ETV Bharat / bharat

অনুপ্ৰৱেশকাৰীক প্ৰৱেশৰ সুবিধা দিয়া বিজেপি সাংসদক এতিয়াও কিয় প্ৰশ্ন কৰা নাই; কংগ্ৰেছৰ অভিযোগ - INDIA bloc anti government protests

Congress Slams BJP Govt : কংগ্ৰেছৰ সাংসদ জয়ৰাম ৰমেশে প্ৰশ্ন কৰে যে সংসদৰ নিৰাপত্তা উলংঘনৰ ঘটনাৰ সাত দিন পাছতো লোকসভাত অনুপ্ৰৱেশকাৰী দুজনৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰা বিজেপি সাংসদ প্ৰতাপ সিঙক এতিয়ালৈকে সোধা-পোছা কৰা হোৱা নাই । ইফালে বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে সাংসদসকলক বহিষ্কাৰ কৰাটো অগণতান্ত্ৰিক বুলি অভিহিত কৰিছে । তেওঁলোকে লোকসভাত নিৰাপত্তা উলংঘনৰ ওপৰত গৃহমন্ত্ৰীৰ বিবৃতিহে দাবী কৰিছিল, বেলেগ একো কৰা নাছিল । উল্লেখ্য যে ইয়াৰ প্ৰতিবাদত ইণ্ডিয়া ব্লকে শুকুৰবাৰে দেশজুৰি চৰকাৰ-বিৰোধী প্ৰতিবাদৰ আহ্বান জনাইছে ।

congress questioned over Parliament breach
অনুপ্ৰৱেশকাৰীক প্ৰৱেশৰ সুবিধা দিয়া বিজেপি সাংসদক এতিয়াও কিয় প্ৰশ্ন কৰা নাই
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 2:12 PM IST

নিউজ ডেস্ক, ২০ ডিচেম্বৰ : সংসদৰ নিৰাপত্তা উলংঘনক লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰলৈ কংগ্ৰেছৰ প্ৰশ্ন, বিজেপি সাংসদ প্ৰতাপ সিঙক এতিয়ালৈকে কিয় প্ৰশ্ন কৰা হোৱা নাই । ১৩ ডিচেম্বৰৰ ঘটনাৰ এসপ্তাহ পিছতো তেওঁক কিয় এই বিষয়ত সোধা-পোছা কৰা নাই বুলি বুধবাৰে প্ৰশ্ন উত্থাপন কৰে । উল্লেখ্য যে লোকসভাত দুয়োজন অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছিল বিজেপি সাংসদ প্ৰতাপ সিঙে ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্সৰ এটা পোষ্টত এই প্ৰশ্ন কৰিছে; "লোকসভাত অতি গুৰুতৰ নিৰাপত্তা উলংঘনে দেশবাসীক হতবাক কৰাৰ ঠিক এসপ্তাহ হ'ল । প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষই কয় যে তদন্ত আৰম্ভ হৈছে । সেয়া হওক । কিন্তু এইটো কিয় হৈছে যে ঘটনাৰ সাত দিনৰ পাছতো বিজেপি সাংসদ প্ৰতাপ সিং, যিয়ে দুয়োজন অনুপ্ৰৱেশকাৰীক লোকসভাত প্ৰৱেশকৰাত সহায় কৰিছিল তেওঁক এতিয়ালৈকে প্ৰশ্ন কৰা হোৱা নাই ?"

কংগ্ৰেছৰ সাংসদজনে ইয়াক এক অতি উদ্ভট পৰিস্থিতি বুলিও বৰ্ণনা কৰিছে । কিয়নো অনুপ্ৰৱেশকাৰীসকলক সন্ত্ৰাসবাদ-বিৰোধী আইন ইউএপিএৰ অধীনত অভিযুক্ত কৰা হৈছে । ইফালে ১৩ ডিচেম্বৰৰ ঘটনা সন্দৰ্ভত সংসদত গৃহমন্ত্ৰীয়ে বিবৃতি দিয়াৰ মৌলিক, পোনপটীয়া আৰু সম্পূৰ্ণ বৈধ দাবী কৰাৰ বাবে ইণ্ডিয়া মিত্ৰজোঁটৰ ১৪২ গৰাকী সাংসদক বহিষ্কাৰ কৰা হৈছে । তেওঁ কয় ।

উল্লেখ্য যে মঙলবাৰে লোকসভাৰ পৰা আৰু ৪৯ গৰাকী সাংসদক বহিষ্কাৰ কৰাৰ এদিন পিছতে কেন্দ্ৰৰ ওপৰত কংগ্ৰেছ দলে তীব্ৰ আক্ৰমণ কৰে । যাৰ ফলত সংসদত বহিষ্কৃত সাংসদৰ মুঠ সংখ্যা ১৪১ গৰাকী হয় ।

বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে সাংসদসকলক বহিষ্কৰণক অগণতান্ত্ৰিক বুলি অভিহিত কৰে আৰু শুকুৰবাৰে দেশজুৰি চৰকাৰ-বিৰোধী প্ৰতিবাদৰ আহ্বান জনাইছে । ইফালে চৰকাৰে কৈছে যে বহিষ্কৃত সাংসদসকলে লোকসভাৰ অধ্যক্ষ, ৰাজ্যসভাৰ অধ্যক্ষ আৰু দেশৰ সংসদৰ প্ৰতিষ্ঠানক অপমান কৰাৰ বাবে ব্যৱস্থাৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক :সাংসদক বহিষ্কৰণৰ অভিপ্ৰায়ৰ ওপৰত প্ৰশ্ন ছোনিয়া গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.