নেশ্যনেল ডেস্ক,১৬ মে' : জম্মু-কাশ্মীৰ সীমান্তত অপৰাধজনিত ঘটনা যেনে- অনুপ্ৰৱেশকে ধৰি বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য, গৰুৰ সৰবৰাহ অব্যাহত আছে । তাৰ মাজতে জম্মু-কাশ্মীৰ সীমান্তত পুনৰ গুলীচালনা (Firing in LoC)। নিৰাপত্তা বাহিনীৰ গুলীত নিহত এগৰাকী মহিলা । অনুপ্ৰৱেশকাৰীৰ সন্দেহত নিৰাপত্তা বাহিনীয়ে গুলীয়াই হত্যা কৰে অচিনাক্ত মহিলাগৰাকীক । সন্দেহ কৰা মতে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল মহিলাগৰাকীয়ে ।
জানিব পৰা মতে মহিলাগৰাকীয়ে নিৰাপত্তা বাহিনীৰ সতৰ্কবাণী উপেক্ষা কৰি নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰাৰ চেষ্টা কৰিছিল । অৱশেষত নিৰাপত্তা বাহিনীয়ে মহিলাগৰাকীক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হয় (Suspected woman intruder shot dead)। ঘটনাটো জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত সংঘটিত হৈছে ।
সূত্ৰৰ মতে মহিলাগৰাকীয়ে কমলকোট অঞ্চলত এলঅ'চি পাৰ হৈছিল । মহিলাগৰাকীয়ে আগবাঢ়ি আহি ভাৰতৰ সীমান্তৰ বেৰৰ ওচৰ পাইছিল । মহিলাগৰাকীক নিৰাপত্তা বাহিনীয়ে বাধা দিছিল কিন্তু সেয়া অবজ্ঞা কৰি মহিলাগৰাকী আগবাঢ়ি গৈছিল । কোনো বিকল্প নথকাত নিৰাপত্তা বাহিনীয়ে গুলীচালনা কৰিছিল । বিষয়াসকলে জনোৱা মতে, বিষয়টোৰ তদন্ত আৰম্ভ হৈছে । অৱশ্যে এতিয়ালৈ জানিব পৰা হোৱা নাই মৃত মহিলাগৰাকীৰ হাতত কোনো অস্ত্ৰ-শস্ত্ৰ আছিল নে নাই । মহিলাগৰাকীৰ উদ্দেশ্য কি আছিল সেয়াও জানিব পৰা হোৱা নাই ।
ইফালে, চলিত বছৰৰে এপ্ৰিল মাহৰ শেষ সপ্তাহত আৰক্ষীয়ে পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা পাৰ হৈ জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰলৈ অহাৰ পাছত দুই লোকক আটক কৰে । গ্ৰেপ্তাৰ কৰা পিতা-পুত্ৰক নিৰাপত্তা বিষয়াসকলে পাছত সোধা-পোছা কৰে (Intruder arrested in Poonch sector)। জেৰাৰ সময়ত দুয়োজনৰে পৰা কিন্তু নিৰাপত্তা বাহিনীয়ে কোনো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিব পৰা নাছিল । অৱশ্যে পিতা-পুত্ৰই ইচ্ছাকৃতভাৱে বা অজানিতে নিয়ন্ত্ৰণ ৰেখাৰ ওচৰলৈ আহিছিল সেয়া জানিবলৈ নিৰাপত্তা বাহিনীয়ে অনুসন্ধান কৰি আছে । ইফালে ভাৰত-পাকিস্তান সীমান্তত অনুপ্ৰৱেশৰ ঘটনা প্ৰায়ে সংঘটিত হোৱা দেখা গৈছে । যাৰ বাবে সীমান্তত নিৰাপত্তা বাহিনী অধিক কঠোৰ হৈ আছে ।
লগতে পঢ়ক :Akola communal clash : মহাৰাষ্ট্ৰৰ আকোলাত সান্ধ্য আইন জাৰি: নিহত ১ জন