ETV Bharat / bharat

Woman Put Herself at Stake : লুডুত হাৰি নিজকে বাজিত লগালে দুটি সন্তানৰ মাতৃয়ে

author img

By

Published : Dec 4, 2022, 10:48 PM IST

লুডুত হাৰি পত্নীয়ে নিজকে লগালে বাজি (Woman Put Herself at Stake)৷ আৰক্ষীৰ কাষ চাপিছে বহিঃৰাজ্যত কৰ্মৰত স্বামী ৷ ঘটনাটো আমোদজনকৰ লগতে চাঞ্চল্যকৰো ৷ পঢ়িব...

Woman Put Herself at Stake
লুডুত হাৰি নিজকে বাজিত লগালে দুটি সন্তানৰ মাতৃয়ে

নিউজ ডেস্ক, 4 ডিচেম্বৰ : জুৱা খেলত বাজি লগাই সা-সম্পত্তি, ধন হেৰুওৱাৰ খবৰ আমি প্ৰায়েই লাভ কৰোঁ ৷ বহু সময়ত সৰ্বস্বান্ত হয় বহুজন ৷ বিশেষকৈ নিষিদ্ধ জুৱাত লিপ্ত হৈ স্বামী সৰ্বস্বান্ত হোৱাৰ পাছত সংসাৰ ভগাও দেখা যায় ৷ কিন্তু জুৱাখেলত মহিলাই ধন-বিত সকলো হেৰুওৱাৰ পাছত নিজকে বাজিত লগোৱা খবৰে নিশ্চয় আপোনাক আচৰিত কৰি তুলিব ৷ তেনে এক ঘটনা সংঘটিত হৈছে এই মুলুকতে ৷

ঘটনাটো উত্তৰ প্ৰদেশৰ ৷ ৰাজ্যখনৰ প্ৰতাপগড়ত আছিল এখন সুখৰ সংসাৰ ৷ ‘আমি দুটা, আমাৰ দুটা’ হিচাপত দুটি সন্তানৰ সৈতে সুখেৰেই দিন পাৰ কৰি আহিছিল এক দম্পত্তিয়ে ৷ সংসাৰৰ ৰথখন সুকলমে চলোৱাৰ স্বাৰ্থত স্বামীয়ে ইটা ভাটাত কাম কৰে ৷ তাকো ঘৰৰ পৰা দূৰৈত, ৰাজস্থানত ৷ স্বামীৰ অনুপস্থিতিত প্ৰতাপগড়ৰ এটা ভাড়াঘৰত দুটি সন্তানক সাৱটি বাস কৰি আহিছে মহিলাগৰাকীয়ে ৷ সন্তান দুটিৰ লগতে পত্নীৰ বাবে মাজে-সময়ে একাউণ্ট যোগে ধন পঠিয়াই থাকে ইটাভাটাত কৰ্মৰত স্বামীয়ে ৷

তথাপিত, মানুহৰ মনহে ! মন যায় আন বহুতৰ দৰে চলাফুৰা কৰিবলৈ, নিজাকৈ দুটকা ঘটিবলৈ ৷ অৱশ্যে সেই উদ্দেশ্য নহ’লেও ‘নিচা’ত ডুবি হ’লেও জড়িত হৈ পৰিল জুৱাখেলত ৷ তাকো লুডু খেলত ৷

লুডু জুৱাৰ সংগী হ’ল ভাড়াঘৰৰ মালিক ৷ স্বামীয়ে মাজে-সময়ে যোগান ধৰা ধনৰ শৰাধ পাতি পত্নীয়ে খেলি গ’ল জুৱা ৷ লুডুৰ জুৱাত জিকাতো বাদেই, হাৰি হাৰি হায়ৰান হৈ পৰিল জুৱাৰী মহিলাগৰাকী ৷ স্বামীৰ ধনেৰে জুৱা খেলি একাউণ্টত লালবাতি জ্বলাৰ পাছৰ কাহিনী জানিলে আপুনিও ক’ব- ‘জুৱাই মানুহক ইমান তললৈ নিব পাৰে ! ইফালে দুটা সন্তানৰ মাতৃ’৷

ধনৰ ভঁৰাল উদং হ’লেও জুৱাৰ মোহ এৰিব নোৱৰা মহিলাগৰাকীয়ে এইবাৰ নিজকে ‘বাজি’ হিচাবে লগাবলৈ প্ৰস্তুত হ’ল(Woman Put Herself at Stake)৷ গ্ৰহণ কৰিলে জুৱাৰী সংগী ভাড়াঘৰৰ মালিকেও ৷ অৱশ্যে কিমানখন খেল সেই ‘বাজি’ৰে চলিল জানিব পৰা হোৱা নাই ৷ যিকি নহওক, জুৱাৰী মহিলাগৰাকী নিজকে জুৱাৰ নামত তন-মন সঁপি দিয়াৰ পাছত স্বামীৰ লগত স্বাভাৱিকতেই আগৰ সম্পৰ্ক নোহোৱা হ’ল অথবা যাৰ ওচৰত নিজকে ‘বাজি’ লগালে মহিলাগৰাকী তেওঁৰ সম্পত্তিলৈ পৰিণত হ’ল ৷

কিন্তু মহিলাগৰাকীৰ সমগ্ৰ কাৰ্যকলাপ বহিঃৰাজ্যত কৰ্মৰত স্বামীৰ অজ্ঞাতেই হৈ আহিছিল ৷ এদিন স্বামী নিজ ঘৰলৈ অহাৰ কথা পত্নীলৈ ফোন কৰি কওতেই ওলাই পৰিল জোলোঙাৰ মেকুৰীটো ৷ স্বামী ঘৰলৈ অহাত বাধা দি মহিলাগৰাকীয়ে জানিবলৈ দিলে যে- যদিহে স্বামী ঘৰলৈ আহে অথবা পত্নীৰ কাষলৈ যায়, জুৱাত জয়ী হোৱা ভাড়াঘৰৰ মালিকে কাটি পেলাব ৷ মৰমৰ পত্নীৰ পৰা এইষাৰ বাক্য শুনাৰ পাছত সৰগ ভাগি পৰিল স্বামীৰ মূৰত ৷

ঘটনা সন্দৰ্ভত স্বামী ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে ৷ বিষয়টোৰ সন্দৰ্ভত আৰক্ষীয়ে চিন্তা-চৰ্চা, গৱেষণা কৰি থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Man married twin sister: এজন যুৱকে বিয়া কৰালে যমজ ভগ্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.