ETV Bharat / bharat

Extra Marital Affair: আনৰ সৈতে শাৰীৰিক সম্পৰ্ক থকাৰ বাবেই পত্নীয়ে কাটিলে স্বামীৰ গুপ্তাংগ

author img

By

Published : Dec 20, 2022, 1:52 PM IST

Updated : Dec 20, 2022, 2:30 PM IST

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি ৷ অন্য মহিলাৰ লগত শাৰীৰিক সম্পৰ্ক থকাৰ কথা গম পাই পত্নীয়ে কাটিলে স্বামীৰ গুপ্তাংগ (Wife Cut Husbands Private Part) ৷

wife cut her husbands private part
স্বামীৰ গুপ্তাংগ ৰেপিলে ব্লেডে

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : প্ৰেমত ঘূৰিছে ভূ-মণ্ডল, প্ৰেমত ফুলিছে শতদল ৷ প্ৰেম এক স্বৰ্গীয় অনুভূতি ৷ কিন্তু প্ৰেমে যেতিয়া প্ৰতাৰণাৰ ৰূপ লয় তেতিয়াই ই ভয়ংকৰ ৰূপ লৈ উঠে (Extra Marital Affair Case) ৷ অন্ধ্ৰপ্ৰদেশৰ ৰাজলৌত জঘন্য ঘটনা সংঘটিত হৈছে ৷ অন্য মহিলাৰ লগত শাৰীৰিক সম্পৰ্ক থকাৰ কথা গম পাই পত্নীয়ে কাটিলে স্বামীৰ গুপ্তাংগ (Wife Cut Husbands Private Part)৷

ঘটনাৰ বিৱৰণী অনুসৰি ৰাজলৌৰ মালিকীপুৰম মণ্ডলৰ গুডাপল্লীত এটা পৰিয়াল সুখেৰে বাস কৰিছিল ৷ পতি, পত্নী আৰু দুই সন্তানৰ সৈতে থকা সংসাৰখন থানবান কৰিলে পৰকীয়া প্ৰেমে ৷ নিজ পত্নীৰ সম্বন্ধীয় ভগ্নীৰ লগতেই আছিল স্বামীৰ পৰকীয়া প্ৰেমৰ সম্পৰ্ক ৷

যোৱা 17 ডিচেম্বৰত লোকজনৰ পৰকীয়া প্ৰেমিকাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ তেওঁৰ আমন্ত্ৰণ কৰিছিল ৷ আমন্ত্ৰণ ক্ৰমে লোকজনেও প্ৰেমিকাৰ ঘৰলৈ থাকিবলৈ গৈছিল ৷ কিন্তু তেওঁক বাৰে বাৰে পত্নীয়ে ফোন কৰি থকা তেওঁ বিমোৰত পৰে ৷ উপায়বিহীন হৈ পত্নীৰ ফোন ৰিচিভ কৰি ব্নুধৰ ঘৰত থকা বুলি কৈছিল লোকজনে (Husbands extra marital affair) ৷ পত্নীৰ এই কথাত বিশ্বাস নোহোৱাত পুনৰ স্বামীক ক’ত আছে বুলি সোধাত সঁচা কথা ওলাই পৰে ৷

স্বামীৰ পৰকীয়ে প্ৰেমৰ সম্পৰ্ক পোহৰলৈ অহাৰ পিছতে পত্নীয়ে স্বামীৰ লগত কাজিয়াত লিপ্ত হয় ৷ "তোৰ অন্য মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক আছে, গতিকে মই তোক....." ইয়াৰ পিচতে খঙত অগ্নিশৰ্মা হৈ মহিলাগৰাকীয়ে স্বামীৰ গুপ্তাংগ ব্লেডেৰে ৰেপি দিয়ে ৷ লগে লগে বিষত চিঞৰি উঠে স্বামীয়ে ৷ ব্লেডৰ আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত স্বামীক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ৰাজলু চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ অৱস্থা অধিক সংকটজনক হোৱাত অমলাপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ৷

এই ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত লোকজনৰ পত্নীক সোধ পোছ কৰে৷ আৰক্ষীৰ প্ৰশ্নত সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বিৱৰণী দিয়ে পত্নীয়ে ৷ সম্প্ৰতি এই ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়ক: Gang of devils group arrested: গ্ৰেপ্তাৰ হ’ল গেং অৱ ডেভিল গ্ৰুপৰ মূল খলনায়ক

Last Updated : Dec 20, 2022, 2:30 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.