নেশ্যনেল ডেস্ক,26 জুলাই : তেলেংগানাৰ নগৰকুৰ্ণুল জিলাৰ থিম্মাজিপেটা মণ্ডলৰ নেৰেলাপল্লীত সংঘটিত হৈছে এক দুখজনক ঘটনা ৷ সন্তানক স্তনপাণ কৰোৱাৰ সময়তে আকস্মিকভাৱে অসুস্থ হৈ পৰে 25 বৰ্ষীয় জয়শ্ৰী(woman dies of heart attack while breastfeeding in Telanganas Nagarkurnool)৷
তৎক্ষণাতে মহিলাগৰাকীক পৰিয়ালৰ লোকে স্থানীয় মহাবুবনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ আনে ৷ মহিলাগৰাকীৰ হৃদযন্ত্ৰৰ ভালভত সাধাৰণ সমস্যা এটা আছে যিটো ঔষধেৰে নিৰাময় কৰিব পৰা যাব বুলি চিকিৎসকে অসুস্থ মহিলাগৰাকীৰ পৰিয়ালক জনোৱাৰ পিছত তেওঁক পুনৰ ঘৰলৈ লৈ অনা হয় ৷
কিন্তু কোনে জানে বিধিৰ বিপাক ? দেওবাৰে পুৱা প্ৰায় 5:30 বজাত 2 বছৰীয়া কন্যা সন্তানক দুগ্ধপাণ কৰায় থকাৰ সময়তে মৃত্যুক আকোঁৱালি ললে 25 বৰ্ষীয় জয়শ্ৰীয়ে ৷ চিকিৎসকে জানিবলৈ দিয়া অনুসৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাৰ ফলতে জয়শ্ৰীৰ মৃত্যু ঘটে ৷
পিতৃ-মাতৃ আৰু শহুৰেক তীৰ্থযাত্ৰাৰ বাবে তামিলনাডুলৈ যোৱা হেতুকে জয়শ্ৰী সন্তানটি আৰু ককাক-আইতাকৰ সৈতে স্বগৃহত থকাৰ সময়তে সংঘটিত হয় শোকাৱহ ঘটনাটো ৷ তেলেংগানাৰ এই ঘটনাই সম্প্ৰতি সংবাদ মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা ৷
লগতে পঢ়ক: Medicine price hike : দৰবৰ পুনৰ মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধাইছে সৰ্বসাধাৰণক