ETV Bharat / bharat

Manipur violence: মণিপুৰত পুনৰ হিংসা; অচিনাক্ত বন্দুকধাৰীৰ গুলীত নিহত মহিলা - মণিপুৰ

বিগত দুটা মাহে স্বাভাৱিক হোৱা নাই মণিপুৰৰ পৰিস্থিতি ৷ মণিপুৰৰ বিভিন্ন স্থানত অব্যাহত আছে অস্ত্ৰধাৰী দুৰ্বৃত্তৰ তাণ্ডৱ ৷

Manipur violence
Manipur violence
author img

By

Published : Jul 6, 2023, 9:04 PM IST

তেজপুৰ, 6 জুলাই: অশান্ত মণিপুৰত পুনৰ সংঘটিত হ’ল হিংসাত্মক ঘটনা ৷ বৃহস্পতিবাৰে পশ্চিম ইম্ফল জিলাৰ ‘শিশু শান্তি নিকেতন’ নামৰ এখন বিদ্যালয়ৰ চৌহদৰ সমীপত এগৰাকী মহিলাক গুলীয়াই হত্যা কৰা হয় ৷ মণিপুৰৰ এক স্থানীয় সূত্ৰই সদৰী কৰিছে এই তথ্য ৷ অচিনাক্ত বন্দুকধাৰী দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা ৷ ইফালে মণিপুৰত ইণ্টাৰনেট কৰ্তনৰ ম্যাদ 10 জুলাইলৈকে পুনৰ 5 দিনৰ বাবে বৃদ্ধি কৰা হৈছে ৷

আন এক ঘটনাত থৌবাল জিলাত ‘ভাৰতীয় ৰিচাৰ্ভ বেটেলিয়ন’ৰ (IRB) এটা আৱাসগৃহত অগ্নি সংযোগ কৰা হয় ৷ এই ঘটনাত এগৰাকী 27 বছৰীয়া লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক ইম্ফলৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

Manipur violence
মণিপুৰত বিগত 2টা মাহে অব্যাহত আছে হিংসা

আনহাতে মণিপুৰত বৰ্তমান ৩৩৬ টা আশ্ৰম শিবিৰত 12,104 গৰাকী শিক্ষাৰ্থীয়ে আশ্ৰয় গ্ৰহণ কৰি আছে ৷ ইয়াৰ সমান্তৰালভাৱে প্ৰায় 8722 গৰাকী শিক্ষাৰ্থীক বিভিন্ন বিদ্যালয়ত নামভৰ্তি কৰি বিনামূলীয়াকৈ পাঠ গ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছে ৷ উল্লেখ্য যে বিগত 5 জুলাইৰ পৰা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয়সমূহৰ পাঠাদান আৰম্ভ কৰা হৈছে ৷

অৱশ্যে মণিপুৰৰ মুঠ 4617খন বিদ্যালয়ৰ ভিতৰত 96 খন বিদ্যালয় আশ্ৰয় শিবিৰ হিচাবে ব্যৱহাৰ হৈ থকাৰ পৰিপ্ৰেক্ষিতত পাঠদান আৰম্ভ কৰিব পৰা হোৱা নাই ৷

উল্লেখ্য যে হিংসাজৰ্জৰ ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ মণিপুৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও প্ৰতিদিনেই সংঘটিত হৈ আছে বিভিন্ন অপ্ৰীতিকৰ ঘটনা ৷ মণিপুৰৰ কুকি আৰু মেইটেইসকলৰ মাজত হোৱা গোষ্ঠী সংঘৰ্ষৰ ফলত বৰ্তমানলৈকে 120ৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 300ৰো অধিক লোক আঘাতপ্ৰাপ্ত হৈছে ৷ আনহাতে 70 হাজাৰৰ অধিক লোক গৃহহীন হৈছে ৷

লগতে পঢ়ক: Manipur violence: মণিপুৰত পুনৰ সংঘৰ্ষ; দুই গাঁও সুৰক্ষা বাহিনীৰ স্বেচ্ছাসেৱক নিহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.