ETV Bharat / bharat

কি পৰিস্থিতিত বিজেপি ত্যাগ কৰিছিল কল্যাণ সিঙে?

author img

By

Published : Aug 22, 2021, 8:34 AM IST

বিজেপিৰ বহু কেন্দ্ৰীয় নেতাই "বহিৰাগত" আখ্যা দিলেও উত্তৰ প্ৰদেশত বিজেপিৰ উত্থান-পতনৰ আঁৰত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ প্ৰভাৱ কোনেও অস্বীকাৰ কৰিব নোৱাৰে । কেইবাগৰাকীও ৰাজনৈতিক বিশ্লেষকৰ মতে, কল্যাণ সিঙে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত পুনৰ যোগদান কৰাৰ পাছত উত্তৰ প্ৰদেশত বিজেপিয়ে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সক্ষম হৈছিল ।

Uttar Pradesh former chief minister Kalyan Singh
উত্তৰ প্ৰদেশত বিজেপিৰ ওপৰত কল্যাণ সিঙৰ পদত্যাগৰ প্ৰভাৱ

নেশ্যনেল ডেস্ক, 22 আগষ্ট : এসময়ত উত্তৰ প্ৰদেশত ভাৰতীয় জনতা পাৰ্টী (Bharatiya Janata Party) প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ বাবে জনাজাত আছিল । কিন্তু ১৯৯৯ চনত এন এক সংকট আহিছিল, যাৰ পৰিণতিত কেইটামান ঘটনাক লৈ বিবাদ আৰম্ভ হৈছিল । পৰিণতিস্বৰূপে কল্যাণ সিঙে গেৰুৱা দল ত্যাগ কৰিবলৈ বাধ্য হৈছিল । ২০১২ চনত কল্যাণ সিং নেতৃত্বাধীন জন ক্ৰান্তি পাৰ্টীয়ে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু বিজেপিক দলটোৱে শক্তিশালী প্ৰতিদ্বন্দ্বী হোৱাৰ স্পষ্ট ইংগিত দিছিল ।

১৯৯১ চনৰ পিছত বিজেপিয়ে ২০১২ চনৰ উত্তৰ প্ৰদেশ নিৰ্বাচনত বিজেপিয়ে আটাইতকৈ কম আসন লাভ কৰিছিল । বিজেপি(BJP)য়ে মাত্ৰ ৪৭ খন আসন লাভ কৰিছিল । আনহাতে কল্যাণ সিঙৰ দলেও আশা কৰা ধৰণে ভোট লাভ কৰা নাছিল । এই শোচনীয় অৱস্থাৰ পাছত বিজেপি আৰু কল্যাণ সিঙে পৰস্পৰৰ শক্তি উপলব্ধি কৰে । অৱশেষত ২০১৩ চনত সেই সময়ত উত্তৰ প্ৰদেশ বিজেপিৰ দায়িত্বত থকা অমিত শ্বাহে এই বিষয়ত হস্তক্ষেপ কৰাৰ পাছত কল্যাণ সিঙে পুনৰ এবাৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিলৈ উভতি অহাৰ কথা ঘোষণা কৰে ।

২০১৪ চনৰ নিৰ্বাচনত দুয়োটা দলৰ জয় লাভৰ সম্ভাৱনা পুনৰ প্ৰবল হৈ উঠে । ২০১৪ চনৰ নিৰ্বাচনত বিজেপিয়ে উত্তৰ প্ৰদেশৰ ৰাজনৈতিক ইতিহাসত চমক দেখুৱাবলৈ সক্ষম হয় । বিজেপি আৰু সহযোগী আপনা দলে(Apna Dal) ২০১৪ চনৰ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ৮০ খন লোকসভা আসনৰ ভিতৰত ৭৩ খন আসন নিজৰ দখললৈ আনে ।

