ETV Bharat / bharat

India Canada relations : কানাডাৰ সৈতে সম্পৰ্কৰ অৱনতি, ভাৰতৰ কৃষি খণ্ডত পৰিব নেকি ইয়াৰ প্ৰভাৱ ? - Canada relation effects on Indian food economy

কানাডা বছৰ বছৰ ধৰি পটাছৰ নিৰ্ভৰযোগ্য উৎস হৈ আহিছে । বিশ্বৰ সৰ্ববৃহৎ পটাছ ভাণ্ডাৰো আছে । ভাৰত আৰু কানাডাৰ মাজত বৰ্তমানৰ স্থিতিয়ে ভাৰতৰ খাদ্য অৰ্থনীতিত প্ৰভাৱ পেলাব নেকি ? ভাৰতীয় ৰাষ্ট্ৰীয় বীজ সংস্থাৰ নীতি আৰু প্ৰসাৰৰ প্ৰাক্তন কাৰ্যসূচী সঞ্চালক ইন্দ্ৰ শেখৰ সিঙে এই সন্দৰ্ভত ব্যাখ্যা আগবঢ়াইছে ।

India Canada relation
কানাডাৰ সৈতে সম্পৰ্কৰ অৱনতি ভাৰতৰ কৃষি খণ্ডত পৰিব নেকি ইয়াৰ প্ৰভাৱ
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 6:04 PM IST

নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ : খালিস্তানী নেতাৰ হত্যাক লৈ ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্কৰ যথেষ্ট অৱনতি হৈছে । এনে এক পৰিস্থিতিত ৰাজনৈতিক নেতা আৰু কৃষকসকলে কৃষিক্ষেত্ৰৰ ওপৰত পুনৰ গুৰুত্ব দিয়াটো অত্যাৱশ্যকীয় হৈ পৰিছে । কিয়নো দুয়োখন দেশৰ সম্পৰ্ক উন্নত নহ'লে ই ভাৰতৰ খাদ্য অৰ্থনীতিৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে ।

উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ সংঘৰ্ষ আৰম্ভ হোৱাৰ পাছতে সাৰৰ মূল্য বৃদ্ধি পাইছে, ডি-এমোনিয়াম ফছফেট (ডিএপি)ৰ মূল্য শেহতীয়াকৈ ২৫ শতাংশ আৰু এনপিকে (নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম) সাৰৰ মূল্যও বৃদ্ধি পাইছে । লক্ষণীয়ভাৱে কানাডাত বিশ্বৰ সৰ্ববৃহৎ পটাছ ভাণ্ডাৰ আছে । ঔদ্যোগিক কৃষিৰ বাবে এক গুৰুত্বপূৰ্ণ খনিজ পটাছ (এম.ও.পি.) সাৰ উৎপাদনৰ মূল কানাডা । বিশ্বজুৰি পটাছৰ ৩০ শতাংশতকৈও অধিক সঞ্চয় আৰু শীৰ্ষ উৎপাদক হোৱাৰ উপৰিও কানাডা যোৱা বছৰ প্ৰাথমিক এম.ও.পি. যোগান কৰ্তা আছিল ।

ৰাছিয়া ইউক্ৰেইন সংঘৰ্ষৰ ফলত সাৰৰ যোগান সীমিত হৈ পৰিছে । ভাৰতত সীমিত পটাছৰ উৎস আছে । চীন আৰু কানাডা দুয়োখন দেশ মুখ্য পটাছ উৎপাদক । ইয়াৰ ওপৰত ভাৰতৰ কৃষি পৰিস্থিতি যথেষ্ট নিৰ্ভৰ কৰে । সম্পৰ্কৰ অৱনতি হোৱাৰ লগে লগে কানাডাই ভাৰতৰ পৰা ৰেহাই বিচাৰি লাভান্বিত কৰিব পাৰে । লগতে ভাৰতলৈ কানাডিয়ান পটাছ ৰপ্তানিৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞাৰ বাবেও জোৰ দিব পাৰে ।

এনে পদক্ষেপে ভাৰতৰ খাদ্য সুৰক্ষা আৰু শস্য চপোৱাৰ ক্ষেত্ৰত ক্ষতি কৰিব পাৰে । সাৰৰ এনে বিপদাশংকাৰ কথা চিন্তা কৰি ভাৰতীয় নেতাসকলে কানাডাক নিৰৱচ্ছিন্ন পটাছ যোগান নিশ্চিত কৰিবলৈ আহ্বান জনাইছে । যেতিয়ালৈকে ভাৰতে ৰাছিয়া আৰু বেলাৰুছৰ পৰা চালান বৃদ্ধি কৰিব নোৱাৰে ভাৰতে গুৰুত্বপূৰ্ণ কৃষি ইনপুটৰ সম্ভাৱ্য অভাৱৰ সন্মুখীন হ'ব পাৰে । ফলত ৰবি শস্য আৰু ঘেঁহু চপোৱাত যথেষ্ট প্ৰভাৱ পৰিব পাৰে ।

সাৰৰ পৰা খাদ্যলৈ কানাডা দীৰ্ঘদিন ধৰি ভাৰতলৈ মূল্যৱান কৃষিজাত সামগ্ৰীৰ এক গুৰুত্বপূৰ্ণ যোগানকৰ্তা হৈ আহিছে । তাৰ ভিতৰত আছে মচুৰ দাইল, তৈল বীজ, কেনোলা তেল আৰু খাদ্য তেলৰ কেক আৰু অন্যান্য । মাহজাতীয় শস্য, বিশেষকৈ মচুৰ দাইল ভাৰতলৈ কানাডাৰ ৰপ্তানিৰ ৯৫ শতাংশ । প্ৰ'টিনৰ মুখ্য উৎস বুটমাহ, বগা আৰু হালধীয়া মটৰৰ ক্ষেত্ৰত কানাডা শীৰ্ষ যোগানকৰ্তা ।

ভাৰতীয় কৃষিয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বান বিশেষকৈ মচুৰ দাইল আৰু তৈলবীজ উৎপাদনৰ মন্দাৱস্থাৰ কথা বিবেচনা কৰি ঘৰুৱা যোগান ইতিমধ্যে কঠিন হৈ পৰিছে । আগন্তুক সময়ত ভাৰতে ইয়াৰ প্ৰ'টিন আৰু তৈলবীজ যোগানক অগ্ৰাধিকাৰ দিব লাগিব ।

লগতে পঢ়ক :Canadian assistance to Ukraine : যুদ্ধবিধ্বস্ত ইউক্ৰেইনলৈ কানাডাৰ সহায়ৰ হাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.