৰা হয় । ভাৰতত প্ৰতি বছৰে ১৪ নৱেম্বৰত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী হিচাপে শিশু দিৱস পালন কৰা হয় ।

ব্ৰিটেইনত ৩০ আগষ্টক শিশু দিৱস হিচাপে পালন কৰা হয় ৷ আনহাতে চীনত ১ জুনত পালন কৰা হয় শিশু দিৱস । আমেৰিকাত জুন মাহৰ প্ৰথম বা দ্বিতীয় দেওবাৰে এই দিনটো পালন কৰিবলৈ বাছি লোৱা হয় ।

ইয়াৰ উপৰিও জাপানত শিশু দিৱস পালন কৰা হয়- অষ্ট্ৰেলিয়াৰ ৫ মে' - জুলাই মাহৰ প্ৰথমটো দেওবাৰ, মেক্সিকোত ৩০ এপ্ৰিল, দক্ষিণ চুডানত ২৩ ডিচেম্বৰ আৰু কিউবাত ৩ জুলাইত এই দিৱস পালন কৰা হয় ।

লগতে পঢ়ক: Skin care: শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰক এইবিধ Moisturizer

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.