লগতে পঢ়ক: কল্যাণ সিং আৰু বাবৰি মছজিদ ধ্বংসৰ এক কাহিনী

ইয়াৰ ভিতৰত বিজেপিয়ে অকলে ৭১ খন আসন লাভ কৰিছিল । ইয়াৰ পাছত ২০১৪ চনত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন কৰা হয় । ২০১৭ চনৰ নিৰ্বাচনতো বিজেপি পুনৰ ক্ষমতালৈ আহে । আনহাতে, ৰাজনৈতিক বিশ্লেষক বিজয় শংকৰ পংকজ(Vijay Shankar Pankaj)ৰ মতে, ৰাম মন্দিৰ আন্দোলনেই কল্যাণ সিঙক শক্তিশালী কৰি তুলিছিল আৰু তেওঁ পূৰ্বৰ নেতাসকলক অযোগ্য বুলি বিবেচনা কৰিবলৈ আৰম্ভ কৰিছিল । বিজয় শংকৰ পংকজে লগতে কয়, কল্যাণ সিঙৰ নিজৰ দলৰে বহু নেতাৰ সৈতে সু-সম্পৰ্ক নথকাৰ ফলত মতানক্য বৃদ্ধি হ'বলৈ আৰম্ভ কৰে ।

মায়াৱতীয়ে উত্তৰ প্ৰদেশৰ শাসনৰ বাঘজৰী বিজেপিৰ হাতলৈ স্থানান্তৰ কৰিবলৈ অনিচ্ছুক আছিল । কিয়নো, তেওঁলোকে বিজেপিক অতি চতুৰ আৰু সকলোতে নিজৰ দখল ৰাখিব বিচৰা চৰকাৰ হিচাপে গণ্য কৰিছিল । বিজয় শংকৰ পংকজে কয় যে, কল্যাণ সিঙৰ এক ভুল ধাৰণা হৈছিল যে, বিজেপি তেওঁৰ নিজৰ দল বুলি ভাবিছিল । কেন্দ্ৰীয় নেতা আৰু কল্যাণ সিঙৰ মাজৰ বিবাদে পাছত তেওঁক বিজেপি ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল ।

ইয়াৰ ফলত, বিজেপি আৰু কল্যাণ সিং দুয়োৰে কেৱল লোকচানহে হৈছিল । ক্ৰমান্বয়ে বাঢ়ি অহা বিভেদৰ বাবে কল্যাণ সিং বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল । আনকি তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক দলৰ ত্ৰুটিবোৰ লুকুৱাবলৈ ৰখা কেৱল বিজেপিৰ মুখা বুলি অভিহিত কৰিছিল । বিজেপি ত্যাগ কৰাৰ পিছত কল্যাণ সিঙে জনক্ৰান্তি দল গঠন কৰে আৰু ২০০২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে ।

এই নিৰ্বাচনত ৮৮ খন আসন লাভ কৰাৰ পাছত বিজেপিয়ে যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল । ইফালে, ২০০২ চনৰ উত্তৰ প্ৰদেশ নিৰ্বাচনত সমাজবাদী পাৰ্টীয়ে ১৪৩ খন, বিএছপিয়ে ৯৮ খন, কংগ্ৰেছে ২৫খন, আৰ এল ডিয়ে ১৪খন আসন আৰু কল্যাণ সিঙৰ দলে মাত্ৰ চাৰিখন আসন লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ পাছত কল্যাণ সিঙে পুনৰ বিজেপিত যোগদান কৰে । কিন্তু তেওঁ গেৰুৱা দলটোলৈ উভতি অহাৰ লগে লগে দলত বিভেদ বৃদ্ধি পায় ।

কল্যাণ সিঙে নিজকে দলৰ এজন পুৰণি আৰু জ্যেষ্ঠ সদস্য বুলি ভাবিছিল । লগতে তেওঁ নিজৰ চৰ্ত অনুসৰি বিজেপি দলটোক চলাই নিবলৈ চেষ্টা কৰি আছিল । কিন্তু দলৰ বহু প্ৰভাৱশালী নেতাই তেওঁক 'বহিৰাগত' বুলিহে আখ্যা দিছিল । ২০০৭ চনত বিজেপিয়ে বিধানসভা নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰা নাছিল আৰু মাত্ৰ ৫১ খন আসন লাভ কৰিছিল ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ দেহাৱসান

