ETV Bharat / bharat

Rahul Gandhi stands disqualified: সাংসদ পদ খাৰিজৰ পৰা ৰক্ষা পাবলৈ ৰাহুল গান্ধীৰ কৰণীয় কি হ’ব ? - Rahul Gandhi latest news

ইতিমধ্যে সাংসদ পদ খাৰিজ হ’ল ৰাহুল গান্ধীৰ ৷ মোদী উপাধিক লৈ কৰা মন্তব্যৰ বাবে চূৰাট আদালতে দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ড বিহিছে ৰাহুল গান্ধীক ৷ বৃহস্পতিবাৰে আদালতে এই ঘোষণা কৰাৰ পাচতে আজি লোকসভাৰ সচিবালয়ে ৰাহুল গান্ধীক সাংসদ পদৰ বাবে অযোগ্য বিবেচিত কৰিছে (Rahul Gandhi stands disqualified) ৷

Rahul Gandhi stands disqualified
Rahul Gandhi is no longer parliament member
author img

By

Published : Mar 24, 2023, 9:33 PM IST

নিউজ ডেস্ক, 24 মাৰ্চ: লোকসভা সচিবালয়ে শুকুৰবাৰে ঘোষণা কৰে যে, কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী বৰ্তমান সংসদৰ সদস্য নহয় ৷ চূৰাট আদালতে 2019 চনৰ এটা মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি ৰাহুল গান্ধীক দুবছৰৰ বাবে কাৰাদণ্ড বিহিছে ৷ কৰ্ণাটকৰ এখন নিৰ্বাচনী সভাত ‘‘মোদী উপাধি’’ক লৈ এক বিতৰ্কিত মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে ৷ এতিয়া সেই মন্তব্যৰ বাবে অপৰাধমূক মানহানিৰ গোচৰত ৰাহুল গান্ধীক কাৰাদণ্ড বিহিছে চূৰাট আদালতে (Rahul Gandhi convicted of defamation case) ৷

একাংশ আইনী বিশেষজ্ঞৰ মতে, অপৰাধী ঘোষণাৰ পাচত ‘স্বয়ংক্ৰিয়ভাৱে’ খাৰিজ হৈ পৰিল ৰাহুল গান্ধীৰ সাংসদ পদ ৷ আন একাংশই মতামত দিছে যে, বিৰোধী নেতাগৰাকীয়ে দোষী সাব্যস্ত হোৱাতো বাতিলৰ বাবে বৈধ প্ৰক্ৰিয়া গ্ৰহণ কৰিব পাৰে আৰু সংসদৰ সদস্যপদ অক্ষুণ্ণ ৰাখিব পাৰে । ভাৰতৰ প্ৰধান বিৰোধী নেতাগৰাকীক অযোগ্য ঘোষণা কৰা আইনী কাৰিকৰী দিশসমূহৰ চমু বিৱৰণ আৰু সংসদত পুনৰ নিযুক্তি লাভৰ বাবে তেওঁ পৰৱৰ্তী সময়ত বাছি ল’ব পৰা সম্ভাৱ্য উপায়সমূহৰ বিষয়ে চমু বিৱৰণ দিয়া হ’ল (Rahul Gandhi stands disqualified) ।

কিয় খাৰিজ হ’ল ৰাহুল গান্ধীৰ সাংসদ পদ ?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ভাৰতীয় সংবিধানৰ 102(1)(e) অনুচ্ছেদ আৰু জনপ্ৰতিনিধিত্ব আইন 1951 ৰ ধাৰা 8 অনুসৰি অপৰাধী ঘোষণা কৰা হয় ৷ ২০১৯ চনত কৰ্ণাটকত নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোদীৰ উপাধিৰ সম্পৰ্কত এক মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে । এই গোচৰত চূৰাটৰ জিলা আদালতে তেওঁক 2 বছৰৰ কাৰাদণ্ড বিহে ৷ এই সময়সীমা হৈছে মানহানিৰ গোচৰৰ সৰ্বোচ্চ শাস্তি (Surat court verdict on Rahul Gandhi) ।

