নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী: অন্ধবিশ্বাসৰ চৰম সীমা অতিক্ৰম কৰিলে কাণপুৰৰ এগৰাকী মহিলাই ৷ মহাদেৱ শিৱক সন্তুষ্ট কৰিবলৈ গৈ 84 ঘণ্টা সোমাই থাকিল গাঁতত ৷ ঘটনা অনুসৰি, কাণপুৰৰ এগৰাকী মহিলাই পৰিয়ালৰ লোকক কেইদিনমানৰ পৰা সপোনত শিৱই আহি মাটিৰ তলত পূজা-অৰ্চনা কৰিবলৈ কোৱা বুলি কয় ৷ সেয়েহে ঘৰৰ প্ৰৱেশদ্বাৰত 4 ফুট দ’ এটা গাঁত খান্দি তাৰ ভিতৰত সোমাই 48 ঘণ্টাৰ বাবে পূজা কৰে ৷ অৱশেষত পৰিয়ালৰ লোকে মহিলাগৰাকীৰ কোনো সম্ভেদ নাপাই আৰক্ষীক খবৰ দিয়াত অচেতন অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰে গাঁতৰ পৰা ৷
সম্প্ৰতি এছডিএম অৰুণ কুমাৰ শ্ৰীবাস্তৱ আৰু চক্ৰ বিষয়া ঘাটমপুৰকে ধৰি জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালৰ লোকক সোধ-পোছ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷ অৱশেষত মহিলাগৰাকীক উদ্ধাৰ কৰি আৰক্ষীৰ দলে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: শদিয়াত সংকল্প দিৱস উদযাপন