ETV Bharat / bharat

West Bengal violence: হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ উপলক্ষে কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশনা কলকাতা উচ্চ ন্যায়ালয়ৰ

হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ উপলক্ষে সষ্টম হৈছে কলকাতা উচ্চ ন্যায়ালয় (Hanuman Jayanti procession) ৷ ৰাজ্যখনত কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হ’ব নোৱাৰাকৈ কটকটীয়া কেন্দ্ৰীয় বাহিনী মোতায়েনৰ লগতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ নিৰ্দেশনা জাৰি কৰিছে উচ্চ ন্যায়ালয়ে (Calcutta HC orders requisition Central forces)৷

Calcutta High Court orders to have state police and central forces for Hanuman Jayanti processions
হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ উপলক্ষে কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশনা
author img

By

Published : Apr 5, 2023, 10:12 PM IST

নেশ্যনেল ডেস্ক, 5 এপ্ৰিল: শেহতীয়াকৈ কলকাতাৰ হাওৰাত ৰাম নৱমীৰ শোভাযাত্ৰাত হাওৰাৰ সন্ধ্যা বজাৰৰ সমীপত ৰাম নৱমী শোভাযাত্ৰাত বোমা বিস্ফোৰণৰ লগতে অংশগ্ৰহণকাৰীলৈ কাঁচৰ বটল নিক্ষেপ কৰা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল (Violence at Ramnavami procession)। এই ঘটনাত প্ৰায় 15 জন অংশগ্ৰহণকাৰী আহত হৈছিল (Ramnavami procession at Howra)৷ ইয়াৰ পিচতেই অঞ্জনী পুত্ৰ সেনাৰ অংশগ্ৰহণকাৰীসকলে বিভিন্ন স্থানত জুই জ্বলাই প্ৰতিবাদ আৰম্ভ কৰিছিল ৷

কাইলৈ হনুমান জয়ন্তী (Hanuman Jayanti )৷ হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ উপলক্ষে কলকাতাত কটকটীয়া নিৰাপত্তাৰ নিৰ্দেশনা জাৰি কৰিছে কলকাতা উচ্চ ন্যায়ালয়ে ৷ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে (Opposition Leader Suvendu Adhikari ) ৰামনৱমীৰ শোভাযাত্ৰাত সংঘটিত ঘটনাৰ পিছত হনুমান জয়ন্তীত যাতে পুনৰ উত্তেজনামূলক ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে আদালতত আবেদন জনাইছিল ৷ এতিয়ালৈ আদালতত হনুমান জয়ন্তী উপলক্ষে উলিওৱা শোভাযাত্ৰাৰ বাবে ৰাজ্যখনৰ পৰা মুঠ ২০০০ আবেদন প্ৰাপ্ত হৈছে (Hanuman Jayanti procession)৷

ইয়াৰ পিচতে বুধবাৰে কলকাতা কলিকতা উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে হনুমান জয়ন্তীৰ বাবে কিছুমান নতুন ব্যৱস্থা গ্ৰহণ কৰি এক নিৰ্দেশনা জাৰি কৰি কয় যে, আৰক্ষীয়ে হনুমান জয়ন্তীৰ শোভাযাত্ৰাত অংশগ্ৰহণকাৰীৰ সংখ্যা নিৰ্দিষ্ট কৰিব ৷ যিকোনো বিভ্ৰান্তি প্ৰতিহত কৰিবলৈ শোভাযাত্ৰাৰ পথ সংক্ষিপ্ত কৰা হ'ব (Calcutta HC orders requisition Central forces)৷

আৰক্ষী স্বেচ্ছাসেৱকসকলৰ ভূমিকা নিৰ্দিষ্ট কৰা হ’ব ৷ জন প্ৰতিনিধিসকলে পৰিস্থিতিৰ অৱনতি ঘটা কোনোধৰণৰ বিতৰ্কিত মন্তব্য নকৰাটো অতিকৈ গুৰুত্বপূৰ্ণ (Central forces during Hanuman Jayanti ) ৷ ৰাজপথত চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব ৷ চহৰখনত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হ’ব (West Bengal violence) ৷

ইয়াৰোপৰি পদযাত্ৰা কৰিব লগীয়া ব্যক্তি আৰু সংগঠনবোৰে ঘোষণা কৰিব লাগিব যে তেওঁলোকে যেন কোনো ধৰণে শান্তি-শৃংখলা বিঘ্নিত নকৰে ৷ শোভাযাত্ৰাত অংশগ্ৰহণকাৰীৰ সংখ্যাও অৱগত কৰিব লাগে যাতে আৰক্ষীয়ে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিবলৈ সাজু থাকিব পাৰে ৷ শোভাযাত্ৰা কেতিয়া আৰু ক'ত আৰম্ভ হৈছে, কেতিয়া আৰু ক'ত শেষ হ'ব সেয়াও আগতীয়াকৈ ঘোষণা কৰিব লাগিব ৷ অতি সংবেদনশীল অঞ্চলবোৰত বেৰিকেডৰ ব্যৱস্থা কৰিব লাগিব৷ আৰক্ষীক সহায় কৰিবলৈ শোভাযাত্ৰাত স্বেচ্ছাসেৱক থাকিব লাগিব ৷

উল্লেখ্য যে এই সন্দৰ্ভত এডভোকেট জেনেৰেলে কয় যে, ৰাজ্যখনত পূৰ্বতে ৰামনৱমী আৰু হনুমান জয়ন্তীৰ শোভাযাত্ৰা খুব কমেই হৈছিল ৷ কিন্তু যোৱা 5 বছৰত শোভাযাত্ৰাৰ সংখ্যা বৃদ্ধি পাইছে ৷ বহুতো অজ্ঞাত ধৰ্মীয় সংগঠনে শোভাযাত্ৰাৰ পৰিচালনা কৰিছে ৷ এই ধৰ্মীয় সংগঠনসমূহে শোভাযাত্ৰাৰ 15 দিনৰ পূৰ্বে আৰক্ষীক অৱগত কৰিব লাগে ৷

লগতে পঢ়ক: Violence at Ramnavami: হাওৰাত ৰাম নৱমীৰ সমদলত দুৰ্বৃত্তৰ আক্ৰমণ

আনহাতে কাৰ্যকৰী মুখ্য ন্যায়াধীশে কয় যে, "ৰাম নৱমীৰ পৰিস্থিতিৰ পিচত এনেকুৱা ঘটনাৰ যে পুনৰাবৃত্তি নহ’ব তাক আমি কেনেদৰে আশ্বাস দিব পাৰোঁ ৷ আমি আছো!" অধিবক্তা প্ৰিয়ংকা টিব্ৰুৱালে অভিযোগ উত্থাপন কৰি কয় যে , "মুখ্যমন্ত্ৰীয়ে কিছুমান সম্প্ৰদায়ৰ বিৰুদ্ধে বাৰে বাৰে কিছু আপত্তিজনক মন্তব্য কৰি আহিছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰিাটো শোভা নাপায় ৷ আদালতে অতি সোনকালে এই সকলোবোৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া উচিত ৷"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.