বহুজন সমাজবাদী পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাত সফল হৈছিল আৰু মায়াৱতী উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল । ইয়াৰ পাছতে বিজেপি আৰু কল্যাণ সিঙে পুনৰ নিজৰ পথ পৃথক কৰে ৷ পৰৱৰ্তী সময়ত ২০০৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কল্যাণ সিঙে মূলায়ম সিং যাদৱৰ সৈতে মিত্ৰতাৰ সম্পৰ্ক স্থাপন কৰে । এই নিৰ্বাচনত কল্যাণ সিঙে ইটাহৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল । কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁক মূলায়ম সিঙৰ সৈতে সমাজবাদী পাৰ্টীৰ হৈ প্ৰচাৰ চলোৱাহে দেখা গৈছিল ।

কিন্তু নিৰ্বাচনত মাত্ৰ ২৪ খন আসন লাভ কৰাৰ পাছতে মূলায়ম সিং যাদৱে নিজকে কল্যাণ সিঙৰ পৰা আঁতৰাই ৰাখিছিল । ইয়াৰ বিপৰীতে ২০০৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মুখথেকেচা খাবলগীয়া হৈছিল । ২০১২ চনৰ বিধানসভা নিৰ্বাচনতো বিজেপিয়ে আটাইতকৈ ডাঙৰ ক্ষতিৰ সন্মুখীন হৈছিল । কিয়নো, কল্যাণ সিঙে জন ক্ৰান্তি পাৰ্টীৰ ২০০ৰো অধিক প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰি বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপত যুঁজ দিবলৈ সাজু হৈছিল । অৱশ্যে, তেওঁৰ দলে এই নিৰ্বাচনতো কোনো সফলতা লাভ কৰা নাছিল ।

কিন্তু তেওঁ বিজেপিক ৫০ খনৰো কম আসনতে সন্তুষ্ট থাকিবলৈ বাধ্য কৰাইছিল । নিৰ্বাচনত বিজেপিয়ে ৪৭ খন আসন লাভ কৰিছিল । এই নিৰ্বাচনত ৰাইজে সমাজবাদী পাৰ্টীক শাসনলৈ অহাৰ সুযোগ দিছিল । সংখ্যাগৰিষ্ঠতা লাভ কৰি অখিলেশ যাদৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে ।

কল্যাণে সিঙে দল ত্যাগ কৰাৰ পাছত বিজেপিৰ বাবে এয়াক একপ্ৰকাৰৰ ডাঙৰ আঘাত আছিল । জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষক পি এন দ্বিবেদীয়ে কয় যে, ২০১২ চনৰ বিধানসভা নিৰ্বাচনত কল্যাণ সিং আৰু ভাৰতীয় জনতা পাৰ্টী দুয়োৰে সমীকৰণ ভুল প্ৰমাণিত হৈছিল । তেওঁ লগতে কয় যে, কল্যাণ সিঙে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান কৰে ।

এয়া কাকতালীয় হ'ব পাৰে, কিন্তু তেতিয়াৰে পৰা বিজেপিয়ে ধাৰাবাহিকভাৱে উত্তৰ প্ৰদেশৰ ৰাজনীতিত নিজৰ দখল স্পষ্ট কৰিবলৈ আৰম্ভ কৰিছে । কল্যাণ সিং লোধ সম্প্ৰদায়ৰ লোক । উত্তৰ প্ৰদেশত যথেষ্ট সংখ্যক লোধ সম্প্ৰদায়ৰ লোক আছে আৰু এই লোকসকলে কল্যাণ সিঙক তেওঁলোকৰ নেতা হিচাপে গণ্য কৰে বুলি দ্বিবেদীয়ে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: ১০ দিনীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে সাজু বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.