লগতে পঢ়ক: Modi surname case: মোদীৰ নাম মুখত লৈ সদনত অযোগ্য বিবেচিত ৰাহুল গান্ধী

যদিও ৰাহুল গান্ধীক জামিন আৰু এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিবলৈ 30 দিনৰ সময় দিয়া হৈছিল, তথাপিও এই নিৰ্দেশৰ ফলত তেওঁক আইনৰ অধীনত সংসদৰ সদস্য হিচাপে ‘স্বয়ংক্ৰিয়ভাৱে অযোগ্য’ কৰা হৈছে । 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ ধাৰা ৮(৩) অনুসৰি সংসদৰ এজন সদস্যক যিকোনো অপৰাধত দোষী সাব্যস্ত কৰি কমেও দুবছৰৰ শাস্তি প্ৰদান কৰিলে তেওঁ স্বয়ংক্ৰিয়ভাৱে অযোগ্য বিবেচিত হয় । ফলস্বৰূপে শুকুৰবাৰে লোকসভা সচিবালয়ে তেওঁৰ সংসদৰ সদস্য হিচাপে অযোগ্য ঘোষণা কৰি জাননী জাৰি কৰে (Rahul Gandhi is no longer parliament member) ।

অযোগ্য ঘোষণাৰ পিচত কি পৰিৱৰ্তন হয় ?

যেতিয়ালৈকে অযোগ্যতা বৈধ হৈ থাকিব তেতিয়ালৈকে ৰাহুল গান্ধীয়ে সংসদীয় কাৰ্যবিধিত উপস্থিত থাকিব নোৱাৰে । অযোগ্য ঘোষণাৰ ফলত কেৰালাৰ ৱায়ানাদৰ আসনখনো খালী ঘোষণা কৰা হৈছে ৷ যিটো সমষ্টিৰ পৰা ৰাহুল গান্ধী সাংসদ নিৰ্বাচিত হৈছিল । সেয়েহে, নিৰ্বাচন আয়োগে এই আসনৰ বাবে বিশেষ নিৰ্বাচন ঘোষণা কৰিব পাৰে । ৰাহুল গান্ধীক হয়তো নতুন দিল্লীৰ চৰকাৰী বাংলো খালী কৰিবলৈও নিৰ্দেশ দিয়া হ’ব পাৰে (Rahul Gandhi latest news) ।

ৰাহুলৰ বাবে পৰৱৰ্তী কি সুবিধা বা ব্যৱস্থা আছে ?

ৰাহুল গান্ধীয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰি এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাব পাৰে আৰু দোষী সাব্যস্ত হোৱাৰ আদেশত স্থগিতাদেশৰ অনুৰোধ কৰিব পাৰে । তেওঁক জামিন লাভ কৰিব পাৰে, যাৰ বাবে 30 দিনৰ সময়সীমা প্ৰদান কৰা হৈছে । নিৰ্বাচন আয়োগৰ পৰামৰ্শ লৈ সাংসদক অযোগ্য ঘোষণা কৰাৰ অধিকাৰ কেৱল ৰাষ্ট্ৰপতিৰহে আছে বুলি দাবী কৰি কংগ্ৰেছ নেতাসকলে অযোগ্য ঘোষণাৰ ওপৰত আপত্তি কৰাৰ সময়তো তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰত ৰেহাইৰ বাবে আবেদন কৰিব পাৰে (Rahul Gandhi news updates) ।

লগতে পঢ়ক: Khalistani supporters protest in London : ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ গোচৰ ৰুজু

সংবিধানৰ 103 নং অনুচ্ছেদৰ অধীনত সংসদৰ কোনো সদস্য অযোগ্যতাৰ আওতাত আছে নে নাই সেই সন্দৰ্ভত ৰাষ্ট্ৰপতিয়েই চূড়ান্ত আহ্বান ল’ব পাৰে ৷ যাৰ ফলত ৰাহুল গান্ধীয়ে কিছু সকাহ লাভ কৰাৰ সুযোগ থাকিব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.