নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী: 2022 বৰ্ষত ইণ্ডোনেছিয়াৰ বালিত G20 সন্মিলন অনুষ্ঠিত হোৱাৰ পিচত এইবৰ্ষত ভাৰতৰ সভাপতিত্বত অনুষ্ঠিত হৈছে G20 সন্মিলন ৷ কিন্তু প্ৰকৃততে কি এই G20 সন্মিলন ? এই সন্মিলনৰ তাৎপৰ্য আৰু গুৰুত্ব কি ? G20 সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্য কি ?(What is G20 Summit)
G20 বা Group of 20 হৈছে বিশ্বৰ 20খন বৃহৎ দেশৰ অৰ্থনীতিৰ মঞ্চ যি বিশ্ব অৰ্থনীতিত সন্মুখীন হোৱা সমস্যাকে ধৰি, গোলকীয় উষ্ণতা বৃদ্ধি, সন্ত্ৰাসবাদ নিৰ্মূলকৰণ, বহনক্ষম উন্নয়ন আদি বিষয়ৰ ওপৰত আলোচনা কৰে ৷ G20ৰ অন্তৰ্গত সদস্য 20 খন দেশ হ’ল- আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, ইণ্ডোনেছিয়া, ইটালী, জাপান, দক্ষিণ কোৰিয়া, মেক্সিকো, ৰাছিয়া, চৌদি আৰৱ, দক্ষিণ আফ্ৰিকা, তুৰ্কী, ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইউৰোপীয়ান ইউনিয়ন(G20 member countries) । ইয়াৰ উপৰিও G20ৰ অতিথি ৰাষ্ট্ৰসমূহ হৈছে বাংলাদেশ, ইজিপ্ত, নেদাৰলেণ্ড, নাইজেৰিয়া, ওমান, মৰিচাছ, চিংগাপুৰ, স্পেইন আৰু ইউ এ ই(UAE) ৷
বিশ্বৰ অৰ্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষকৈ এছিয়া মহাদেশৰ বিত্তীয় সংকটৰ পিচত 1999 চনত G20 গঠন কৰা হৈছিল ৷ 2008 চনৰ পৰা প্ৰতিবছৰে অতি কমেও এবাৰকৈ সদস্য দেশসমূহত G20 সন্মিলন অনুষ্ঠিত হৈ আহিছে ৷ এই সন্মিলনত প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ বিত্ত মন্ত্ৰীকে ধৰি অন্যান্য উচ্চ পদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে ৷
আনহাতে ইউৰোপীয়ান ইউনিয়নৰ অন্তৰ্গত দেশমূহক প্ৰতিনিধিত্ব কৰে ইউৰোপীয় কেন্দ্ৰীয় বেংকে ৷ উল্লেখ্য যে, প্ৰতিবছৰেই G20 ৰ সভাপতিৰ দায়িত্ব হস্তান্তৰ কৰা হয় ৷ G20ৰ সদস্য ৰাষ্ট্ৰসমূহে গোলকীয় জি ডি পিৰ 85 শতাংশ, গোলকীয় বাণিজ্যৰ 75 শতাংশ আৰু বিশ্বৰ মুঠ জনসংখ্যাৰ দুই-তৃতীয়াংশক প্ৰতিনিধিত্ব কৰে ৷
চমুকৈ G20 হৈছে এখন বছৰজোৰা বৈঠক য’ত সকলো সদস্যই একত্ৰিত হৈ বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক বিষয়বোৰৰ ওপৰত বিশ্বব্যাপী পৰিকাঠামো কেনেদৰে বিকশিত কৰিব পাৰি সেই বিষয়ে বিশদ আলোচনা কৰে আৰু সমস্যাসমূহ সমাধানৰ পথ প্ৰশস্ত কৰে ৷ G20ৰ মূল উদ্দেশ্য হৈছে- বিশ্বব্যাপী অৰ্থনৈতিক স্থিৰতা আৰু বহনক্ষম বিকাশৰ বাবে ইয়াৰ সদস্যসকলৰ মাজত সমন্বয় স্থাপন কৰা, অৰ্থনৈতিক বিপদাশংকা হ্ৰাস কৰা আৰু ভৱিষ্যতৰ বিত্তীয় সংকট প্ৰতিৰোধ কৰিবলৈ বিত্তীয় নিয়মাৱলীৰ প্ৰচাৰ কৰা আৰু বিশ্বৰ অৰ্থব্যৱস্থাৰ আধুনিকীকৰণ কৰা(Objectives of G20 Summit) ৷
ইতিমধ্যেই উল্লেখ কৰা হৈছে যে, প্ৰতিবছৰে G20ৰ সভাপতিত্ব হস্তান্তৰ কৰা হয় আৰু 2023 বৰ্ষত ইয়াৰ দ্বায়িত্ব লাভ কৰিছে ভাৰতে(G20 Summit in India) ৷ এই বৰ্ষৰ ডিচেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’ব G20ৰ 18 সংখ্যক সন্মিলন ৷ যাৰ বাবে ইতিমধ্যেই দেশৰ বিভিন্ন স্থাপন G20ৰ বাবে অনুষ্ঠিত হৈছে বৈঠক ৷ তাৰ অংশ স্বৰূপে গুৱাহাটী আৰু ডিব্ৰুগড়তো অনুষ্ঠিত কৰা হৈছে G20 বৈঠক(G20 in Guwahati) ৷
2022 বৰ্ষৰ ডিচেম্বৰ আৰু 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ মাজত বৈঠক অনুষ্ঠিত হোৱা বা হ’ব লগা স্থানসমূহ হ’ল বেংগালুৰু, চণ্ডিগড়, চেন্নাই, গুৱাহাটী, ইন্দোৰ, যোধপুৰ, খাজুৰাহো, কলকাতা, লক্ষ্ণৌ, মুম্বাই, পুনে, চুৰাট, তিৰুৱন্তপুৰম আৰু উদয়পুৰ ৷ এক বিশ্ব, এক পৰিয়াল আৰু এক ভৱিষ্যত থীমেৰে ভাৰতে এইবাৰ অনুষ্ঠিত কৰিছে G20 সন্মিলন ৷
লগতে পঢ়ক: G20 summit 2023 : গুৱাহাটীক নতুন ৰূপত সজাই তোলাৰ প্ৰয়াস চৰকাৰৰ