ETV Bharat / bharat

NDA Vice President Candidate Jagdeep Dhankhar : কোন এইগৰাকী জগদীপ ধনখৰ ? - কোন এইগৰাকী জগদীপ ধনখৰ

এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জগদীপ ধনখৰে (BJP Vice President candidate) ১৯৮৯ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু সেই বছৰেই ৰাজস্থানৰ ঝুনঝুনুৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল । ১৯৯০ চনত কেন্দ্ৰীয় মন্ত্ৰী হৈছিল । বৰ্তমান পশ্চিমবংগৰ ৰাজ্যপাল ধনখৰ ।

NDA Vice President Candidate Jagdeep Dhankhar
কোন এইগৰাকী জগদীপ ধনখৰ
author img

By

Published : Jul 17, 2022, 2:24 PM IST

নেশ্যনেল ডেস্ক,১৭ জুলাই : দেশৰ বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকাইয়া নাইডুৰ কাৰ্যকাল ১০ আগষ্টত শেষ হ'ব । পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ (Vice Presidential Election 2022) মনোনয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ তাৰিখ হৈছে ১৯ জুলাই ।ইতিমধ্যে বিজেপিয়ে ঘোষণা কৰিছে এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম (BJP Vice President candidate) ৷ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আনুষ্ঠানিকভাৱে ঘোষণা কৰা মতে এন ডি এ প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব পশ্চিমবংগৰ বৰ্তমানৰ ৰাজ্যপাল জগদীপ ধনখৰ ।

জগদীপ ধনকাৰ ২০১৯ চনৰ জুলাই মাহত পশ্চিমবংগৰ ৰাজ্যপাল হৈছিল (West Bengal Governor Jagdeep Dhankhar)। তেতিয়াৰে পৰা মমতা বেনাৰ্জী চৰকাৰৰ সৈতে সঘনাই বিবাদত থকা ধনখৰ চৰ্চাত আছিল । পেছাত এগৰাকী অধিবক্তা জগদীপ ধনখৰে ১৯৮৯ চনত ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু সেই বছৰেই ৰাজস্থানৰ ঝুনঝুনুৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু ১৯৯০ চনত তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল ।

ৰাজস্থান উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত অনুশীলন কৰা ধনখৰক ১৯৯০ চনত জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হৈছিল । সেই বছৰতে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হৈছিল । তেওঁ ১৯৯৩ চনৰ পৰা ১৯৯৮ চনলৈ কিষাণগড় সমষ্টিক প্ৰতিনিধিত্ব কৰি ৰাজস্থান বিধান সভাৰ সদস্য আছিল । অধিবক্তাৰ পৰা ৰাজনীতিবিদ হোৱা ধনখৰক ২০১৯ চনৰ জুলাই মাহত পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল । তেতিয়াৰ পৰাই ৰাজ্যখনৰ শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছৰ সৈতে এক অস্থিৰ সম্পৰ্ক বজাই ৰখা দেখা গৈছে ধনখৰক ।

টিএমচি নেতৃত্বই প্ৰায়ে তেওঁক 'বিজেপিৰ এজেণ্ট' হিচাপে আখ্যা দি আহিছে (Clash between TMC and Governor Jagdeep Dhankhar)। আনহাতে ৰাজ্যখনৰ গেৰুৱা বাহিনীয়ে তেওঁক সাংবিধানিক নিয়মৰ ৰক্ষাকৱচ হিচাপে বিবেচনা কৰে । ধনখৰে দাবী কৰা মতে তেওঁ মমতা বেনাৰ্জী চৰকাৰ আৰু ৰাজ্যিক আইন সভালৈ বিষয়বোৰ নিয়ম পুস্তিকা আৰু সংবিধান অনুসৰি আঙুলিয়াই দিছিল ।

ধনখৰ আৰু শাসকীয় দলৰ মাজত হোৱা বিদ্বেষৰ ফলত প্ৰায়ে ৰাজ্যখনত নিৰ্বাচনোত্তৰ হিংসাৰ পৰা আৰম্ভ কৰি অসামৰিক আমোলাতন্ত্ৰ আৰু চৰকাৰী বিশ্ববিদ্যালয়সমূহৰ কাম-কাজত হস্তক্ষেপৰ উপৰিও সদনত গৃহীত বিধেয়কসমূহত সন্মতি দিয়াত পলম হোৱালৈকে ইজনে সিজনৰ ওপৰত অভিযোগ উত্থাপন কৰাৰ ফলত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয় ।

পূৰ্বে ৰাজনীতিলৈ নহাৰ কথা কোৱা ধনখৰে জয়পুৰৰ মহাৰাজা মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক আৰু ১৯৭৮-৭৯ চনত জয়পুৰ বিশ্ববিদ্যালয়ৰ পৰা এলএলবি ডিগ্ৰী লাভ কৰিছিল । ১৯৫১ চনত জন্ম গ্ৰহণ কৰা ধনখৰে ঝুনঝুনুৰ কিথানা গাঁৱৰ চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত সম্পূৰ্ণ মেধা বৃত্তিৰে চিতোৰগড়ৰ সৈনিক স্কুলত শিক্ষা গ্ৰহণ কৰিছিল । তেওঁ সুদেশ ধনখৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ এগৰাকী কন্যা সন্তান আছে ।

লগতে পঢ়ক : Vice President Election 2022: জগদীপ ধনখৰ হ’ব এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.